ক’ৰবাত গান শুনিলেই ছোৱালীজনীয়ে নাচি উঠিছিল ।স্থান, কাল নাচায় সংগীতৰ তালত মত্ত হৈ পৰিছিল ।এদিন মাকে ছোৱালীজনীক সুধিছিল -তুমি নৃত্য শিকিবা নেকি? ছোৱালী জনীয়ে কৈছিল -ওম শিকিম।তাৰ পিছৰপৰা আৰম্ভ হৈছিল নৃত্যৰ প্ৰশিক্ষণ ।এয়া বৃষ্টি সৰকাৰৰ মাকৰ মন্তব্য ।উল্লেখযোগ্য যে মুম্বাইত ৬ জানুৱাৰীত অনুষ্ঠিত হোৱা ইণ্ডিয়া ডাঞ্চিং চুপাৰ ষ্টাৰত গুৱাহাটী ৰাণীৰ বৃষ্টি সৰকাৰে প্ৰথম ৰাণাৰ্ছআপ খিতাপ দখল কৰিবলৈ সক্ষম হয়।ব্লু’বেৰি কোম্পানীয়ে আয়োজন কৰা প্ৰতিযোগিতা খনত ভাৰতৰ ৩০ৰাজ্যৰ প্ৰতিযোগিতায়ে অংশগ্ৰহণ কৰিছিল ।জানিব পৰা মতে বৃষ্টিয়ে নৃত্যৰ লগতে সুন্দৰকৈ ছবিও আঁকে।সম্প্ৰতি বৃষ্টি চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি আছে।বৃষ্টিৰ সাফল্যৰ বাবে এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা অলেখ অভিনন্দন জ্ঞাপন কৰিলো ।

পশ্চিম গুৱাহাটীৰ কটাহবাৰীত কংগ্ৰেছ নেতা-কর্মীসহ ৫ শতাধিক সংখ্যালঘু লোক অগপত যোগদান
পশ্চিম গুৱাহাটীৰ নগৰাঞ্চলৰ ৬ নং ৱাৰ্ডৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল আৰু কংগ্ৰেছ দলৰ ঘাটি হিচাপে পৰিচিত ২ নং কটাহবাৰীত ২৭ জানুৱাৰীৰ সন্ধিয়া আব্দুল আজিজ, মইনুল হক, আব্দুৰ ৰচিদ, মান্নান মিশ্রি, নীলিমা খাতুন, মাৰ্জিনা খাতুনৰ নেতৃত্বত পাঁচ শতাধিক কংগ্ৰেছ কর্মী-সমৰ্থকে অগপ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে। আনহাতে এই উপলক্ষে মৌলানা কৰিব আব্দুছ চালাম কাচিমিৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত অগপ দলত যোগদান কৰা সকলক আদৰণি জনাই পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ভাষণ প্ৰসংগত বিধায়ক কলিতাই অগপ দলেহে ৰাজনীতিৰ উৰ্ধত ৰাজ্যৰ সংখ্যালঘু লোক সকলৰ কল্যাণৰ বাবে জন্মলগ্নৰে পৰা কাম কৰি অহা বুলি ব্যক্ত কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে কেৱল সংখ্যালঘু লোকক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি আক্ষেপ প্ৰকাশ কৰে। অনুষ্ঠানত আচগৰ আলী, ফজল আলী, বৰষা নাথ কলিতা, অজয়া ৰাভা, নকুল কলিতা, বলেন দাসকে ধৰি কেবাজনো অগপ নেতা উপস্থিত থাকে। আনহাতে দলত যোগদান কৰা কেইবাজনেও আগন্তক দিনত অগপৰ সাংগঠনিক দিশ শক্তিশালী কৰি দলৰ প্ৰাৰ্থী হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতা যাতে মিত্ৰজোঁটৰ হৈ পুনৰ বিজয়ী হব পাৰে তাৰ বাবে হাতে কামে নামি পৰিব বুলি সদৰি কৰে।
ভিউৱাছৰ মতামত