পৰামৰ্শমূলক সভা অনুষ্ঠিত

মহিলা আৰু শিশু সকলৰ সুৰক্ষা আৰু কল্যাণ সুনিশ্চিত কৰাৰ অৰ্থে কালি শিৱসাগৰত বিভিন্ন ধৰ্মীয় নেতৃ্বৰ্গৰ সৈতে দিনজোৰা কাৰ্যসূচীৰে জিলা পৰ্য্যায়ৰ এক পৰামৰ্শ সভা অনুষ্ঠিত হয় । জিলা শিশু আৰু কিশোৰ কোষৰ উদ্যোগত তথা ইউনিচেফ (UNICEF), অসমৰ সহযোগত স্থানীয় সিদ্ধাৰ্থ হোটেলত অনুষ্ঠিত এই সভাত অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত ডাঃ এচ লক্ষ্মণনে বিভিন্ন সামাজিক কুপ্ৰথা যেনে বাল্য বিবাহ ৰোধৰ বাবে ধৰ্মীয় নেতাসকলক আগবাঢ়ি অহিবলৈ আহ্বান জনায় । ধৰ্মীয় নেতাসকলে এই ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰিলে ৰাইজৰ মাজত এই ক্ষেত্ৰত ইতিবাচক আৰু বিপুল প্ৰভাৱ পৰিব বুলিও উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰে । সুস্থ, প্ৰগতিশীল আৰু সবল সমাজ নিৰ্মাণৰ বাবে মহিলা আৰু শিশু সকলৰ প্ৰাপ্য অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰাটো অতি প্ৰয়োজন বুলিও উপায়ুক্ত গৰাকীয়ে দৃঢ় মত পোষন কৰে । এই পৰ্যালোচনা সভাত সমাজত মহিলা আৰু শিশুৰ স্থান, তেওলোকে সন্মূখীন হোৱা বিভিন্ন সমস্যাৰাজি আৰু এই সমূহৰ ৰোধৰ কাৰ্যপন্থাৰ ওপৰত বিস্তৃতভাবে অলোচনা কৰা হয় । উল্লেখ্য যে, National Family Health Survey-4- ৰ সমীক্ষা মৰ্মে শিশুৰ মৃত্যুৰ হাৰ অসমত ৩২.৬ শতাংশ আৰু শিৱসাগৰত ৩০ শতাংশ,  পৰ্য্যালোচনা সভাত সহকাৰী আয়ুক্ত তথা জিলা শিশু আৰু কিশোৰ কোষৰ দায়িত্বপ্ৰাপ্ত বিষয়া গৌৰীপ্ৰিয়া দেউৰী, ইউনিচেফ (UNICEF), অসমৰ Special Behaviour Change Communication (SBCC)- ৰ বিশেষজ্ঞ সুৰেশ ভাই পৰমাৰ আৰু কাৰ্যালয় কাৰ্যনিৰ্বাহক টিউলিপ শইকীয়া চেলেঙ, জিলা শিশু আৰু কিশোৰ কোষৰ জিলা সমন্বয়ক সন্ধানী গগৈ আৰু SBCC ৰ পৰামৰ্শদাতা গীতালী কাকতিৰ লগতে জিলাখনৰ বিভিন্ন ধৰ্মৰ ভালেসংখ্যক নেতৃবৰ্গ উপস্থিত থাকে ।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে 

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

ৰাতি ২ বজাত কৰ্তব্যৰত চিকিৎসকৰ লগত ভিডিঅ’ কল কৰি সেৱাৰ বুজ ল’ব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, জ্যেষ্ঠ চিকিৎসক আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে শোণিতপুৰ জিলাৰ ক’ভিড পৰিস্থিতিৰ বিতং বুজ লয়। জিলাখনত ক’ভিড সংক্ৰমণৰ হাৰ ১০ শতাংশৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড’ শৰ্মাই জিলা প্রশাসনক মাইক্ৰ কণ্টেইনমেন্ট জ’নৰ জৰিয়তে নিয়মাৱলীসমূহ আৰু অধিক কটকটীয়া কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।

