ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ গুৱাহাটী লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য কাৰ্য্যালয়ত ১১মাৰ্চত পূব মণ্ডলৰ অধীনৰ বিভিন্ন প্ৰকল্পৰ মুখ্য অভিযন্তা আৰু সঞ্চালকৰ সৈতে পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ এখন বৈঠক অনুষ্ঠিত হয়।বৈঠকখনত অধ্যক্ষতা কৰে বি আৰ অৰ পূব মণ্ডলৰ উপপ্ৰধান আৰ কে সাহা, নতুন দিল্লীস্থ সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ৰ উপ সঞ্চালক প্ৰধান পি এল যাদৱ, সঞ্চালক এছ কে দেওৰা, এন দিক্ষিত উপস্থিত থাকে।আনহাতে বৈঠকত এ ডি জিৰ নিৰ্মাণ কাৰ্য্য চলি থকা পথ, দলং, সুৰংগ আদিৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সকলো নিৰ্মাণ কাৰ্য্য নিৰ্দ্ধাৰিত সময়ত সম্পন্ন হয় তাৰ প্ৰতি নজৰ ৰাখিবলৈ প্ৰকল্প সমূহৰ মুখ্য অভিযন্তা আৰু দায়িত্ববাহী সঞ্চালক সকলক আহ্বান জনায়।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত