দেশৰ জনসাধাৰণৰ লগত সম্পৰ্ক ৰক্ষা অৰ্থে প্ৰতি দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে মন কি বাত অনুষ্ঠানত বিভিন্ন উন্নয়ন মূলক কাম কাজৰ লগতে বিভিন্ন চিন্তা চৰ্চা সম্পৰ্কে অৱগত কৰায়।আজিও ব্যতিক্ৰম নহ’ল।আজি মন কি বাত অনুষ্ঠানত স্থান লাভ কৰিলে ধুবুৰী জিলাৰ টেৰাকোটা দ’ল মেকিং শিল্পই।
আজি ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশত স্থানীয় পুতলাৰ এক সমৃদ্ধ পৰম্পৰা আছে। দেশত বহুতো শিল্পী আছে যি ভাল দেশী পুতলা নিৰ্মাণ কৰি শিল্পটোত নিপুনতা বজাই ৰাখিছে। দেশখনত এনে কিছু স্থান আছে, যি সমূহ স্থান পুতলা কেন্দ্ৰলৈ বিকশিত হ’বলৈ লৈছে। উদাহৰণস্বৰূপে কৰ্ণাটকৰ ৰামনগৰমৰ চান্নাপটনা, অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণাৰ কুণ্ডাপল্লী, তামিলনাডুৰ টাঞ্জোৰ, অসমৰ ধুবুৰী, উত্তৰ প্ৰদেশৰ বাৰানসী এনে কিছু উল্লেখনীয় স্থান।
উল্লেখযোগ্য যে ধুবুৰী পুতলা উদ্যোগৰ সম্পৰ্কত টেৰাকোটা শিল্পক বুজোৱা হৈছে। Nefocus. Com চতুৰ্থ বৰ্ষপুৰ্তিত ধুবুৰী টেৰাকোটা সামূহিক উন্নয়নৰ লগত জড়িত বিনয় ভট্ৰাচাৰ্যক সম্বৰ্ধনা জনাইছিল।বিগত ৩০বছৰে এইবিধ শিল্পক প্ৰসাৰৰ বাবে ভট্ৰাচাৰ্যই সামূহিক উন্নয়নৰ কাম কৰি আহিছে।
ভিউৱাছৰ মতামত