বিছমিল্লাহ খাঁ যুৱ বঁটা লাভ কৰিলে কুলদীপ পাটগিৰিয়ে

সংগীত নাটক অকাডেমীৰ ওস্তাদ বিচমিল্লা খাঁ যুৱ বঁটা প্ৰদান অনুষ্ঠান আৰু সংগীত নাটক উৎসৱ যোৱা ১৯ আগষ্টৰ পৰা ২৩ আগষ্টলৈ বিভিন্ন কাৰ্য্যসূচীৰে  মণিপুৰৰ ইম্ফলস্থিত জৱাহৰলাল নৃত্য অকাডেমিত অনুষ্ঠিত হয়। ১৯ আগষ্টত পুৱা ১০ বজাত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত ভাৰতবৰ্ষৰ মুকাভিনয় ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ কৰ্মৰত তথা বজালীৰ সন্তান কুলদীপ পাটগিৰীক সংগীত নাটক অকাডেমিৰ ওস্তাদ বিচমিল্লা খাঁ যুৱ বঁটা প্ৰদান কৰে মণিপুৰৰ ৰাজ্যপাল ডঃ নাজমা হেপটুল্লাই।অনুষ্ঠানত সংগীত নাটক অকাডেমিৰ অধ্যক্ষ শেখৰ সেন,সচিব ৰীতা স্বামীকে আদি কৰি ভাৰতবৰ্ষৰ কেবাজনো আগশাৰীৰ শিল্পী উপস্থিত থাকে ।পাঠশালাৰ কুলদীপ পাটগিৰীয়ে ইতিমধ্যে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তৰফৰ পৰা জলপানি লাভ কৰাৰ লগতে ভাৰত চৰকাৰৰ উত্তৰ-পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ পৰা ‘যুৱ প্ৰতিভা শিল্পী’ বঁটাও লাভ কৰিছে।দেশে-বিদেশে কেবাটাও আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু যুৱ মহোৎসৱত পাটগিৰীয়ে মুকাভিনয় প্ৰদৰ্শন কৰি বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে।সংগীত নাটক অকাডেমি বঁটা পাপক ম‌ইনুল হকৰ ছাত্ৰ কুলদীপ পাটগিৰীয়ে অসমৰ নৱ প্ৰজন্মৰ মুকাভিনয় শিল্পী সকলক লৈ “অসম মাইম এণ্ড স্কিট থিয়েটাৰ” নামেৰে ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা কেবাটাও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মুকাভিনয় মহোৎসৱত অভিনয় কৰিছে।নিজস্ব শৈলীৰে মুকাভিনয়ৰ চৰ্চা কৰাৰ লগতে সাধুকথাৰ ওপৰত মুকাভিনয় প্ৰদৰ্শন কৰা কুলদীপ অসমৰ প্ৰথমজন মুকাভিনয় শিল্পী।ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ স্বীকৃতি প্ৰাপ্ত বিচাৰক কুলদীপ পাটগিৰীৰ পৰিচালনাত বিশ্ববিদ্যালয়ৰ দলে ২০১৩ চনৰ পৰা ২০১৯ চনলৈকে একেৰাহে পূৱ মাণ্ডলিক আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।অনুষ্ঠানৰ লগত সংগতি ৰাখি সংগীত নাটক অকাডেমীয়ে আয়োজন কৰা সংগীত নাট মহোৎসৱত যোৱা ২৩ আগষ্টত কুলদীপ পাটগিৰীৰ পৰিচালনাত ‘নিৰ্বাক চতুৰ্ভুজ’ মুকাভিনয় প্ৰদৰ্শন কৰি মণিপুৰ তথা ভাৰতবৰ্ষৰ আগশাৰীৰ শিল্পী সকলৰ পৰা ভূয়সী প্ৰসংশা লাভ কৰে।মূলত চাৰিখন মুকাভিনয়,সীতাহৰণ,চকা,চুৰ-পুলিচ আৰু মা কালীত অভিনয় কৰা শিল্পীসকল আছিল কংকন তালুকদাৰ, ভূপেশ ডেকা, মনজিৎ কাকতি, প্ৰিতম তহবিলদাৰ,বৰষা শৰ্মা, ৰিংকু মালাকৰ আৰু মধুস্মিতা মহন্ত। পোহৰ নিৰ্দেশনাত মুকাভিনেতা শৈলেন কাকতি আৰু সংগীত ব্যৱস্থাপনাত আছিল কৃষা বৰুৱা, জোনালী তালুকদাৰ আৰু চম্পক বৰদলৈ।কুলদীপ পাটগিৰীৰ এই সাফল্যৰ বাবে অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

এগৰাকী চিকিৎসকে শিশুৰ বাবে এখন উদ্যান আগবঢালে

পূজা বতৰত শিশু সকললৈ পূজা উপহাৰ আগবঢ়ালে এগৰাকী চিকিৎসকে ।তিনিচুকীয়া জিলা ডিগবৈ ৰশ্মিতা উপাধ্যায় নামৰ চিকিৎসক গৰাকীয়ে সপ্তমী দিনা এখন শিশু উদ্যান আগবঢালে।

 

চিকিৎসক গৰাকীয়ে ডিগবৈ বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত পিতৃ মাতৃ সোঁৱৰণত এখনি শিশু উদ্যান স্থাপন কৰে। এই শিশু উদ্যান খন শুভ উদ্বোধন কৰে অসম চিকিৎসা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° নাৰায়ণ উপাধ্যায় । উল্লেখযোগ্য যে চিকিৎসক গৰাকী এনে মহানুভৱতাক অঞ্চলবাসীয়ে শলাগ লয়।

জিৰাফক চাহ বাগিছাৰ মাজত ৰাখিছে,কিন্তু কিয়

হাতীৰ উপদ্ৰপৰ পৰা ৰক্ষা পাবলৈ নুমলীগড় চাহ বাগিচাৰ কর্তৃপক্ষই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।ধলাগুৰি চাহ বাগিচাৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই ব্যৱস্থা।

 

উল্লেখযোগ্য যে ধলাগুৰি চাহ বাগিচাত চাহ বাগানৰ মাজত স্থাপন কৰিছে এক জিৰাফৰ  কাঠৰ প্ৰতিমূৰ্তি । চাহ বাগিচাৰ কর্তৃপক্ষই বিশ্বাস কৰে যে বনৰীয়া হস্তীয়ে এই জিৰাফক দেখিলে দূৰতে বিদূৰ হ’ব। সেইসূত্রে তেওঁলোকে জিৰাফৰ প্ৰতিমূৰ্তি বাগিচাত স্থাপন কৰিছে।

উল্লেখযোগ্য যে এই প্ৰকাণ্ড কাঠৰ জিৰাফটো দেখিলে বন্যহস্তী যাক আঁতৰি যায়।যি সময়ত হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে,সেই সময়ত বাগিচাৰ কৰ্তৃপক্ষই জিৰাফক বাগিছাত স্থাপন কৰি নিৰ্দশন দাঙি ধৰিছে।

পূজা মণ্ডপত মাস্ক বিতৰণ কৰিলে অভিনেত্ৰী আইমী বৰুৱাই

প্ৰতিকূল বতৰৰ মাজতে উদযাপন হৈছে দেৱী দূর্গাৰ পূজা।কিনকিনীয়া বৰষুণে পূজাৰ পৰিৱেশ অধিক সেমেকা কৰি তুলিছে।

 

ক’ৰণা পৰিস্থিতিৰ  আৰু বৰষুণৰ বাবে এইবাৰৰ পূজা মণ্ডপসমূহত নাই ভক্তৰ ভিৰ। চৰকাৰী নীতি নিয়ম পালন কৰি ৰাইজ ঠাইয়ে ঠাইয়ে পূজা মণ্ডপত ভিৰ কৰা পৰিলক্ষিত হৈছে।

আনহাতে শনিবাৰে জাগীৰোডৰ বিভিন্ন পূজা মণ্ডপত দেখা গ’ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাক।প্ৰতিবাৰৰ দৰে এইবাৰো অভিনেত্ৰী গৰাকীয়ে জাগীৰোড সমষ্টিৰ বিভিন্ন পূজা মণ্ডপ পৰিদৰ্শন কৰি দেৱীৰ আশীষ লোৱা পৰিলক্ষিত হয়।এইবাৰ অভিনেত্ৰীগৰাকীয়ে জাগীৰোড বিভিন্ন পূজা মণ্ডপত ৩০ হাজাৰ মাস্ক বিতৰণ কৰে।

আকাশবাণী নগাঁও কেন্দ্ৰৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠানে শ্ৰুোতাৰ মন জয় কৰিছে

আকাশবাণী নগাঁও কেন্দ্ৰই যোৱা চাৰিমাহ ধৰি প্ৰতি সপ্তাহৰ মঙ্গল আৰু শুক্ৰবাৰে পুৱা ৯.১৫ত প্ৰচাৰ কৰি অহা সৌজন্যমূলক সাহিত্য অনুষ্ঠানটিয়ে সচেতন শ্ৰুোতাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে এই অনুষ্ঠানটিৰ যোগেদি নপুৰণি লেখক লেখিকা সকলে তেওঁলোকৰ সদ্যপ্ৰকাশিত গল্প, প্ৰৱন্ধ,কবিতা, নাটক,উপন্যস আদি গ্ৰন্থসমূহৰ পৰিচয় শ্ৰুোতা সমাজৰ আগত দাঙি ধৰাৰ উপৰিও লেখক সকলক  পৰিচয় কৰাই দিয়া হয়।

 

 

ইতিমধ্যে অসমৰ কেবাগৰাকী প্ৰতিষ্ঠিত কবি আৰু লেখকে এই অনুষ্ঠানটিত ভাগ লৈছে ।তদুপৰি, সম্প্ৰতি কেন্দ্ৰটোৰ পৰা প্ৰচাৰ হৈ থকা ডাঃ নৰেন কুটুমৰ “ভালপোৱাৰ কথোপকথন” নামৰ কবিতা সংকলনখনৰ সমূহ কবিতা সংগীত সংযোজনাৰে ধাৰাবাহিক ভাবে প্ৰচাৰ কৰি এক ব্যতিক্ৰমী  অনুষ্ঠান কেন্দ্ৰটিয়ে শ্ৰুোতাক উপহাৰ দিবলৈ সক্ষম হৈছে।

খবৰ যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে