সমাগত স্বাধীনতা দিৱস।সমগ্ৰ দেশতে ৭৩সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে।কামৰূপ মহানগৰ জিলা প্ৰশাসনেও এই দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে ।এই সম্পৰ্কে আজি আয়োজিত এক সংবাদ মেলত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে খানাপাৰাত কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱস উদযাপন হ’ব।এইবাৰ তিনি দিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’ব ।স্বাধীনতা দিৱস উদযাপনৰ প্ৰথম দিনা অৰ্থাৎ ১৩ আগষ্টত স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত শ্বহীদৰ প্ৰতিমূৰ্তি চাফা আৰু ৰং কৰা, ঐতিহাসিক পুখুৰী,পাৰ্ক আদিবোৰত স্বচ্ছ অভিযান চলাব।লগতে বৃক্ষৰোপনৰ কাৰ্য্যসূচী অনুষ্ঠিত হ’ব ।বিদ্যালয় মহাবিদ্যালয় বিশেষে ৰচনা, বক্তৃতা, চিত্ৰাংকন প্ৰতিযোগিতা আদিবোৰ অনুষ্ঠিত হ’ব ।উল্লেখযোগ্য যে মহামানৱ মহাত্মা গান্ধীৰ জীৱনৰ আধাৰত এই প্ৰাইজমানি প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ’ব ।সন্ধিয়াৰ ভাগলৈ দেশপ্ৰেম মূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।আনহাতে ১৪আগষ্টত স্বাধীনতা সংগ্ৰামৰ বিষয়ক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।ইয়াৰ উপৰিও নিচা আসক্তিৰ বিৰুদ্ধে, পথ সুৰক্ষা ৰ সম্পৰ্কত সজাগতামূলক অভিযান অনুষ্ঠিত হ’ব ।উল্লেখযোগ্য যে প্ৰত্যেক বছৰৰ দৰে এইবাৰো বিশেষ ভাৱে পাৰদৰ্শিতা দেখুওৱা বীৰ যোদ্ধা সকলক সম্বৰ্ধনা জনাব।স্বাধীনতা দিৱসৰ দিনা স্কুলীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ চিনেমা হলত দেশপ্ৰেম মূলক ছবি দেখুওৱা হ’ব বুলি জানিবলৈ দিয়ে ।লগতে সমূহ জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰে।

২১ জানুৱাৰীৰ পৰা বোকাখাতত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় মেলা
বোকাখাতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় (ভাৰ্চুৱেল) অংশ গ্ৰহণেৰে ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলা ২০২১ ৷ তাৰ বাবে বোকাখাত ৰাজহুৱা খেল পথাৰত চলিছে যুদ্ধকালীন প্ৰস্তুতি ৷ ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা এই মেলা অহা ২১,২২ আৰু ২৩ জানুৱাৰীত অনুষ্ঠিত হ’ব ৷ মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ বিপনীয়ে অংশ ল’ব ৷ শনিবাৰে বিয়লি স্থানীয় বিধায়ক তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই অগ্ৰগতিৰ বুজ লয় ৷ কৃষি আৰু উদ্যান শস্যৰ সঞ্চালক মঃ জেলিলৰ লগতে কৃষি বিভাগৰ মুখ্য সচিব ৰাজেশ প্ৰসাদৰ উপৰিও জিলা আৰু মহকুমা প্ৰশাসনৰ বিষয়া বৰ্গ উপস্থিত থাকে ৷ এই মেলাত এইবাৰ ক`ভিডৰ বাবে বহিঃৰাষ্ট্ৰৰ বিপনীয়ে অংশ নল’ব যদিও আন্তঃৰাষ্ট্ৰীয় (ভাৰ্চুৱেল) অংশ গ্ৰহণ অনুষ্ঠিত হ’ব ৷ লগতে দিল্লীস্থিত বহিঃৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত সকলৰ লগতে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিছে যদিও এতিয়াও তেওঁলোকৰ নিমন্ত্ৰণ নিশ্চিত হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে ৷ মেলাত বহিঃ ৰাজ্যৰ পৰা অহিব লগা অত্যাধুনিক কৃষি সামগ্ৰী প্ৰদৰ্শনৰ লগতে ৰাজ্যৰ কৃষকে প্ৰশিক্ষণ লাভ কৰিব পাৰিব বুলি সদৰি কৰে কৃষিমন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি ৰাজ্যৰ কৃষকসকল উপকৃত হ’ব পৰাকৈ কেইখনো আলোচনাচক্ৰ অনুষ্ঠিত হ’ব ৷ অহা ২১ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি জনালে কৃষিমন্ত্ৰী অতুল বৰাই ৷ বোকাখাত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত মেলাত প্ৰতিদিনে স্থানীয় আৰু আমন্ত্ৰিত কন্ঠশিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব ৷ ইয়াৰ পূৰ্বে এই মেলা গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত কৰিছিল যদিও ২০২০ বৰ্ষটিত ক’ৰণা সৃষ্ট পৰিৱেশৰ বাবে অনুষ্ঠিত কৰিব পৰা নাছিল ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷
ভিউৱাছৰ মতামত