শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ চেন্ট পলচ্ বিদ্যালয়ৰ উদ্যোগত অলপতে বিদ্যালয়ৰ প্ৰাংগনত আন্ত: বিদ্যালয় বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হয়।বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পৰিবেশন কৰা সাংস্কৃতিক অনুষ্ঠানৰ পিছতে অনুষ্ঠানত মুখ্য অতিথি গ্ৰীনডেল বিদ্যালয়ৰ ফাডাৰ ড৹ প্ৰিন্সয়ে আন্ত: বিদ্যালয় বিজ্ঞান প্ৰদৰ্শনী শুভ উদ্বোধন কৰে। প্ৰতিযোগিতাত ৮০টাকৈও অধিক প্ৰকল্পৰ প্ৰদৰ্শন কৰা হয়। বিদ্যালয়ৰ ফাডাৰ শুশীল জন চৰেনে সংবাদ মাধ্যমক জনায় যে ৰঙাপৰাৰ ওচৰে পাজৰে থকা প্ৰায়কেইখন হাইস্কুলৰ অংশ গ্ৰহণৰে এই আন্ত: বিদ্যালয় বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হয়।প্ৰদৰ্শনীত ৰঙাপৰাৰ লগতে বালিপাৰাৰ চেন্ট জনচ্,ফুলবাৰীৰ হলি কিডচ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও অংশ গ্ৰহণ কৰে।চতুৰ্থ পৰা ষষ্ঠ মান আৰু সপ্তমৰ পৰা দশম মানলৈ দুটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰথম স্থানৰ পৰা পঞ্চম স্থানপ্ৰাপ্ত প্ৰতিযোগীক চেন্ট পলচ্ বিদ্যালয়ৰ পৰা পুৰস্কৃত কৰা হয়।ছাত্ৰ ছাত্ৰীৰ মাজত বহুতো উৎসাহ উদ্দীপনা দেখা পোৱা যায়।সহস্ৰাধিক লোকৰ উপস্থিতি আৰু ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতাই অনুষ্ঠানটো সফল কৰি তোলে।

অসমৰে এজন উদ্যমীৰ ফটো সম্বলিত হৰ্ডিঙছ বিভিন্ন ৰাজ্যৰ এয়াৰ পৰ্টত লাগিছে
এজন উদ্যমীৰ ফটো সম্বলিত হৰ্ডিঙচ দেশৰ বিভিন্ন প্ৰান্তৰ এয়াৰ পর্টত লাগিছে। উদ্যমী গৰাকীয়ে ফেচবুক ইণ্ডিয়াৰ ফালৰ পৰাও অলপতে বিশেষ সন্মান লাভ কৰিছে। ইয়াৰ অন্যতম কাৰণ হ’ল অসমৰ এই উদ্যমী গৰাকীয়ে ফেচবুকৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ লগতে থলুৱা শিল্প- সংস্কৃতিক বিশ্বমুখী কৰিছে।
এতিয়া আহো মূল প্ৰসংগলৈ।২০১৭ চনৰ কথা সৰ্থেবাৰীৰ ধ্ৰুৱজ্যোতি ডেকা নামৰ যুৱক জনে থলুৱা কিছু হস্ত শিল্প জাত সা-সামগ্ৰীয়ে ফেচবুকৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিছিল।সেই ব্যৱসায় সম্প্ৰসাৰণ হৈ বৰ্তমানে এক পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে। ধ্ৰুৱজ্যোতি ভাষাত ক’বলৈ গ’লে প্ৰথমে সৰ্থেবাৰীত পোৱা কাঁহ পিতলৰ কিছু বাচন বতনেৰে ফেচবুকৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰো।বৰ্তমানে ৩০৮৬ বিধ হস্ত শিল্প জাত সা সামগ্ৰী Brahmaputra Fables গ্ৰাহকলৈ আগবঢ়াইছো।
উল্লেখযোগ্য যে উত্তৰ পূৰ্বৰ বিভিন্ন শিল্পীয়ে এই ব্যৱসায় জৰিয়তে এখন মঞ্চ লাভ কৰিছে। তেখেতে জনোৱা মতে ইতিমধ্যে ইটালী,আমেৰিকান গ্ৰাহকেও সা সামগ্ৰী ক্ৰয় কৰিছে। ফেচবুকৰ জৰিয়তে এনেধৰণৰ সন্মান লাভ কৰা ধ্ৰুৱজ্যোতি ডেকা হ’ল অসমৰ দ্বিতীয় জন সন্তান।ধ্ৰুৱজ্যোতি ডেকাৰ এই যাত্ৰা যুগমীয়া হওক আমি জনালো অলেখ শুভকামনা।
ভিউৱাছৰ মতামত