লণ্ডনত অনুষ্ঠিত হ’বলগীয়া বক্সিং প্ৰতিযোগিতাৰ অংশ গ্ৰহণ কৰাৰ সপোন পূৰণ হ’বলৈ গৈ আছে যমুনামুখ সমষ্টিৰ নোৱাবিলৰ আব্দুচ ছামাদৰ ।ধনৰ অভাৱত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া খেলত অংশগ্ৰহণ কৰিব পৰা নাছিল ছামাদে। যাৰ বাবে দল সংগঠনক সহায় বিচাৰি ছামাদে আহ্বান জনাইছিল। সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছত বহু জনে চামাদক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল।অৱশেষত উত্তৰ পূৱৰ অন্যতম সমাজসেৱী সংস্থা আজমল ফাউণ্ডেচনে আজি ছামাদক দুই লাখ টকাৰ সাহায্য আগবঢ়ায় ।ফাউণ্ডেচণ্ডেচনৰ ন্যাসৰক্ষী সিৰাজুদ্দিন আজমল আৰু আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খচৰুল ইছলামে দুই লাখ টকাৰ চেক প্ৰদান কৰে কিক বক্সিং খেলুৱৈ ছামাদক।খবৰ যুগুতালে মোৰাঝাৰৰ পৰা ছাদিকুজ জামানে..

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত