গ্ৰাহকসকলৰ প্ৰাপ্য অধিকাৰ বাবে সচেতন মঞ্চ কনজিউমাৰ ৰাইটচ অৰগেনাইজেচন অসমৰ ৰাজ্যিক সমিতিৰ ‘প্ৰতিষ্ঠা দিৱস’ যোৱা ২৩ জুনত গুৱাহাটীস্থিত ‘কুমাৰ ভাস্কৰ’ নাট্য মন্দিৰৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়। গ্ৰাহকসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত অৱসৰপ্ৰাপ্ত ন্যায়ধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কটকী, অৱসৰপ্ৰাপ্ত সচিব ভুপেন্দ্ৰ নাথ দাস, অসম চৰকাৰৰ খাদ্য বিশ্লেষক অনুপম গগৈ, বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ নিয়ন্ত্ৰক শচিন্দ্ৰ নাথ বৈশ্য, জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়া তপন কুমাৰ দাসৰ লগতে সংস্থাৰ বিভিন্ন জিলাৰ প্ৰতিনিধি তথা চুবুৰীয়া ৰাজ্য সমুহৰ শতাধিক বিশিষ্ট ব্যক্তিসকলৰ উপস্থিত থাকে। অনুষ্ঠানত সামগ্ৰীসমুহৰ জোখ মাখ তথা খাদ্য সামগ্ৰী বৈধ পৰিমাণ ইত্যাদিৰ ওপৰত সজাগতা বৃদ্ধি কৰা হয়। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গ্ৰাহক অধিকাৰ সম্পৰ্কে সচেতনতা সৃষ্টিৰ বাবে যোৱা ১৬ জুনত সংস্থাৰ তৰফৰ পৰা এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও ২২ জুনত এখন বাটৰ নাট অনুষ্ঠিত কৰি জনসাধৰণৰ পৰা বিপুল সহাৰি লাভ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচী ‘প্ৰতিষ্ঠা দিৱস’ত পৰিবেশন কৰি উপস্থিত লোকসকলক আপ্লুত কৰে।

গুৱাহাটীত উপস্থিত হ’ল নিৰ্বাচন আয়োগৰ দল
সমাগত ২০২১ চনৰ বিধানসভা নির্বাচন৷ৰাজ্যত ইতিমধ্যে নিৰ্বাচনৰ প্ৰৰস্তুতি আৰম্ভ হৈছে।ইয়াৰ সমান্তৰালভাৱে নির্বাচন যাতে সুকলমে আৰু শান্তিপূর্ণভাৱে সৰ্মাপন হয় তাৰ বাবে দেশৰ নির্বাচন আয়োগে যাৱতীয় প্রস্তুতি অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ নির্বাচন আয়োগৰ এটা উচ্চস্তৰীয় দলে অসমত উপস্থিত হৈ নির্বাচনৰ প্রাৰম্ভিক প্রস্তুতিৰ বিভিন্ন দিশৰ বুজ লৈছিল৷ ইয়াৰ পাছতেই আজি তিনিদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত হয় মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাৰ নেতৃত্বত সম্পূর্ণ আয়োগ৷ মুখ্য নির্বাচন আয়ুক্ত আৰোৰাৰ সৈতে দুই নির্বাচন আয়ুক্ত সুশীল চন্দ্র আৰু ৰাজীৱ কুমাৰ।
ৰাজ্য চৰকাৰৰ নির্বাচন বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে নির্বাচন আয়োগে তিনিদিনীয়া ভ্রমণসূচীৰে অসমত থকাৰ সময়ছোৱাত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত নির্বাচনৰ প্রস্তুতি সন্দর্ভত মুখ্য সচিব, অসম আৰক্ষীৰ সঞ্চালকপ্রধান, মুখ্য নির্বাচনী বিষয়া, জিলা উপায়ুক্ত অথবা নির্বাচনী বিষয়া, আৰক্ষী অধীক্ষককে ধৰি সংশ্লিষ্ট বিষয়া লগত গুৰুত্বপূর্ণ আলোচনাত অংশগ্রহণ কৰিব৷
ভিউৱাছৰ মতামত