আজি প্ৰকাশিত হ’ল সংযোজিত এন আৰ চিৰ তালিকা ।এন আৰ চিৰ চুড়ান্ত তালিকাত সন্নিৱিষ্ট হ’ল ৩,১১, ২১০০৪গৰাকী ব্যক্তিৰ নাম।সৰ্বমুঠ ১৯, ৬৬৫৭গৰাকী লোকৰ নাম এন আৰ চিত সন্নিৱিষ্ট হোৱা নাই ।উল্লেখযোগ্য যে এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ প্ৰায় ৫২হাজাৰ কৰ্মচাৰী নিয়োজিত হৈ আছিল।অন্তভুক্তি আৰু বাদ পৰা সবিশেষ স্থিতিৰ সম্পৰ্কে www.nrcassam.nic.inজৰিয়তে জানিব পাৰিব।

আজিৰে পৰা অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যোগ শস্যৰ প্ৰদৰ্শনী মেলা
আজিৰে পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হ’ব ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্যৰ প্ৰদৰ্শনী মেলা।অসম চৰকাৰৰ কৃষি,পশু পালন আৰু উদ্যান শস্য বিভাগৰ দ্বাৰা আয়োজিত এই মেলা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগীয়া এই মেলাখনত আলোচনা চক্ৰ কৰ্মশালা আৰু প্ৰশিক্ষণৰ কাৰ্যসূচীও অনুষ্ঠিত হ’ব। জানিব পৰা মতে ১০ খন ৰাষ্ট্ৰ হাইকমিচনাৰে এই মেখখনত ভাৰ্চুৱেল যোগে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন উদ্যমী লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভিয়েটনাম মালয়েচিয়া বিভিন্ন দেশৰ প্ৰতিনিধিও অংশগ্ৰহণ কৰিব । উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী সকলক উৎসাহ যোগোৱা উদ্দেশ্যে আৰু এই মেলাখন অনুষ্ঠিত কৰা হৈছে বুলি জানিব পৰা গৈছে।
অনুষ্ঠানত কেন্দ্ৰীয় কৃষিমন্ত্ৰী গৰাকীও অনলাইনযোগে কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা । প্ৰায় ৫ কোটি টকাৰ বাজেটেৰে আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰদৰ্শনীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰিব বুলি সংবাদ মেলত মন্ত্ৰী অতুল বৰাই জনায় ।
ভিউৱাছৰ মতামত