প্লাষ্টিকজাত সামগ্রীয়ে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক অৱস্থালৈ অশনি সংকেত কঢ়িয়াই অনাৰ সময়তে মাজুলীৰ এটা অংগনবাড়ী কেন্দ্র বিশেষভাৱে চৰ্চালৈ আহিছে।কিয়নো এই অংগনবাড়ী কেন্দ্রটো প্লাষ্টিকৰ বটলত বালি ভৰাই ,চিমেণ্ট মিহলি কৰি নিৰ্মাণ কৰা হৈছে।মাজুলীৰ কাকৰিকটা গাঁৱৰ ৩৯ নং অংগনবাড়ী কেন্দ্রটো প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰিছে।মাজুলী জিলা উপায়ুক্ত বিক্ৰম কৈৰীৰ উদ্যোগত প্ৰায় ৩ মাহৰ আগৰপৰা নিৰ্মাণ কাৰ্য চলি আছে।ইতিমধ্যে ৫০ শতাংশ কাম সম্পূৰ্ণ হৈছে।এইক্ষেত্ৰত পশ্চিম কাকৰিকটা ইন্দিৰা মহিলা সমিতিয়ে সহযোগ কৰিছে।জানিব পৰা মতে এই ব্যতিক্রম ধৰণৰ অঙ্গনবাদী কেন্দ্রটো চাবলৈ বহু পৰ্যটকৰ আগমন হৈছে।যি সময়ত পৰিৱেশৰ প্ৰতি সজাগ সৃষ্টি কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে সেই সময়ত প্লাষ্টিকজাত সামগ্রীৰ সৎ ব্যৱহাৰ মাজুলী জিলা প্ৰশাসনে ইতিবাচক বাৰ্তা কঢ়িয়াইছে। সংগীতা শইকীয়া

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত