আজি পবিত্ৰ বৰদিন।খ্ৰীষ্টধৰ্মীয় লোক সকলৰ পবিত্ৰ উৎসৱ।বৰদিনৰ উপলক্ষে গীৰ্জা সমূহ সজাই পৰাই তোলা পৰিলক্ষিত হয়।পুৱাৰ ভাগত পবিত্ৰ বাইবেলৰ বাণী প্ৰচাৰ কৰি মহানগৰীৰ গ্ৰেচ গীৰ্জাৰ পাষ্টাৰ বিজয়ে কয় যে ঈশ্বৰ যীচুৰ জন্মদিনটো সকলোৱে খ্ৰীষ্টমাৰ্চ হিচাপে পালন কৰে।সকলোৱে জীৱনত খ্ৰীষ্টমাৰ্চৰ বিশেষ দিন থাকে ।লগতে তেখেতে কয় যে যি দিনাই যীশু ঈশ্বৰৰ ত্যাগৰ সত্যতাক জনা যায় জনা যায় ।সেইদিনাৰ পৰা খ্ৰীষ্টমাৰ্চ আৰম্ভ হয় ।ইয়াৰ সমান্তৰালভাৱে গীত, নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হয় ।আনহাতে পানবজাৰৰ চেণ্ট জোছেফ গীৰ্জাত সমূহীয়া প্ৰাৰ্থনা, কেক বিতৰণ হয়।নিশাৰ ভাগত যীশুৰ চিনেমা প্ৰদৰ্শন কৰে বুলি জানিব পৰা গৈছে ।উল্লেখযোগ্য যে এমাহ যোৰা প্ৰস্তুতিৰে এই পবিত্ৰ দিনটো উদযাপন কৰা হয়।

অসমৰে এজন উদ্যমী ফটো সম্বলিত হৰ্ডিঙছ বিভিন্ন ৰাজ্যৰ এয়াৰ পৰ্টত লাগিছে
এজন উদ্যমী ফটো সম্বলিত হৰ্ডিঙচ দেশৰ বিভিন্ন প্ৰান্তৰ এয়াৰ পর্টত লাগিছে। উদ্যমী গৰাকীয়ে ফেচবুক ইণ্ডিয়াৰ ফালৰ পৰাও অলপতে বিশেষ সন্মান লাভ কৰিছে। ইয়াৰ অন্যতম কাৰণ হ’ল অসমৰ এই উদ্যমী গৰাকীয়ে ফেচবুকৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ লগতে থলুৱা শিল্প- সংস্কৃতিক বিশ্বমুখী কৰিছে।
এতিয়া আহো মূল প্ৰসংগলৈ।২০১৭ চনৰ কথা সৰ্থেবাৰীৰ ধ্ৰুৱজ্যোতি ডেকা নামৰ যুৱক জনে থলুৱা কিছু হস্ত শিল্প জাত সা-সামগ্ৰীয়ে ফেচবুকৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিছিল।সেই ব্যৱসায় সম্প্ৰসাৰণ হৈ বৰ্তমানে এক পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে। ধ্ৰুৱজ্যোতি ভাষাত ক’বলৈ গ’লে প্ৰথমে সৰ্থেবাৰীত পোৱা কাঁহ পিতলৰ কিছু বাচন বতনেৰে ফেচবুকৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰো।বৰ্তমানে ৩০৮৬ বিধ হস্ত শিল্প জাত সা সামগ্ৰী Brahmaputra Fables গ্ৰাহকলৈ আগবঢ়াইছো।
উল্লেখযোগ্য যে উত্তৰ পূৰ্বৰ বিভিন্ন শিল্পীয়ে এই ব্যৱসায় জৰিয়তে এখন মঞ্চ লাভ কৰিছে। তেখেতে জনোৱা মতে ইতিমধ্যে ইটালী,আমেৰিকান গ্ৰাহকেও সা সামগ্ৰী ক্ৰয় কৰিছে। ফেচবুকৰ জৰিয়তে এনেধৰণৰ সন্মান লাভ কৰা ধ্ৰুৱজ্যোতি ডেকা হ’ল অসমৰ দ্বিতীয় জন সন্তান।ধ্ৰুৱজ্যোতি ডেকাৰ এই যাত্ৰা যুগমীয়া হওক আমি জনালো অলেখ শুভকামনা।
ভিউৱাছৰ মতামত