যোগ্যজনক উচিত মৰ্য্যদা প্ৰদান কৰিলে।মানৱতাৰ পৰিচয়ৰে হৃদয় জিনা দুজন আৰক্ষী বিষয়াক আৰক্ষী আয়ুক্ত দীপক কুমাৰে সম্বৰ্দ্ধনা জনায় । সম্বৰ্দ্ধনা জনাই আয়ুক্ত দীপক কুমাৰে কয় যে তেওঁলোকক কৰা কামৰ মাজত মানৱ সেৱাৰ মনোভাৱে ফুটি উঠিছে।সম্বৰ্দ্ধনা লাভ কৰা আৰক্ষী কনিষ্টবল দুজন হৈছে অৱদিশ কুমাৰ ৰায় আৰু উপপৰিদৰ্শক ৰাজা চৰকাৰ।উল্লেখযোগ্য যে দুৰ্গাপূজাৰ অষ্টমী ৰাতি ১বজাত দতালপাৰাত মটৰ চাইকেল আৰু টেম্পোৰ মাজত সংঘৰ্ষ সংঘটিত হৈছিল ।দুৰ্ঘটনাটোত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল এজন মটৰ চাইকেল আৰোহী।দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী উপপৰিদৰ্শক ৰাজা চৰকাৰৰ নেতৃত্বত কনিষ্টবল অৱদিশ কুমাৰ ৰায় উপস্থিত হৈ যান বাহন নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনাৰ ফলত পথত পৰি থকা ভগা গ্লাছ সমূহ ঝাডু লৈ ৰাতিয়ে সাৰি পেলায়।স্মতৰ্ব্য যে এই খবৰ চ’চিয়েল মেডিয়াৰ জৰিয়তে ভাইৰেল হোৱাৰ পিছত কনিষ্টবল গৰাকীক বিভিন্ন জনে প্ৰশংসা ৰে উপচাই পেলাইছিল।

ৰাণী আন্ধেৰীজুলীত দুখীয়া লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ
সামাজিক, অৰ্থনৈতিক, শৈক্ষিক , সাংস্কৃতিক আদি দিশ সামৰি স্বায়ত্ত শাসিত পৰিষদে সমমৰ্য্যদাৰে সঠিক ৰূপত আগবঢ়াই নিবলৈ অহৰহ চেষ্টা চলাই অহা কাৰ্যই অঞ্চলটোত দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে। তাৰেই অংশস্বৰূপে আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৩৬ নং পৰিষদীয় সমষ্টিৰ উদ্যোগত ২০১৯-২০ বিত্তীয় বৰ্ষৰ আৰ্থিক অনুদানৰে বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। মহানগৰী সমীপৰ ৰাণীৰ আন্ধেৰীজুলীত স্থায়ী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত এই বিতৰণ কাৰ্যসূচীত ৩৬ নং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা, ৰাণী ৰাভা ছাত্র সন্থাৰ সম্পাদক জিতেন ৰাভা, ৰাভা মহিলা পৰিষদৰ সভানেত্রী মঞ্জু ৰাভা, সুনীতা বড়ো, ৰাভা মহিলা মনিটৰিং কমিটিৰ সদস্য মইনা বড়ো, পাপৰি বড়ো, সুনিতা মেধীকে ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানত অঞ্চলটোৰ কৃষক, শিপিনী, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, দৰ্জী, দুখীয়া-দৰিদ্ৰ পৰিয়ালক সামৰি প্ৰায় পাচ শতাধিক হিতাধিকাৰিক স্প্ৰে মেচিন, টিনপাট, পাম্প চেট, প্লাষ্টিক শ্বেয়াৰ, কম্বল , আঠুৱা, ফুটবল বেডশ্বিট আদি বিতৰণ কৰা হয়।পৰৱৰ্তী সময়তো দুখীয়া লোকসকলক এনেদৰে সামগ্ৰী বিতৰণ কৰা হ’ব বুলি সমষ্টিটোৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভাই জানিবলৈ দিয়ে।
ভিউৱাছৰ মতামত