দেশৰ ইতিহাসত আজি এটা বিশেষ দিন। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হ’ল তিনি গৰাকী ব্যক্তি। তেখেতে সকল হ’ল বিশিষ্ট সমাজকৰ্মী নানাজী দেশমুখ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী। উল্লেখ্য যে, নানাজী দেশমুখ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ হৈ বিৰেন্দ্ৰ জিৎ সিং আৰু হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই বঁটা গ্ৰহণ কৰে। আনহাতে প্ৰণৱ মুখাৰ্জীয়ে নিজেই বঁটা গ্ৰহণ কৰে গ্ৰহণ কৰে। স্মতব্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহতে এই সৰ্বোচ্চ সন্মানৰ বাবে তিনিগৰাকী ব্যক্তি নাম ঘোষণা কৰিছিল ।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত