অহা ১৫ ফেব্ৰুৱাৰীত সৰুসজাঁইত অনুষ্ঠিত হ’ব ৬৫ সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান।এই ব্যয়বহুল অনুষ্ঠানক লৈ অসম পৰ্যটন বিভাগৰ প্ৰস্তুতি পূৰ্ণ গতিত চলিছে।এই অনুষ্ঠানক লৈ জল্পনা কল্পনাৰ ওৰ পৰা নাই।কোন তাৰকা আহিব,কোনে কি প্রদৰ্শন কৰিব,কোনে অনুষ্ঠানৰ আঁত ধৰিব এই লৈ সৰব আলোচনা চলি আছে।ইতিমধ্যে বলিউডৰ খ্যাতনামা অভিনেতা ৰণবীৰ সিং, আলিয়া ভাট,আয়ুস্মান খোৰানা অহাটো নিশ্চিত বুলি জানিব পৰা গৈছে।তাৰোপৰি অনুষ্ঠানৰ আঁত ধৰিব বলিউডৰ কিং শ্বাহৰুখ খানে।১৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব অভিনেতাজন।বিশেষ সূত্রৰ মতে ১৪ ফেব্ৰুৱাৰীৰ নিশা আয়োজক তথা কলা কুশলী সকলৰ সৈতে নৈশ ভোজত অংশ ল’ব শ্বাহৰুখ খানে।উল্লেখ্য যে ফিল্মফেয়াৰ এৱাৰ্ডৰ প্ৰচাৰৰ বাবে ভূমি পেডনেকাৰ আৰু আয়ুস্মান খোৰানা অভিনিত দুটা প্ৰম’ ভিডিঅ’ মুকলি কৰা হৈছে।অসমৰ মুখা শিল্প,বিহু,চাহ বাগান,ব্ৰহ্মপুত্ৰ,মাজুলীক লৈ প্ৰস্তুত কৰা এই অসম পৰ্যটনৰ ভিডিঅ’ই চ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।ছটা দশকৰ মূৰত অসমত অনুষ্ঠিত হ’বলগীয়া দেশৰ সৰ্ববৃহৎ চলচ্চিত্র অনুষ্ঠানৰ জৰিয়তে অসম পৰ্যটনৰ কেন্দ্র বিন্দু হ’ব বুলি আশাবাদী অসম পৰ্যটন বিভাগ।

নামৰূপৰ সাৰ কাৰখানালৈ আহিছে ভাল খবৰ
নামৰূপ কাৰখানাৰ বাবে আছে ভাল খবৰ। নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোটৰ স্থাপন হোৱাৰ সপোন এতিয়া সাৰ্থক হোৱাৰ দিশে আগবাঢ়িছে।আজি কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগৰ মন্ত্ৰী সদানন্দ গৌড়াৰে হোৱা এক আলোচনাত উপস্থিত থকাৰ পিছতে কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত সম্ভাৱনা ব্যক্ত কৰিছে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ড০ শৰ্মাই জনাই যে চতুৰ্থটো গোটক লৈ থকা জটিলতা আঁতৰাবলৈ অসম চৰকাৰে বিনিয়োগৰ পৰিমাণ পূৰ্বৰ ১১ শতাংশৰ পৰিৱৰ্তে ২৬ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।
লগতে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত সেউজ সংকেত দিব।উল্লেখযোগ্য যে ১৯৬৯ চনৰ পৰা আৰম্ভ হোৱা কাৰখানাটোৰ ২য় আৰু ৩য় গোটৰ কাম অতি দুৰ্বলভাৱে চলি থকাৰ পিছত ৪ৰ্থটো গোট মুকলি কৰাৰ বাবে চেষ্টা চলাই থকা হৈছিল যদিও ই কাৰ্যতঃ হৈ উঠা নাছিল। কিন্তু আজি বৈঠকত বিত্তমন্ত্ৰী গৰাকীয়ে চতুৰ্থটো গোট স্থাপনৰ স্থাপনৰ সম্ভাৱনাৰ থকা কথা সদৰি কৰে।
ভিউৱাছৰ মতামত