মহানগৰীত ৬জুলাইৰ পৰা লকডাউনত শিথিলতা থাকিব

গুৱাহাটী মহানগৰীত হোৱা ভয়াৱহ গণ সংক্ৰমণৰ কাৰণে প্ৰশাসনে ১৪দিনৰ বাবে লকডাউন ঘোষণা কৰিছিল। এই লকডাউনৰ মাজতে মহানগৰবাসী যাতে কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে লকডাউনৰ মাজতে মহানগৰীৰ গেলামালৰ দোকান সমূহ ৬জুলাই আৰু ৮জুলাইৰ দিনা পুৱা ১১বজাৰ পৰা আবেলি ৪বজালৈকে খুলিব পাৰিব।গেলামাল দোকানৰ মালিক, কৰ্মচাৰী সকলৰ লগতে দোকানৰ গ্ৰাহক সকলেও হেণ্ডগ্লোভচ আৰু সামাজিক দুৰত্ব মানি চলিব লাগিব। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ লগতে গেলামাল সামগ্ৰী সমূহৰ নাটনি ৰোধৰ ক্ষেত্ৰত থকা দায়িত্ব মালিকপক্ষই পালন কৰিব লাগিব। সমান্তৰালভাৱে দোকানী আৰু খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰো এইক্ষেত্ৰত দায়িত্ব থাকিব।

 

 

 

উল্লেখযোগ্য যে যিসকল লোকে ঘৰে ঘৰে গৈ শাক পাচলি আৰু ফলমূল বিক্ৰী কৰিছিল সেইসকল লোককো ৬জুলাই আৰু ৮জুলাইৰ দিনা পুৱা ৮বজাৰ পৰা আবেলি ২বজালৈ ঘৰে ঘৰে বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে। মহানগৰীত ৫জুলাই আৰু ৭জুলাইৰ দিনা গেলামালৰ যিসমূহ পাইকাৰী দোকান আছে সেইসমূহো আবেলি ৩বজাৰ পৰা ৬বজালৈকে খুলিব পাৰিব।

 

 

 

কালিৰ পৰা এফ চি আইৰ সকলো কাম সামাজিক দুৰত্ব মানি আৰম্ভ কৰিব পাৰিব।যিসমূহ বাহনৰ জৰিয়তে অত্যাৱশ্যকীয় সা সামগ্ৰী সমূহ কঢ়িওৱা হয় সেইসমূহ বাহন কামৰূপ মহানগৰৰ ভিতৰত কোনো ষ্টপেজত নৰখোৱাকৈ যাব পাৰিব।
স্মৰ্তব্য যে অহা ৬জুলাইৰ পৰা ৮জুলাইৰ দিনাখন পুৱা ১০বজাৰ পৰা ৩বজালৈ ঔষধৰ পাইকাৰী বিক্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে। আনহাতে পশু চিকিৎসা কেন্দ্ৰ আৰু ঔষধৰ বিপনীসমূহো ৬ জুলাই আৰু ৮ জুলাইৰ দিনা খুলিব পাৰিব।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিস্তৃতভাৱে বুজ ল`লে নিৰ্বাচন পৰ্যবেক্ষকে

অসম বিধানসভা নিৰ্বাচন-২০২১ ৰ বাবে শিৱসাগৰ নিৰ্বাচনী জিলাৰ অধীনস্থ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে নিয়োজিত নিৰ্বাচন পৰ্যবেক্ষক অভিমন্যু কুমাৰে অলপতে জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত বিষ্ণু কমল বৰা আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহা প্ৰমুখ্যে নিৰ্বাচনী কোষ সমূহৰ বিষয়ববীয়াৰ সৈতে এখন বৈঠকত মিলিত হয়।

উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন পৰ্যবেক্ষক গৰাকীয়ে প্রথম পৰ্য্যায়ত শিৱসাগৰ নিৰ্বাচনী জিলাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিস্তৃতভাৱে বুজ লয়।

জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত শিৱসাগৰ নিৰ্বাচনী জিলাত গ্ৰহণ কৰা প্ৰস্তুতি সমূহৰ বিষয়ে নিৰ্বাচন পৰ্যবেক্ষক গৰাকীৰ আগত এক বিস্তৃত অৱলোকণ দাঙি ধৰে। তেওঁ এক পাৱাৰ পইণ্ট প্ৰেজেন্টেচনৰ মাধ্যমেৰে বিভিন্ন নিৰ্বাচনী প্ৰস্তুতি যেনে, ক’ভিড-১৯ সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৱলী, ভোটগ্ৰহণ কেন্দ্ৰ সমূহত প্ৰদান কৰা মৌলিক প্ৰয়োজনীয় সা-সুবিধা সমূহ, আশী বছৰৰ উৰ্ধৰ ভোটাৰ তথা দিব্যাঙ্গ ভোটাৰ সকলৰ বাবে পোষ্টেল বেলট পেপাৰৰ সুবিধা প্ৰদান, পলিং বিষয়া সকলৰ প্ৰশিক্ষণ, মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ আৰু মডেল ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন, SVEEP -ৰ অধীনত ভোটাৰ সজাগতামূলক অভিযান আদিৰ বিষয়ে বিতং ভাৱে অৱগত কৰে।

বৈঠকত আৰক্ষী অধীক্ষক অমিতাভ সিনহাই আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। নিজ বক্তব্যত আৰক্ষী অধীক্ষক গৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচন সুচাৰুৰূপে তথা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ হকে আৰক্ষী বিভাগে জিলাখনত জ’নেল, চেক্টৰ আৰু ভোটগ্ৰহণ কেন্দ্ৰ পৰ্য্যায়ত গ্ৰহণ কৰা তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে।

জিলাখনত আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত গ্ৰহণ কৰা প্ৰস্তুতিৰ বিষয়ে বিস্তৃতভাৱে বুজ লৈ নিৰ্বাচন পৰ্যবেক্ষক গৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ বাবে বিভিন্ন ব্যতিক্ৰমী আৰু অনন্য পদক্ষেপ গ্ৰহণৰ দ্বাৰা ভোটাৰক ভোট প্ৰদান কৰিবলৈ আগ্ৰহী কৰাৰ পোষকতা কৰে। নিৰ্বাচন পৰ্যবেক্ষক অভিমন্যু কুমাৰে মহিলা পলিং বিষয়াৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ সমূহে মহিলাৰ ভোটদানৰ হাৰ বৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে। তেওঁ মডেল ভোটগ্ৰহণ কেন্দ্ৰসমূহ আকৰ্ষণীয় ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায় যাতে ইয়াৰ দ্বাৰা ভোটাৰ সকল আকৰ্ষিত হৈ বিপুল হাৰত ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। তেওঁ লগতে নিৰ্বাচন প্ৰক্ৰিয়াত ক’ভিড-১৯ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সম্পূৰ্ণৰূপে পালন কৰিবলৈ আহ্বান জনায়।

নিৰ্বাচন পৰ্যবেক্ষক গৰাকীয়ে তেওঁৰ বক্তব্যত নিৰ্বাচন প্ৰক্ৰিয়াত জড়িত সমূহ বিষয়-ববীয়াক নিজকে SVEEP -ৰ একোগৰাকী এম্বেচেডৰ বুলি ভাবি ব্যক্তিগতভাৱে ভোটাৰ সকলক সচেতন কৰাৰ দ্বাৰা তেওঁলোককক ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি এক শক্তিশালী গণতন্ত্ৰৰ ভেটি নিৰ্মাণৰ অংশীদাৰ কৰাবলৈ আহ্বান জনায়। তেওঁ সংশ্লিষ্ট সকলোকে আগন্তুক বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে, সুচাৰুৰূপে তথা নিয়াৰিকৈ সম্পন্ন কৰাৰ স্বাৰ্থত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

ধাৰাপুৰ টাইকোৱানডো অকাডেমিৰ সাফল্য -আন্তঃক্লাব ভিত্তিত টাইকোৱানডো প্ৰতিযোগিতা সম্পন্ন 

গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ টাইকোৱানডো একাডেমীৰ সাফল্যত সন্তোষ প্ৰকাশ কৰিছে ধাৰাপুৰবাসী ৰাইজে । উল্লেখনীয় যে ৰঙালী বিহুৰ উলাহ আনন্দৰ মাজতে ধাৰাপুৰ টাই কোৱান ডো অকাডেমি ৰ উদ্যোগত যোৱা ১১ এপ্ৰিলত ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত আন্তঃ ক্লাব ভিত্তিত এখনি টাইকোৱানডো প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰথমবাৰৰ বাবে ধাৰাপুৰ টাইকোৱানডো একাডেমীৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ আৰম্ভণিত এক শোভাযাত্ৰা ৰূপায়ন কৰাৰ লগতে প্ৰতিযোগিতাৰ পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে বৃহত্তৰ ধাৰাপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ধীৰেন্দ্ৰ চন্দ্ৰ দাসে । প্ৰতিযোগিতাখনত কামৰূপ মহানগৰ , কামৰূপ গ্ৰাম্য , নলবাৰী , বৰপেটা আৰু বাক্সাকে ধৰি বহু কেইখন জিলাৰ টাইকোৱানডো খেলুৱৈয়ে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাত ধাৰাপুৰ টাইকোৱানডো অকাডেমিয়ে শ্ৰেষ্ঠ দলৰ খিতাপ অর্জন কৰাৰ লগতে ধাৰাপুৰ টাইকোৱানডো একাডেমিৰ ৰিয়ান কাশ্যপ( তুকটুক) , কৌস্তুব মণি কলিতা , ৰিম্পী দাস , জীয়া দাস , জগজিৎ দাস , জ্যোতিৰ্ময় কলিতা , ঈশান দাস , বিপানশ্ৰী কাকতি আৰু তৃষ্ণা  কলিতাই সোণৰ পদক অর্জন কৰাৰ উপৰি ৰিংকু কৰোৱা , গৌতম দাস , অভিষেক দাস , স্নেহা দাস , স্নেহা সেন , বিকাশ কলিতা , হিমঞ্জিত দাস , প্ৰজ্ঞান দিকে বৈশ্য , যুৱৰাজ কলিতা , দ্বীপ কলিতা , বাৰ্ব্বী কলিতা , মধুস্মিতা কলিতা , ভৃগু দাসে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । উল্লেখনীয় যে ইতিমধ্যেই ধাৰাপুৰ টাইকোৱানডো একাডেমী যথেষ্ট সংখ্যক খেলুৱৈয়ে আন্তঃজিলা তথা ৰাষ্টীয় পৰ্য্যায়ৰ টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

দৈ ৰ টেকেলি যোগানত ব্যস্ত টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট

অসমীয়াৰ বাপতি সাহোন তিনিওটি বিহু দৈ ৰ অবিহনে উদযাপন কৰিব নোৱাৰি।বিহুৰ দিনা পুৱাই প্ৰতিটো পৰিয়ালেই দৈৰে জলপান গ্ৰহণ কৰে।সেয়ে ৰাজ্যৰ প্ৰতিজন দুগ্ধ ব্যৱসায়ী বৰ্তমান অধিক ব্যস্ত।যিহেতু টীয়ক ঠাই খনৰ নামৰ অৰ্থ টাই ভাষা অনুসৰি গাখীৰৰ উভৈনদী অঞ্চল, সেয়ে উজনি অসমত টীয়কৰ দৈৰ গুৰুত্বই সুকীয়া।প্ৰতিটো উৎসৱ পাৰ্বনত ৰাইজে টীয়কৰ এঠা দৈৰ সোৱাদ ল’বলৈ আগ্ৰহ কৰে। আজি উৰুকাৰ দিনা এই দৃশ্য টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্টৰ,২০০৩ চনতে অতি ক্ষুদ্ৰভাৱে টীয়কৰ ঐতিহাসিক নেপালী সত্ৰৰ উদীয়মান যুৱক দূৰ্লভ গোস্বামীয়ে নিজ গৃহতে অশেষ কষ্টেৰে আৰম্ভ কৰিছিল এই ব্যৱসায়।পৰৰ্ৱতী সময়ত সুদীৰ্ঘ ১৭টা বছৰ গৰকি আজি বিহু বুলি দৈনন্দিনকৈ অতিৰিক্ত প্ৰায় পাঁচ হাজাৰ দৈ গাখীৰৰ টেকেলি উজনিৰ প্ৰায়বোৰ জিলালৈ প্ৰেৰণৰ দিহা কৰাৰ সমান্তৰালকৈ ক্ৰীম,ঘিউ, পনীৰ,পেৰাকে ধৰি কেইবাবিধো দুগ্ধজাত সামগ্ৰীও যোগানৰ ব্যৱস্থা কৰিছে।উল্লেখযোগ্য যে এই ব্যৱসায়ৰ লগত ৫০০ৰো অধিক পৰিয়াল জড়িত হৈ স্বাৱলম্বিতাৰ পথ সুগম কৰিছে।ইপিনে স্থানীয় মৃৎ শিল্পৰ লগত জড়িত শতাধিক পৰিয়ালে গোস্বামী মিল্ক প্ৰডাক্টত টেকেলি যোগান ধৰি আৰ্থিক উপাৰ্জনৰ পথ সুগম কৰিছে।

বিহু নৃত্য অনুশীলন ব্যস্ত হৈ পৰিছে বহুকেইগৰাকী খেলুৱৈয়ে

সকলোতে এতিয়া অসমীয়াৰ হেপাহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি তুৰংগত উঠিছে।জুলাহত গৃহিণী,তাঁতত শিপিনী আৰু যুৱক যুৱতী ব্যস্ত হৈ পৰিছে বিহু নৃত্য অনুশীলনত।

টীয়কৰ,কাকজানৰ ফুটবল কচিং চেন্টাৰৰ খেলুৱৈসকলে খেলৰ সমান্তৰালকৈ বিহুক আদৰাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে।কান্ধত ঢোল লৈ বিহু গাইছে ভাৰতীয় মহিলা ফুটবল দলৰ গল ৰক্ষক অঞ্জনা শইকীয়াই।লগতে কেইবাগৰাকীও ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ তেখেতৰ লগত সংগত কৰিছে।খেলৰ সমান্তৰালকৈ আপোন বিহুটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে অসমীয়াৰ স্বাভিমান নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে এই পদক্ষেপ লৈছে বুলি খেলুৱৈকেইগৰাকীয়ে মন্তব্য কৰিছে।

বিহুৰ বতৰত বাঁহেৰে গামোচা প্ৰস্তুত কৰিছে এজন যুৱকে

বাঁহেৰে গামোচা প্ৰস্তুত কৰি চৰ্চা লাভ কৰিছে এজন যুৱকে। যুৱক জনে একক প্ৰচেষ্টা সাজি উলিয়াইছে বাঁহেৰে গামোচা। ৰঙালী বিহু সমাগত।ৰঙালী বিহু প্ৰাকমূৰ্হতত সকলোৱে ৰঙালীক আদৰাৰ বাবে ব্যস্ত হৈ পৰিছে। কি চহৰ অঞ্চল, কি গ্ৰাম্যাঞ্চল সকলোতে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।ৰঙালী বিহুৰ প্ৰাকক্ষণত ধিঙৰ এজন যুৱকে বাঁহেৰে গামোচা প্ৰস্তুত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । যুৱক জনৰ নাম ভৰত জ্যোতি দেৱনাথ ।

ধিঙৰ বেতকাটি গাঁৱৰ যুৱক জনে বাঁহেৰে কেৱল গামোচায়ে নহয় বাঁহৰে সত্ৰীয়া পোচাক তৈয়াৰ কৰিছে। ইয়াৰ উপৰিও বাঁহৰ গাম খাৰু,কান ফুলি, জোন বিৰি, ঢোলবিৰি, গগণা ,শৰাই আদি প্ৰস্তুত কৰিছে । জানিব পৰা মতে যুৱক জনে ব্যৱসায়ীক ভিত্তিত বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰি নিজৰ লগতে আন দহ জনকো স্বাবলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। ভৰত জ্যোতি এই প্রচেষ্টাক সকলোৱে শলাগ লৈছে।

ক’ভিডৰ বাবে কোনো যাত্ৰীবাহী ৰেল বাতিল নহয় – এন এফ ৰেলৱেৰ অতিৰিক্ত মহা প্ৰৱন্ধকৰ ঘোষণা

শেহতীয়াভাবে ক’ভিডৰ বাবে দেশৰ আন ৰাজ্যৰ লগতে অসমকে ধৰি উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ পৰিসেৱাই সামৰি লোৱা অঞ্চল সমূহত ৰেলসেৱাত কোনো প্ৰভাৱ নপৰে । বৰ্তমান চলি থকা সকলো দূৰণিবটিয়া আৰু স্থানীয় ৰেল সমূহ পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি চলাচল কৰি থাকিব । এই মন্তব্য উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ অতিৰিক্ত মহা প্ৰৱন্ধক ৰাহুল গৌতমৰ । আজি দিনৰ ভাগত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত এই মন্তব্য কৰে অতিৰিক্ত মহা প্ৰবন্ধক ৰাহুল গৌতমে । সংবাদ মেলত ৰাহুল গৌতমে কয় শেহতীয়াভাবে বৃদ্ধি পোৱা ক’ভিডৰ সংক্ৰমণৰ বিষয়টোক ৰেলৱে গুৰুত্ব সহকাৰে লৈছে । ৰেলত অহা যোৱা কৰা সকলো যাত্ৰীয়ে যাতে মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিড প্ৰ’টকল বিধি মানি চলে তাৰ ওপৰত গুৰুত্বপূৰ্ণ আৰোপ কৰা হৈছে । মাস্ক পৰিধান নকৰাকৈ কোনো লোককে ষ্টেচনত অহাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ সমান্তৰালভাৱে যাত্ৰীকো ৰেলত উঠিবলৈ দিয়া নহব । দৰকাৰ হলে মাস্ক পৰিধান নকৰা যাত্ৰীৰ পৰা জৰিমনা সংগ্ৰহ কৰা হব । বৰ্তমান অসমকে ধৰি উত্তৰ পূৱ সীমান্ত ৰেলৱেই সামৰি লোৱা বিভিন্ন ষ্টেচনৰ পৰা দৈনিক গড় হিচাপত ৮০ খন ৰেল চলাচল কৰি আছে । ইয়াৰে ২৭ খন ৰেল হল স্থানীয় । পূৰ্বতে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ ফালৰ পৰা ৰেলৱে বৰ্ডক যাত্ৰীৰ চাহিদা অনুপাতে প্ৰায় ৪০ খন ৰেল চলাচল কৰোৱাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল । কিন্ত শেহতিয়াকৈ বৃদ্ধি পোৱা ক’ভিডৰ বাবে এই প্ৰস্তাৱ সাময়িকভাৱে স্থগিত ৰখা হৈছে । ৰাজ্য চৰকাৰৰ পৰা সেউজ সংকেত পালে আৰু পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ অহাৰ পাছতহে অতিৰিক্ত ৰেল চলাচল কৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হব । আনহাতে কোনো ধৰণৰ উৰা বাতৰিট গুৰুত্ব নিদিবলৈ আৰু সংবাদ মাধ্যমে যাতে এইক্ষেত্ৰত এক ইতিবাচক ভূমিকা আছে কৰে তাৰ ওপৰত ৰাহুল গৌতমে গুৰুত্ব আৰোপ কৰে । সংবাদ মেলত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ প্ৰধান মুখ্য পৰিচালন প্ৰবন্ধক উৎপলাপৰ্ণ হাজৰিকা, মুখ্য বাণিজ্য প্ৰবন্ধক তনবীৰ হাছান , উপ মহা প্ৰবন্ধক প্ৰণৱজ্যোতি শৰ্মা , মুখ্য জনসম্পৰ্কী বিষয়া শুভানন চন্দ উপস্থিত থাকে ।