গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত ১৮জুলাইত দক্ষিণ কামৰূপৰ ৰঙামাটি গাঁৱৰ আদৰ্শ কৃষক চিদামোহন দাসৰ খেতিপথাৰত এপাৰ্ট প্ৰকল্পৰ অত্যাধুনিক ভুঁই ৰোৱা যন্ত্ৰৰ প্ৰদৰ্শন কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰৰ এপাৰ্ট প্ৰকল্পৰ কাৰিকৰী গৱেষণা সহায়ক অৰূপজ্যোতি কাকতি আৰু অনন্ত গগৈয়ে ১২বিঘা মাটিত কম খৰছ আৰু কম সময়ত কিদৰে অত্যাধুনিক যন্ত্ৰৰ সহায়ত ভুঁই ৰুব পাৰি তাৰ প্ৰদৰ্শন কৰে। প্ৰদৰ্শনৰ সময়ত চিদামোহন দাসৰ উপৰি অঞ্চলটোৰ কেবাগৰাকী কৃষক উপস্থিত থাকে।

নেতাজীৰ কিছু অপ্ৰকাশ্য কথাৰে…
দেশৰ স্বতন্ত্ৰ সেনানীৰ তালিকাত শীৰ্ষত থকা অন্যতম বীৰ যোদ্ধা হ’ল সুভাষ চন্দ্ৰ বসু। তেখেতে ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত জন্ম গ্ৰহণ কৰিছিল।সুভাষ চন্দ্ৰ বসু আছিল একেধাৰে বীৰ যোদ্ধা , সৈনিক আৰু দক্ষ ৰাজনীতিবিদ। তেতিয়াৰে দিনতে দেশৰ লগতে বিদেশতো তেখেতে বেচ সমাদৰ লাভ কৰিছিল।
আজাদ হিন্দ ফৌজ গঠন কৰি দেশবাসীক দেশৰ স্বাধীনতা বাবে উদ্বুদ্ধ কৰি তুলিছিল। সুভাষ চন্দ্ৰ বসুয়ে দেশবাসীক উদ্দেশ্যে কৈছিল মনত ৰাখিব সকলোতকৈ ডাঙৰ অপৰাধ হ’ল অন্যায় সহা আৰু ভুল বুলি জানিও সহমত প্ৰদান কৰা।
সৰুৱে পৰা নেতাজী আছিল অত্যন্ত মেধাসম্পন্ন। এবাৰ কলেজত এগৰাকী ইংৰাজ অধ্যাপকে ভাৰতীয় বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। তেতিয়া নেতাজীয়ে সেই মন্তব্যক বিৰোধিতা কৰাৰ বাবে শাস্তি ভুগিব লগা হৈছিল।নেতাজীয়ে মহামানৱক জাতিৰ পিতা বুলি সম্বোধন কৰিছিল।যদিও মহামানৱ মহাত্মা গান্ধী দৰ্শনৰ লগত সুভাষ চন্দ্ৰ বসুৰ দৰ্শন অমিল আছিল তথাপিও দুগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল।ইংৰাজৰ দিনতে ভাৰতীয় প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হৈও এজন সমাজসেৱক অথবা ৰাজনীতিবিদৰ হিচাপেহে দেশৰ সেৱা আগবঢ়াইছিল।
তেখেতে কৈছিল কাম কৰি যোৱা ফলাফল দাতাই দিব।এইগৰাকী বীৰক সন্মান জনাই তেখেতৰ জন্মদিনটোৰ পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়।নেতাজীৰ মৃত্যু আজিও ৰহস্য হৈয়ে থাকিল। প্ৰাপ্ত তথ্য অনুসৰি ১৯৪৫ চনৰ ১৮ আগষ্টত এক প্লেন দুৰ্ঘটনাত মৃত্যু হয়।নেতাজী জীৱিত থকা হ’লে ভাৰতীয় ৰাজনীতিয়ে অন্য মাত্ৰা লাভ কৰিলে হেতেন!এইগৰাকী মহান মনিষীৰ শুভ জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।
ভিউৱাছৰ মতামত