আজিৰ এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী ড’ শৰ্মাই আই চি ইউ বিচনা, অক্সিজেন, ঔষধ ইত্যাদিৰ পৰ্যাপ্ততাৰ বুজ লোৱাৰ উপৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষক আই চি ইউ বিচনাৰ সংখ্যা বৰ্তমানৰ ৪০ খনৰ পৰা ৭০ খনলৈ বৃদ্ধি কৰাৰ বাবে নিৰ্দেশ দিয়ে। গভীৰ নিশাৰ ভাগতো জটিল ক’ভিড ৰোগীসকলক সু-চিকিৎসা প্রদান কৰি মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ বাবে মুখ্যমন্ত্ৰী ড’ শৰ্মাই নিশাৰ ভাগটো সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক অথবা পঞ্জীয়কৰ লেখীয়া জ্যেষ্ঠ চিকিৎসকৰ সেৱা নিশ্চিত কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ড’ শৰ্মাই নিজে ৰাতি ২ বজাত ভিডিঅ’ কলেৰে কৰ্তব্যৰত চিকিৎসকৰ সৈতে কথা-পাতি পৰ্যবেক্ষণ কৰিব বুলিও কয়। এই জটিল সময়ক আমি কোনোপধ্যে সহজভাৱে লোৱা উচিত নহয় বুলিও মুখ্যমন্ত্ৰী ড’ শৰ্মাই দৃঢ়তাৰে কয়।

মুখ্যমন্ত্ৰী ড’ শৰ্মাই লগতে অলপতে হোৱা ভূমিকম্পত ক্ষতিগ্ৰস্ত চিৰাজুলি বহুমুখী স্বাস্থ্য কেন্দ্ৰক উপযুক্ত মেৰামতি কৰণেৰে ক’ভিড কেয়াৰ চেন্টাৰলৈ ৰূপান্তৰ তথা ঘোৰামাৰী বহুমুখী স্বাস্থ্য কেন্দ্ৰক ক’ভিড কেয়াৰ চেন্টাৰলৈ ৰূপান্তৰ কৰাৰ কাম দ্ৰুতভাৱে সম্পূৰ্ণ কৰাৰ পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। এই সম্পৰ্কত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সৈতে পুঁজি আৱণ্টনকে ধৰি উপযুক্তভাৱে যোগাযোগ চলোৱাৰ বাবে নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘাল আৰু সাংসদ পল্লৱ লোচন দাসক তেওঁ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে চৰকাৰী চিকিৎসালয়সমূহত ক্ষিপ্রতাৰে আৰু অধিক অক্সিজেন পাইপ সংযোগ কৰাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে লোকনিৰ্মাণ (গৃহ) বিভাগক নিৰ্দেশ দিয়ে। ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে বাধা-নিষেধসমূহ আৰু অধিক কটকটীয়াকৈ বলবৎ কৰাৰ পদক্ষেপ ল’বলৈ তেওঁ জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষক নিৰ্দেশ দিয়ে৷ নিজৰ গৃহত পৃথক শৌচাগাৰৰ ব্যবস্থা নাথাকিলে ৫০ বছৰ উৰ্দ্ধৰ ক’ভিড আক্ৰান্ত ৰোগীক কোনো কাৰণতে হোম কোৱাৰেন্টইনত থকাৰ বাবে অনুমতি প্রদান নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতে উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড” শৰ্মাই কয়
যে কন্টেইনমেন্ট জ’নৰ দুখীয়া জনসাধাৰণক সহায় কৰাৰ বাবে জিলা প্রশাসনসমূহক ইতিমধ্য নিৰ্দেশ দিয়া হৈছে। জিলা প্রশাসনসমূহে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীসকলৰ মৃতদেহ শ্মশানলৈ নিয়াৰ দিশত হোৱা পৰিৱহনৰ ব্যয় বহন কৰাৰ উপৰি মৃতদেহৰ সৎকাৰ বিনামূলীয়াকৈ কৰিব। চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যখনত চিকিৎসকৰ অভাৱ হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড’ শৰ্মাই ক’ভিড ৰোগীসকলক দিনে-নিশাই উন্নত চিকিৎসা সেৱা আগবঢ়োৱা হ’ব বুলিও মন্তব্য কৰে।

