পৰিবেশ সুন্দৰ কৰি তোলাৰ প্ৰয়াস নগাঁৱৰ ৩জন শিল্পীৰ

নগাঁও জিলাৰ ৰাইডঙীয়াৰ তিনি জন শিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ। পৰিবেশ সুন্দৰ কৰি ৰখাৰ সংকল্পৰে ৰাইডঙীয়াৰ মৃদুপৱন বৰা নামৰ যুৱক জনে একেগাঁৱৰে ভাস্কৰ হাজৰিকা আৰু গৌতম কোচৰ সহযোগত বৰ্তমান অসমৰ জনপ্রিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত আৰু জুবিন গাৰ্গৰ বিশাল ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

 

বিগত এটা সপ্তাহযোৰা প্ৰচেষ্টাৰ অন্তত জীৱন্ত ৰূপ পাইছে পাপন মহন্ত আৰু জুবিন গাৰ্গৰ বিশাল প্ৰতিছবি দুখনে। নগাঁৱৰ বেবেজীয়া ঘাঁহী সংযোগী পথৰ উৰণীয়া সেতুৰ এটি টানেলৰ দেৱালত মৃদুপৱনে নিজা খৰছেৰে, দিনে নিশাই কৰা বহু কষ্টৰ অন্তত পাপন মহন্ত আৰু জুবিন গাৰ্গৰ বৃহৎ চিত্ৰ অংকন কৰি নগাঁও জিলাখনৰ বহুজনৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। আনহাতে এই স্থানেৰে অহা যোৱা কৰা বিভিন্ন জনে এই ছবিদুখনত ফটো উঠিবলৈও ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি আমাৰ চৌপাশে থকা দেৱাল, পথ, দলং, ৰাজহুৱা সম্পত্তি সমূহত গুটখা, তামোলৰ পিক পেলাই লেতেৰা কৰা পৰিবৰ্তে আমাৰ পৰিবেশ সুন্দৰ কৰি ৰখাৰ সংকল্পৰে অসমৰ দুই সম্পদৰ ছবি আঁকি জন জাগৰণৰ প্ৰয়াস কৰা যুৱক কেইজনৰ পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। ইতিমধ্যে অংগৰাগ মহন্তই নিজৰ চ’চিয়েল মিডিয়াত মৃদুপৱনে অংকন কৰা এই ছবি আপলোড কৰি শিল্পী গৰাকীক প্ৰশংসা কৰিছে। উল্লেখ্য যে ৰাইদঙীয়াৰ মৃদুপৱন বৰাই এমাহ পূৰ্বে ১৩৫ দাল সুঁতাৰে জুবিন গাৰ্গৰ এখন বিশেষ ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

ভাৰতে অৰুণাচলত বান্ধ নিৰ্মাণ কৰিব,নৱবৰ্ষৰ পৰা কাম আৰম্ভ হোৱা পূৰ্ণ সম্ভাৱনা

চীনে ব্ৰহ্মপুত্ৰ ওপৰত বান্ধ নিৰ্মাণ কৰিছে।এই বান্ধে ক্ষতিগ্ৰস্ত কৰিব অসম, উত্তৰ পূৰ্বাঞ্চলৰ লগতে বাংলাদেশকো।ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পন্ন হৈছে।এক সূত্ৰই সদৰী কৰা অনুসৰি ২০২৫ চনৰ ভিতৰত এই বান্ধ সম্পূৰ্ণ হৈ উঠিব।

চীনৰ এই স্থিতিক প্ৰতিহত কৰিবলৈ ভাৰত চৰকাৰে বিশেষ চিন্তা চৰ্চা কৰিছে।ইতিমধ্যে ভাৰত চৰকাৰে অৰুণাচলত এটা বান্ধ নির্মাণ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।

জানিব পৰা মতে ভাৰতে অৰুণাচলত এটা ১০ গিগাৱাটৰ এটা বান্ধ নিৰ্মাণ কৰিব।এই সম্পৰ্কে ভাৰতৰ জল শক্তি মন্ত্ৰালয়ৰ টি এছ মেহৰাই কয় যে এই বান্ধৰ জৰিয়তে ভাৰতে প্ৰচুৰ পৰিমাণৰ পানী জমা কৰিব পাৰিব।ইয়াৰ উপৰিও চীনৰ বান্ধৰ পৰা ক্ষতিগ্ৰস্ত হোৱা সম্ভাৱনা থকা উত্তৰ পূৰ্বাঞ্চল আৰু বাংলাদেশ কিছু পৰিমাণে হ’লেও বাছি থাকিব।

উল্লেখযোগ্য যে নদী ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰিয়েই বহু লোকে জীৱন জীৱিকা চলাই আছে।বিশেষকৈ অসম ব্ৰহ্মপুত্ৰৰেই আধাৰ বুলি ক’ব পাৰি।

