দেশৰ আন ৰাজ্যৰ লগতে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত ২৫ মে’ৰ পৰা আৰম্ভ হোৱা ঘৰুৱা যাত্ৰীবাহী বিমান সেৱাৰ ইতিমধ্যে দুমাহ অতিক্ৰম কৰিলে। আনহাতে বহিঃ ৰাজ্যৰ পৰা অহা বিমান যাত্ৰী সকলক স্বাস্থ্য পৰীক্ষা কৰা, কোৱাৰাইন্টাইন কেন্দ্ৰলৈ নিয়া, গন্তব্য স্থানলৈ প্ৰেৰণ কৰাৰ বাবে ২৫ মে’ৰ পৰা বিমান বন্দৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য, পৰিবহন, আৰক্ষী, কামৰূপ মহানগৰ জিলা প্ৰশাসন, আবকাৰী, কৰ, অসম ৰাজ্যিক পৰিবহন নিগম (এ.এছ.টি চি) আদি বিভাগে বিমান বন্দৰত দিনে নিশাই যাত্ৰীক সেৱা আগবঢ়াই আহিছে।
ইয়াৰ মাজতে চিকিৎসক সহ কেইবাজনো স্বাস্থ্য কৰ্মী, এ এছ টি চি ৰ কেইবাজনো চালক , পৰিবহন বিভাগৰ আয়ুক্ত আদিল খান, সচিব পবিত্ৰ খাউণ্ড , উপ-পৰিবহন আয়ুক্ত সত্যজিৎ তেৰাং, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক মুকুট দাস ক’ভিডত আক্ৰান্ত হৈছে । ইফালে বহিঃ ৰাজ্যৰ পৰা অহা যাত্ৰীসকল বিমানবন্দৰত নিজ গন্তব্য স্থানলৈ যোৱা বা স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰবাবে এক সজাগতা অভিযান আৰম্ভ কৰিছে।
বৰঝাৰ বিমানবন্দৰত পৰিবহন বিভাগৰ দায়িত্ববাহী তথা কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে ৰাজ্যৰ পৰিবহন মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, আয়ুক্ত সচিব ড০ কে কে দিবেদী, আয়ুক্ত আদিল খান, এ এছ টি চিৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীকে ধৰি বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশত এক বিশেষ যাত্ৰীৰ সজাগতা অভিযান আৰম্ভ কৰা হৈছে।
সেই অনুসৰি বাহিৰৰ পৰা অহা যাত্ৰীসকলক স্বাস্থ্য আৰু ক’ভিড সম্পৰ্কীয় গোহাৰি পত্র, হেল্পলাইন বিষয়ক গাইড লাইনৰ পুস্তিকা বিতৰণ কৰা হৈছে। পৰিবহন বিভাগৰ যানবাহন পৰিদৰ্শক, প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক, প্ৰৱৰ্তক চেকাৰ সকলে যাত্ৰীক স্বাস্থ্য বিষয়ক গোহাৰি আৰু গাইড লাইন সমূহ বিতৰণ কৰি আছে । ইফালে ইয়াৰ দ্বাৰা যাত্ৰীসকল উপকৃত হোৱাৰ লগতে পৰিবহন বিভাগক প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..
ভিউৱাছৰ মতামত