আজিৰ এই পৰিদৰ্শনৰ সময়ত সাংসদ পল্লব লোচন দাস, তপন গগৈ, বিধায়কসকল ক্ৰমে পৃথিবীৰাজ ৰাভা,গণেশ লিম্বু, কৃষ্ণকমল তাঁতী, শোণিতপুৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ তথা জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

মুখ্যমন্ত্ৰী সাহাৰ্য্য নিধিলৈ এমাহৰ দৰমহা আগবঢ়ালে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই…

ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ৰণা ভাইৰাছে।ক’ৰণাৰ সংক্ৰমণৰ সমান্তৰালকৈ বৃদ্ধি হৈছে ক’ৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। চৰকাৰ তথা প্ৰশাসনে ক’ৰণা ৰোধৰ বাবে প্ৰচেষ্টা হাতত লোৱা‌ৰ সমান্তৰালভাৱে মুখ্য মন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰাও আৰ্থিক সাহাৰ্য্য বিচাৰি অসমবাসী ৰাইজক আহ্বান জনাইছে। এই সময়তে ক’ৰণাৰ বাবে আৰ্থিক অনুদান আগবঢ়াইছে‌ লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাই। জানিব পৰা মতে মুখ্য মন্ত্ৰী সাহাৰ্য্য নিধিলৈ নিজৰ এমাহৰ দৰমহা আগবঢ়ালে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই।বিগতবৰ্ষটো মুখ্যমন্ত্ৰী সাহাৰ্য্য পুজিলৈ বহুজনে আৰ্থিক সাহাৰ্য্য আগবঢ়াইছিল ।

শ্ৰেষ্ঠ অভিনেতাৰ দৌৰত দৰঙৰ দ্বীপজ্যোতি

দৰং বাসীৰ বাবে সুখবৰ। নিউয়ৰ্ক-ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ শ্ৰেষ্ঠ অভিনেতাৰ দৌৰত পোন মনোনয়ন লাভ কৰিছে দৰঙৰ সন্তান দ্বীপজ্যোতি কলিতাই। সাজ এণ্টাৰটেইনমেণ্ট প্ৰযোজিত আৰু কৃষ্ণকান্ত বৰা পৰিচালিত অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘বৰষুণ- চংছ ফ’ৰ ৰেইন‘ত দূৰ্দান্ত অভিনয় কৰা বাবে অভিনেতা গৰাকীয়ে শ্ৰেষ্ঠ মনোনয়ন লাভ কৰিছে । মঙলদৈ বামুণপাৰা নিবাসী তথা মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ডম্বৰুধৰ কলিতা আৰু সফুৰা কলিতাৰ পুত্ৰ দ্বীপজ্যোতি কলিতাই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চিকিমৰ পৰা ডিপ্ল’মা লাভ কৰি অপেছাদাৰী নাট্য জগতৰ সমান্তৰালভাৱে চলচ্চিত্ৰ আৰু টেলিভিশ্যনত অভিনয়ৰ আত্মনিয়োগ কৰি আহিছিল।তেওঁৰ প্ৰচেষ্টাত মঙলদৈত গঠন হোৱা জাগ্ৰত সাংস্কৃতিক গোষ্ঠী গঢ় লৈ উঠিছে। সৰুৰে পৰা অভিনয়ক পেচা হিচাপে গ্ৰহণ কৰা দ্বীপজ্যোতিয়ে বহুকেইখন চলচিত্ৰ আৰু ধাৰাবাহিকত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে ৪ ৰ‌ পৰা ১৩ জুনলৈ নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অনুষ্ঠিত হ’ব।

