শোণিতপুৰ জিলাৰ অন্যতম শক্তিশালী সংগঠন বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি খনামুখনৰ গোৰ্খা ভৱনত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰ্মল নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্য বাখ্যা কৰে বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জ্যোতিষমান চক্ৰৱৰ্ত্তীয়ে।সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ আৰু সংগঠনটোৰ প্ৰতি আনুগত্য থকা প্ৰাক্তন কৰ্মী সকলক লৈ উক্ত সাধাৰণ সভাত বালিপৰা আঞ্চলিক উন্নতি সভাৰ সমিতি গঠন কৰাৰ উদ্দেশ্যে এই সভাখন অনুষ্ঠিত হয়।সভাখনত উন্নতি সভাৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত বক্তৃতা আগবঢ়াই অসম সেনাৰ মুখ্য আহ্বায়ক ৰাজনিশ শইকীয়া,প্ৰাক্তন আছু নেতা তথা সমাজকৰ্মী মোহন উপাধ্যায় প্ৰমুখ্যে বহুকেইগৰাকী বক্তাই। উল্লেখযোগ্য যে দিনৰ বজাৰ পৰা আৰম্ভ হোৱা এই সভাখনত অৰ্জুন ছেত্ৰীক সভাপতি, অংকুৰ দাসক সম্পাদক আৰু ৫ জন উপ সভাপতিৰ লগতে ৮জন বিভিন্ন পৰ্য্যায়ৰ সম্পাদকক লৈ মু্ঠ ২১ জনীয়া শক্তিশালী কমিটি গঠন হয়।

আজিৰে পৰা অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যোগ শস্যৰ প্ৰদৰ্শনী মেলা
আজিৰে পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হ’ব ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্যৰ প্ৰদৰ্শনী মেলা।অসম চৰকাৰৰ কৃষি,পশু পালন আৰু উদ্যান শস্য বিভাগৰ দ্বাৰা আয়োজিত এই মেলা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগীয়া এই মেলাখনত আলোচনা চক্ৰ কৰ্মশালা আৰু প্ৰশিক্ষণৰ কাৰ্যসূচীও অনুষ্ঠিত হ’ব। জানিব পৰা মতে ১০ খন ৰাষ্ট্ৰ হাইকমিচনাৰে এই মেখখনত ভাৰ্চুৱেল যোগে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন উদ্যমী লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভিয়েটনাম মালয়েচিয়া বিভিন্ন দেশৰ প্ৰতিনিধিও অংশগ্ৰহণ কৰিব । উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী সকলক উৎসাহ যোগোৱা উদ্দেশ্যে আৰু এই মেলাখন অনুষ্ঠিত কৰা হৈছে বুলি জানিব পৰা গৈছে।
অনুষ্ঠানত কেন্দ্ৰীয় কৃষিমন্ত্ৰী গৰাকীও অনলাইনযোগে কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা । প্ৰায় ৫ কোটি টকাৰ বাজেটেৰে আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰদৰ্শনীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰিব বুলি সংবাদ মেলত মন্ত্ৰী অতুল বৰাই জনায় ।
ভিউৱাছৰ মতামত