ম’হৰ পৰা পৰিত্ৰাণ পাব পৰা বাল্ব উদ্ভাৱন কৰি চৰ্চিত হৈছে এই গৰাকী যুৱ উদ্যমী

সৰুৱে পৰা ল’ৰাজন আছিল এক অদ্ভুত চখ।দেউতাকে আনি দিয়া সামগ্ৰী খুলি খালি নতুনকৈ লগাইছিল।সেই চখেই ডাঙৰ হ’লত পূৰ্ণতা পালে।

পঢ়ি থকা সময়তে ল’ৰাজনে নিজকে উদ্যমী হিচাপে গঢ়ি তুলিলে। কেৱল উদ্ভাৱনতে ব্যস্ত নাথাকি নিজে প্ৰস্তুত কৰা সা-সামগ্ৰী কিদৰে বজাৰমুখী কৰিব পাৰি তাৰ পথো নিজেই বিচাৰি ল’লে।

আমি জনাব বিচাৰিছোঁ হোজাই মোৰাঝাৰৰ ইলিয়াছ উদ্দিন চৌধুৰীৰ বিষয়ে। ইলিয়াছে সম্প্ৰতি ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ত বি কমত অধ্যয়ন কৰি আছে।ইলিয়াছে যিটো বাল্ব উদ্ভাৱন কৰিছে,সেই বাল্বৰ পোহৰৰ জৰিয়তে ম’হৰ পৰা পৰিত্ৰাণ পাব পাৰি।

লকডাউনৰ সময়খিনিত চৌধুৰী লাইট শীৰ্ষ এটা উদ্যোগ প্ৰতিষ্ঠা কৰি বহুকেইজন নিবনুৱাক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে।সৰুৱে পৰা উদ্যোগী হোৱা মন মেলা ইলিয়াছৰ মতে বেলেগৰ অধীন হৈ কাম কৰাতকৈ স্বাধীন ভাৱে কাম কৰা আমেজেই সুকীয়া।উল্লেখযোগ্য যে ইলিয়াছৰ পিতৃ এগৰাকী আৰক্ষী বিষয়া।

উল্লেখযোগ্য যে ইতিপূৰ্বে ইলিয়াছে এটা প্ৰজেক্টৰ প্ৰস্তুত কৰিছিল।ইলিয়াছৰ এই যাত্ৰা যুগমীয়া হওক, আমি জনালো অলেখ শুভকামনা।
সহযোগ কৰিলে ছাদিকুজ জামানে..

আই আই টি গুৱাহাটী প্ৰবক্তাৰ সহযোগত পৰীক্ষণ হৈছে অপটিকেল চ’লিউচন

ফ্ৰী স্পেছ অপ্টিকেল কমিউনিকেচন চিষ্টেম ডেভেলপ কৰি চৰ্চালৈ আহিছে দুই প্ৰবক্তা।তেওঁলোক হ’ল ক্ৰমে আই আই টি গুৱাহাটীৰ প্ৰবক্তা বসন্ত ৰঞ্জন বৰুৱা আৰু অভয়াপুৰী কলেজৰ প্ৰবক্তা শান্তনু কোঁৱৰ।এই ছিষ্টেমটো জৰিয়তে পোহৰৰ যোগেদি বাৰ্তা পঠিয়াব পাৰিব।জানিব পৰা মতে এই ছিষ্টেমটো জৰিয়তে বৃহৎ পৰিমাণৰ ডাটা ট্ৰেন্সপাৰ হ’ব।

এই ছিষ্টেমটোৱে উপগ্ৰহ পৰা ভূ ভাগলৈ অথবা উপগ্ৰহৰ পৰা উপগ্ৰহলৈও পোহৰৰ জৰিয়তে বার্তা পঠিয়াবলৈ সক্ষম হ’ব।উল্লেখযোগ্য যে এই চিষ্টেমটো ৱাই ফাইৰ সমতুল্য হ’ব।

১৭৫ চি আৰ পি এফৰ উদ্যোগত বিশ্ব এইডছ দিৱস উদযাপন

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ নতুন দিল্লীস্থিত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি পশ্চিম গুৱাহাটীৰ ৰাণীত থকা বাহিনীটোৰ ১৭৫ বেটেলিয়ানৰ উদ্যোগত পহিলা ডিচেম্বৰত মুখ্য কাৰ্যালয় চৌহদত বিশ্ব এইডছ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ভাগ লৈ ১৭৫ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই বিশ্ব এইডছ দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰে আৰু সকলো বিষয়া-জোৱানক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত বাহিনীটোৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডঃ অনিল কুমাৰ ঠাকুৰে কেনে ধৰণৰ সতৰ্কতা সাৱধানতা অবলম্বন কৰিলে এইডছৰ দৰে মাৰাত্মক ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি তাৰ বিতং বাখ্যা দাঙি ধৰে।অনুষ্ঠানত বাহিনীটোৰ উপ কমাণ্ডেৰদ্বয় আব্দুল ৰহিম আৰু মনোজ সিং,সহকাৰী কমাণ্ডেণ্ট সঞ্জয় কুমাৰ,পৰিদৰ্শক দেশবীৰ সিঙকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া আৰু বহুসংখ্যক জোৱান উপস্থাপন থাকে।দিৱসৰ লগত সংগতি ৰাখি এইডছ ৰোগ বিষয়ক বিভিন্ন জনসজাগতামূলক বেনাৰ পোষ্টাৰ প্ৰদৰ্শন কৰা হয়।

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্য শ্ৰাদ্ধ

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিছপুৰ চৰকাৰ আৱাসত আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে।জানিব পৰা মতে বিভিন্ন ধৰ্মীয় অনুষ্ঠানেৰে পৰিয়ালে আয়োজন কৰিছে।

সচিবালয়ৰ সমীপত ৰাইজৰ বাবে শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা থাকিব।গুণমুগ্ধই এই স্থানতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।

টপচেম চিমেণ্টে চতুৰ্থবাৰলৈ আয়োজন কৰে বিনামূলীয়া কেটাৰেক্ট চকু চাৰ্জাৰী শিবিৰ

টপচেম চিমেণ্ট কৰ্পোৰেট সামাজিক দায়বদ্ধতা চি এছ আৰৰ অধীনত গুৱাহাটীৰ শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ উদ্যোগত এক বিনামূলীয়া চকু স্ক্ৰীনিং আৰু কেটাৰেক্ট চাৰ্জাৰী শিবিৰ আয়োজন কৰে।

মেঘালয় চিমেণ্ট লিমিটেডে ২০১৮ চনৰ পৰা এইবাৰ সহ চতুৰ্থবাৰলৈ বিনামূলীয়া কেটাৰেক্ট অস্ত্ৰোপচাৰ শিবিৰ আয়োজন কৰে।য’ত শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ এটা বিশেজ্ঞ দলে দৰং আৰু কামৰূপ গ্ৰাম্য জিলাৰ ২৪১ জন চকুৰ ৰোগীক পৰীক্ষা কৰে।

ইয়াৰে ২৫ জন ৰোগীৰ কেটাৰেক্ট চাৰ্জাৰীৰ ব্যয় টপচেম চিমেন্টে নিজাববীয়াকৈ বহল কৰিব।ইয়াৰ প্ৰথম বেটছৰ ১২ জন ৰোগীৰ শংকৰদেৱ নেত্ৰালয়ত ১৮,২৭ নৱেম্বৰ আৰু ১ ডিচেম্বৰত কেটাৰেক্ট চাৰ্জাৰী সফলতাৰে সম্পন্ন হৈছে।অহা সময়ত ১৩ জনৰ কেটাৰেক্ট চাৰ্জাৰী কৰা হ’ব।সামাজিক দায়বদ্ধতাৰূপে ৰাজ্যৰ আর্থিকভাৱে জুৰুলা লোকসকলৰ বিনামূলীয়া চকু চিকিৎসা সেৱা প্ৰদানৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতি এটা অংশ টপচেম চিমেণ্টৰ।

এই সম্পৰ্কে মেঘালয় চিমেণ্ট লিমিটেডৰ চেলছ আৰু মাৰ্কেটিংৰ অধক্ষ্য ডঃ অনিল কাপুৰে কয় চকু হৈছে ঈশ্বৰৰ এটা আটাতকৈ সুন্দৰ আৰু মূল্যবান উপহাৰ যি এজনৰ অন্তৰ আত্মাৰ কথা কয়।

ভাৰতত অন্ধতাৰ মুখ্য কাৰণ হৈছে কেটাৰেক্ট।অন্ধতাৰ অন্য এটা কাৰণ হৈছে দৰিদ্ৰতা।এই কাৰ্যই পৰামৰ্শ দিছে যে কেটাৰেক্ট চাৰ্জাৰী দৰিদ্ৰতা হ্ৰাস কৰা বাবে প্ৰস্তুৰ কৰা কৌশলৰ এক অবিচ্ছেদ্য অংশ হ’ব লাগে। টপচেম চিমেণ্টৰ উদ্যোগত বিনামূলীয়া কেটাৰেক্ট চাৰ্জাৰী শিবিৰ আয়োজনৰ উদ্দেশ্য হৈছে ইয়াৰ সংখ্যা হ্ৰাস কৰা।যোৱা তিনি বছৰত প্ৰায় ১০০ জন লোকৰ এই চিকিৎসা কৰা হৈছে।ইয়াৰ বাবে ৰোগী সকল অত্যন্ত সুখী।কিয়নো তেওঁলোক ইয়াৰ পৰা উপশম হৈ উঠিছে।