আঘোণ মাহ মানেই অসমীয়া জনজীৱনত এক গুৰুত্বপূৰ্ণ মাহ আৰু আঘোণ অবিহনে অসমত চহা জীৱনৰ কথা কল্পনা কৰিব নোৱাৰি । কিয়নো আঘোণ মাহতে বাৰিষা কালত প্ৰখৰ ৰদত কপালৰ ঘাম মাটিত পেলাই কৰা খেতিৰ ধান কটা বা চপোৱা হয়। দাবণীৰে পথাৰ ভৰি পৰে আৰু এক কথাত পথাৰত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় । ইফালে ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতি পথাৰ সমূহ বিগত দিন কেইটাত ধান কটা , কটা ধান কান্ধত ভাৰ বান্ধি ঘৰলৈ নিয়া ,আদি দৃশ্যই সকলোকে আকৰ্ষণ কৰিছে । এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ উদীয়মান কৃষক আৰু দেউচতালৰ নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপী , ৰাণীৰ পুৰাণ শুকুৰবৰীয়াৰ দীনেশ নাথকে ধৰি কেবাজনো কৃষকে জানিবলৈ দিয়া মতে ইতিমধ্যে বেছিভাগ কৃষকৰ ধান কটা শেষ হৈছে । এতিয়া মাথোঁ কটা ধান ঘৰলৈ নিয়া আৰু ঘৰত মৰণা মৰা পৰ্ব চলি আছে । ৰাণীৰ বন বিভাগ আৰু ৰাইজৰ যৌথ প্ৰচেষ্টাৰত হাতীৰ উপদ্ৰপৰ পৰা ধানখিনি ৰক্ষা কৰিব পৰাৰ পাছত কৃষক ৰাইজে শান্তিৰে বছৰটোৰ বাবে লখিমীক ভঁৰালত ৰাখিবলৈ সাজু হৈছে। আনকি কিছু সংখ্যক কৃষকে মৰণা মৰা পৰ্ব শেষ হোৱাৰ পাছত নতুন ধানৰ চাউলৰে পৰম্পৰাগত ভাৱে ‘ন-খোৱা’ৰ বাবে সাজু হৈছে ।

পেণ্ডেলৰ ব্যৱসায়ে স্বাৱলম্বী হোৱা এজন যুৱকৰ কথাৰে
বন্ধন বেংকৰ ঋণ লৈ ডিজিটেল পেণ্ডেলৰ ব্যৱসায় কৰি স্বাৱলম্বী হ’ল বিহালীৰ নিবনুৱা যুৱক নিৰ্মল গোৱালা।বিশ্বনাথ জিলাৰ বালিপুখুৰী এজন শিক্ষিত যুৱকে চৰকাৰী চাকৰি মোহ ত্যাগ কৰি ডিজিটেল পেণ্ডেলৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হৈ পৰিছে।
প্ৰথম পৰ্যায়ত তেখেতে খেতি পথাৰ কৰি সৰুকৈ এখন গেলামালৰ দোকান আৰম্ভ কৰিছিল।বৰ্তমান সময়ত ডিজিটেল প্ৰাধান্য সকলোতে আছে।সেয়েহে তেওঁ সময়ৰ লগত খোজ মিলাই নতুনকৈ আৰম্ভ কৰিছে ডিজিটেল পেণ্ডেল।
এই ডিজিটেল পেণ্ডেল বিশ্বনাথত আৰম্ভ কৰা প্ৰথমজন ব্যক্তি হৈছে গোৱালা।মাত্ৰ দুহেজাৰ টকাৰে আৰম্ভ কৰি আজি তাৰিখত প্ৰায় পাঁচ লাখ টকা ব্যৱসায় কৰিবলৈ সক্ষম হোৱা লগতে বিশ জন লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে ব্যক্তি গৰাকীয়ে।
ভিউৱাছৰ মতামত