জিভাৰ পানী এক বেণ্ডেই নহয়,অসমীয়াগিৰিৰ প্ৰতীকো

যিটো সময়ত ৰাজ্যৰ শিক্ষিত যুৱক যুৱতীসকলে এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাবলৈ লৈছে,ঠিক তেনে সময়তে বাক্সা জিলাৰ এগৰাকী ব্যক্তিয়ে দেখুৱাইছে এক উৎকৃষ্ট নিদৰ্শন৷ এই ব্যক্তিগৰাকীৰ নাম হ’ল মৃণাল বায়ন। ঘৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত সোণাপুৰ কৰমতুলী গাঁৱত। পেছাত ব্যক্তি গৰাকী এজন শিক্ষক। ব্যক্তিগৰাকী শিক্ষক হৈও আন দহজনৰ বাবে হৈ পৰিছে আদৰ্শৰ প্ৰতীক। চৌখুঁটি হাইস্কুলৰ টে’ট শিক্ষক মৃণাল বায়নে নিজৰ ঘৰৰ বাৰীতে ৰোপণ কৰা আম,তেঁতেলি , নেমু আদিৰে আচাৰ প্রস্তুত কৰিছে। জানিব পৰা মতে, মৃণাল বায়নে লকডাউনৰ আজৰি সময়ত প্ৰথমে আচাৰ প্ৰস্তুত কৰি চিনাকি মানুহ অথবা বন্ধু-বান্ধৱিক বিক্ৰী কৰিছিল। বিশেষকৈ চ`চিয়েল মিডিয়াত দিয়াৰ পাছত মৃণালৰ আচাৰে যথেষ্ট জনপ্ৰিয়তা লাভ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁ আচাৰ কোম্পানী খুলিবলৈ সক্ষম হয়। ‘জিভাৰ পানী’ নামৰ এটা আচাৰ কোম্পানী খুলি তেওঁ গাঁৱৰ কেইবাগৰাকীও শিক্ষিত নিবনুৱাক সংস্থাপন দিছে। নামনি অসমৰ প্রায় সকলো ঠাইতে ‘জিভাৰ পানী’ নামৰ আচাৰ বিধৰ যথেষ্ট চাহিদা আছে। অৱশ্যে বৰ্তমান কৰ’নাৰ পৰিস্থিতিৰ বাবে আচাৰ বিধৰ মাৰ্কেটিং ভালদৰে হোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে।

ক’ৰণা মুক্ত হৈ থাকিবৰ বাবে টীয়কৰ এখন গাঁৱে আদৰ্শ দেখুৱাইছে

যি সময়ত কভিড-১৯ ৰ সংক্ৰমণ হ্ৰাসৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা ভংগ কৰা এচাম লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে তেনে সময়ত টীয়কৰ এখন গাঁৱৰ বাসিন্দাসকলে গাঁওখনক কভিড মুক্ত কৰি ৰাখিবৰ গ্ৰহণ কৰা সতৰ্কতা মূলক ব্যৱস্থাই সকলোকে দৃষ্টি আকৰ্ষণ
কৰিছে ৷ টীয়ক নগৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত অৱস্থিত এখন নৈপৰীয়া গাঁও কাৱৈমাৰী গোঁহাই গাঁও।প্ৰায় চাৰিশ ঘৰ মানুহে বসতি কৰা এই বৃহত্তৰ গাঁওখনে মানৱ জাতিৰ এই মহামাৰীৰ সময়ত গাঁওবাসী একগোট হৈ এই ক`ভিডৰ বিৰুদ্ধে যি সংগ্ৰাম আৰম্ভ কৰিছে তাৰ বাবেই আজিও কভিড মুক্ত হৈ আছে এই গাঁওখন ৷ যি সময়ত এই গণ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে নতুন নতুন নীতি নিৰ্দেশনা আনিব লগা হৈছে , মাস্ক পৰিধান নকৰিলে জৰিমনা ভৰিব লগা হৈছে সেই সময়ত এই ভিতৰুৱা গাঁৱখনৰ লোকসকলৰ সজাগতাই এক ইতিবাচক বাৰ্তা কঢ়িয়াইছে ৷ উল্লেখযোগ্য যে গাঁওখনত মাস্ক পৰিধানৰ বাবে বিশেষ সজাগতা অনাৰ প্ৰয়াস কৰিছে গাঁওৰক্ষী বাহিনীয়ে আৰু বিভিন্ন ৰাজহুৱা স্থান, দোকান আদিত সজাগতামূলক পোষ্টাৰ লগোৱাৰ লগতে গাঁওখনৰ প্ৰতিঘৰৰ পদূলিত হাত ধোবৰ বাবে চাবোন, পানী ৰখা হৈছে যাতে ঘৰত প্ৰৱেশৰ সময়ত হাত ধুই প্ৰৱেশ কৰে । গাঁওখনৰ যুৱচাম আৰু বিশেষকৈ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত মাস্ক পৰিধান সামাজিক দূৰত্ব মানি চলা আৰু কভিড প’টকল সম্পৰ্কে গাঁওবাসীক সজাগ কৰা দেখা গৈছে ৷ যাৰ ফলতেই গাঁওখন কভিডৰ পৰা মুক্ত কৰি ৰাখিব পাৰিছে বুলি গাওঁবাসীয়ে মতপোষণ কৰিছে ৷ দেশৰ এই জটিল সময়ত নিজৰ সাৱধানতা আৰু সজাগতাই যে এই মহামাৰীৰ পৰা নিজক বচাই ৰাখিব পৰা যায় সেয়া এক প্ৰকাৰ প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ কাৱৈমাৰী গোঁহাই গাঁৱৰ প্ৰতিটো পৰিয়ালে।

