দীপৰ বিলত ৰংমন ট্যুৰিজিম ছছাইটি আৰু ট্যুৰ অপাৰেটৰ এচ’চিয়েছনৰ উদ্যোগত বিশ্ব পৰ্যটন দিৱস পালন। পুৱা চাফাই অভিযানৰ লগতে উলিওৱা হয় চাইকেল ৰেলি। দীপৰ বিলৰ পৰা চাটাৰ গাঁৱলৈ যায় ৰেলি হয়। মহানগৰীৰ কাষতে থকা চাটাৰ গাঁও খন ইক’ ভিলেজ হিছাপে ঘোষণা কৰা হয়। ইক’ ভিলেজ মুকলি কৰে ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ টংকেশ্বৰ ৰাভা আৰু আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী। মুকলি সভাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, উপাধক্ষ্য নবদ্বীপ কলিতা, India Tourism ৰ ৰিজ’নেল ডিৰেক্টৰ এচ এচ দেববৰ্মন, চকৰ্দ গাঁৱৰ সভাপতি সুগ্ৰীব বে, ট্যুৰ অপাৰেটৰ এচচিয়েছনৰ সভাপতি ৰঞ্জিত দাস। অনুস্থানত প্ৰশিক্ষণ প্ৰাপ্ত ট্যুৰ অপাৰেটৰ সকলক প্ৰমাণ পত্ৰ দিয়াৰ লগতে হাতী ৰক্ষক সকলক বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয়। বন্য জীৱ-জন্তুৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে বিশেষ বটাঁ মনোজ গগৈলৈ।

আজি আনুষ্ঠানিক ভাৱে মুকলি হ’ল উদ্যান শস্য মেলা
বৃহস্পতিবাৰৰ পৰা বোকাখাতত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ল আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল পদ্ধতিৰে ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবে উপস্থিত থাকিব নোৱাৰি ভাৰ্চুৱেল পদ্ধতিৰে অংশ গ্ৰহণ কৰে ৷ তাৰোপৰি মেলাখনত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰেও ভৰ্চুৱেল পদ্ধতিৰে অংশ গ্ৰহণ কৰে ৷ প্ৰায় দুঘন্টা পলমকৈ আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানৰ কৃষিমন্ত্ৰী অতুল বৰাই আদৰণি ভাষণ প্ৰদান কৰাৰ সময়তে ভৰ্তি হৈ থকা মণ্ডপ খালী হৈ পৰা দেখা গ’ল ৷ অনুষ্ঠানত ১২ দেশৰ ৰাষ্টদূত আৰু উচ্চায়ুক্তই অংশ গ্ৰহণ কৰে ৷ এই বৃহৎ মেলাত ৰাজ্যখনৰ ৩৩ খন জিলাৰ ১৮৩ খন বিপনীয়ে অংশ গ্ৰহণ কৰিছে ৷ অৱশ্যে চিপচিপিয়া বৰষুণৰ বাবে উৎসাহ সীমিত হোৱা পৰিলক্ষিত হয় ৷ ৰাজ্যৰ ৫ শ কৃষকে প্ৰতিদিনে প্ৰশিক্ষণ লোৱাৰ লগতে গোলাঘাট জিলাৰ ৬ শ কৃষকে প্ৰতিদিনে প্ৰশিক্ষণ ল’ব ৷ প্ৰতি সন্ধ্যা ৰাজ্যৰ প্ৰতিস্থিত শিল্পীয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰিব ৷ আজি প্ৰথম নিশা বিপিন চাওদাং, কল্পনা পাটোৱাৰী, সোমনাথ বৰা আৰু বিমান বৰুৱাৰ লগতে স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই..
ভিউৱাছৰ মতামত