যি সময়ত পেলনীয়া প্লাষ্টিকৰ বাবে পৰিবেশ প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰিছে,সমগ্ৰ দেশতে প্লাষ্টিকৰ কেৰী বেগ, বটল নিষিদ্ধ কৰিব লগীয়া হৈছে, তেনে সময়তে পেলনীয়া প্লাষ্টিকক সদব্যৱহাৰ কৰি শোভাবৰ্ধন কৰিছে এখন বিদ্যালয়ে । বিশেষকৈ বৰ্তমান সময়ত প্লাষ্টিকৰ পেলনীয়া বটল আৰু কেৰী বেগ, কাৰ্টুনৰ থাৰ্মকল আদি জধেমধে পেলাই দিয়া ফলত ভূমি প্ৰদূষণৰ লগতে পানীৰ নলা সমূহ বন্ধ হৈ কৃত্ৰিম বান সৃষ্টিৰ মূল কাৰণ হৈ পৰিছে। আনহাতে প্লাষ্টিকৰ এই ভয়াবহ প্ৰদূষণক অন্য মাত্ৰা প্ৰদান কৰিলে মৰিয়নীৰ জংগল ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ে।জানি সুখী হ’ব যে বিদ্যালয়খনে প্লাষ্টিকৰ বটল, থাৰ্মকল, পলিথিনৰ কেৰীবেগৰ সদব্যৱহাৰ কৰি পৰিবেশ সচেতনতাৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। অসম নগালেণ্ড সীমান্তৱৰ্ত্তী জংঘলব্লক হাইস্কুলৰ শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰী মিলি পেলনীয়া প্লাষ্টিক সমূহ সংগ্ৰহ কৰি সেই প্লাষ্টিকৰ সদ ব্যৱহাৰ কৰি বিদ্যালয়ৰ চৌপাশৰ সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰিছে। উল্লেখ্য যে বিদ্যালয়ৰ শিক্ষক সকলে প্ৰত্যেক দেওবাৰে “দেওবৰীয়া চ’ৰা” নামৰ এটা অনুষ্ঠান আয়োজন কৰি ছাত্ৰ ছাত্ৰী সকলক পৰিবেশৰ প্ৰতি সচেতন কৰা লগতে এনেদৰে পেলনীয়া প্লাষ্টিকৰ বটলে জেওৰা দিয়া লগতে অৰ্কিড আৰু ফুলৰ টাব,পলিথিনৰ কেৰীবেগে ফুল তৈয়াৰ কৰিবলৈ হাতে কামে শিক্ষা দি আহিছে। আনহাতে বিদ্যালয়খনে পেলনীয়া টায়াৰ আৰু থাৰ্মকলৰ কাৰ্টুনৰো সদ ব্যৱহাৰ কৰি বিদ্যালয়ৰ সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰিছে। বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় চৌহদত দুটা প্লাষ্টিক বেংক গঢ়ি প্লাষ্টিক বোৰ গোটাই ৰাখি পিছত মৰিয়নী নগৰ সমিতিক প্ৰদান কৰি আহিছে। আনহাতে বিদ্যালয়খনৰ এই প্ৰচেষ্টাই সমগ্ৰ অঞ্চলটোতে প্লাষ্টিক প্ৰদূষণৰ প্ৰতি স্থানীয় ৰাইজকো সজাগ কৰি তুলিছে। জংঘলব্লক উচ্চ মাধ্যমিক বিদ্যালয়ে পেলনীয়া প্লাষ্টিকৰ সদ ব্যৱহাৰ কৰি বিদ্যালয় চৌহদৰ সৌন্দৰ্য্য বৰ্ধন কৰা লগতে প্লাষ্টিকৰ বাবে হোৱা ভয়াবহ পৰিবেশ প্ৰদূষণৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক সচেতন কৰি তোলা কাৰ্য নিশ্চয়কৈ অন্য বিদ্যালয়ৰ বাবেও অনুকৰণীয়।খবৰ যুগুতালে মৰিয়নিৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে ।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত