৮ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব বিশ্বনাথ চলচিত্ৰ মহোৎসৱ ।চাৰিদিনীয়াকৈ কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগা এই মহোৎসৱৰ ছবি সমূহ প্ৰদৰ্শিত হ’ব পাভৈ টকীজত।জানিব পৰা মতে বৰ নদী ভটিয়াই, বিউটীফুল লাইভছ, কথানদী, হান্দুক, কানীন, কেলেণ্ডাৰ,ফেহুজালি,বকুল নামৰ চলচ্চিত্ৰ কেইখন প্ৰদৰ্শিত হ’ব ।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত