মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এনএছএছ কোষৰ উদ্যোগত পহিলা মাৰ্চত কামাখ্যাৰ নিলাচল পৰ্বতত দিনজোৰা কাৰ্যসূচীৰে পৰ্বতাৰোহন আৰু শৈলাৰোহন শিবিৰ অনুষ্ঠিত হয়।
অসম ৰক এণ্ড স্পৰ্ট এছোচিয়েচনৰ সহযোগত ফিট ইণ্ডিয়া মুভমেণ্টৰ অংশ হিচাপে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এন এছ এছৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সঞ্চালক দীপক কুমাৰে।
অনুষ্ঠানত বিশিষ্ট পৰ্বতাৰোহী উপেন চক্ৰৱৰ্তী, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ কামৰূপ মহানগৰ জিলাৰ উপ সঞ্চালক নবীন চন্দ্ৰ দাসকে ধৰি কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।
এই কাৰ্যসূচীত পাণ্ডু মহাবিদ্যালয়ৰ এন এছ এছ কোষৰ ৫০ৰো অধিক স্বেচ্ছাসেৱক, শিক্ষাৰ্থী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (এন চি চি) কেডেটে অংশ লয়।
ভিউৱাছৰ মতামত