মানুহে মানুহৰ বাবে…আকৌ যেন শিপাই উঠিছে মানৱীয়তা

চচিয়েল মিডিয়াৰ দুটা বিশেষ প’ষ্ট। এটা প’ষ্ট কৰিছিল চন্দনা চৌধুৰীয়ে আৰু আনটো প’ষ্ট কৰিছিল নিলোৎপল বৰুৱা নামৰ এজন ব্যক্তিয়ে। প’ষ্ট দুটাই এইটোৱে প্ৰমান কৰিছে যে আজিও মানবীয়তা শেষ হোৱা নাই। সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটিৰ যেন তেওঁলোকে মৰ্ম বুজি উঠিছে।
উল্লেখযোগ্য যে চন্দনা চৌধুৰী নামৰ মহিলা গৰাকীয়ে ফেচবুকত এটা প’ষ্ট দিছিল। সেই প’ষ্টটোত তেওঁ লিখিছিল যে- গুৱাহাটী মহানগৰীৰ GMCH বা যি কোনো হস্পিতালত কোৰোণাত আক্ৰান্ত, যদি কোনোবা ব্যক্তি এডমিট হৈ আছে মোক জনাব । সম্পূৰ্ণ বিনামূলীয়া আহাৰ যোগান ধৰিম। অথবা পৰিয়ালৰ আটাইকেইজন ব্যক্তিয়ে Home isolation ত আছে, আৰু খাদ্যবস্তুৰ যদি কিবা নাটনি হয় ,কোনো সংকোচ নকৰাকৈ
6000522073 এই নম্বৰটোত যোগাযোগ কৰিবলৈ তেওঁ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে চন্দনা চৌধুৰীয়ে বিনামূলীয়াকৈ বিভিন্ন ঠাইত খাদ্য যোগান ধৰা‌‌ ফটো ইতিমধ্যেই চ’চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ উঠিছে। আনহাতে, আনটো প’ষ্ট কৰিছিলে নিলোৎপল বৰুৱা নামৰ এজন সমাজকৰ্মী ব্যক্তিয়ে । নিলোৎ বৰুৱাই এনেদৰে লিখিছিলে- তেওঁ ঘৰৰ দুটা কোঠালী খালী হৈ আছে আৰু সেই কোঠালী দুটা ক’ভিড ৰোগী সকলে ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ ব্যক্ত কৰিছিল। লগতে লিখিছিল বিমলা ক’ভিড চেন্টাৰ,জি এন আৰ চি হেল্থ চিটি এজাইল, ই এচ আই হাস্পতাল তেওঁৰ ঘৰৰ সমীপতে সেয়েহে কোনো আত্মীয়ই লক ডাউনৰ জটিল পৰিস্থিতিত ক’ৰবাত থাকিবলৈ অসুবিধা হয় তেওঁৰ কোঠা দুটা ব্যৱহাৰ কৰিব পাৰিব আৰু বিনামূলীয়াকৈ সকলো পাব কিন্তু চাফ চিকুণ কৰি ৰাখিব লাগিব বুলি তেওঁ উল্লেখ কৰিছে।