মুখ্যমন্ত্ৰীক দুখন নতুন অভয়াৰণ্য গঠনৰ প্ৰস্তাৱ দিলে নেচাৰ্ছ বেকনে

গোৱালপাৰা জিলা প্ৰাচীন কামৰূপ তথা অসমৰ এটা প্ৰাচীনতম অঞ্চল। হাজাৰ হাজাৰ বছৰ ধৰি এই অঞ্চল ভাৰতীয় সভ্যতাৰ লগত সংপৃক্ত হৈ আছে। গোৱালপাৰা অঞ্চলত পোৱা প্ৰাচীন মন্দিৰ, বৌদ্ধ মঠ, শিলালিপি,স্বৰ্ণমুদ্ৰা আৰু প্ৰাচীন প্ৰত্ন-সম্পদে তাৰ সাক্ষ্য বহন কৰি আহিছে। ভাৰতৰ প্ৰাচীনতম শিলৰ গণেশ মন্দিৰ, ভাৰতৰ অন্যতম প্ৰাচীন বৌদ্ধ স্তুপ আৰু মূৰ্তিখচিত শিলা মন্দিৰ শ্ৰীসূৰ্য পাহাৰ তাৰে উৎকৃষ্ট নিৰ্দশন। অৰণ্য আৰু বন্যপ্ৰাণীৰ বাসভূমি হিচাপে গোৱালপাৰা অঞ্চল অত্যন্ত সমৃদ্ধ। গোৱালপাৰাৰ অৰণ্য অসমৰ বনৰীয়া হাতীবোৰৰ প্ৰধান বাসস্থান তথা আশ্ৰয়স্থল। গোৱালপাৰাৰ অৰণ্য অসংখ্য স্তন্যপায়ী বন্যপ্ৰাণী আৰু বনৰীয়া চৰাইৰ বাসস্থান। ইমান সমৃদ্ধশালী বন্যপ্ৰাণীৰ বাসস্থান হোৱাৰ পিছতো গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীবোৰৰ সংৰক্ষণৰ বাবে আজিলৈকে কোনো স্থায়ী সংৰক্ষণ পদক্ষেপ লোৱা হোৱা নাই। গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীবোৰ চৰম ৰূপত অৱহেলিত হৈ আহিছে। ভাৰত স্বাধীন হোৱাৰ পিছতো অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে এই গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীক গুৰুত্ব প্ৰদান কৰা নাই। এই অৱহেলাৰ ফলত গোৱালপাৰা অঞ্চলৰ অৰণ্য আৰু বন্যপ্ৰাণীৰ যথেষ্ট ক্ষতিসাধন হৈছে। অৰণ্য বেদখল, কাঠৰ চোৰাং কাৰবাৰ, বন্যপ্ৰাণীৰ অবৈধ চিকাৰ আৰু বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ অবৈধ ব্যৱসায়ৰ লগতে খেতিৰ বাবে অৰণ্য অপসাৰণ কৰি খেতি মাটি মোকলোৱাৰ ফলত গোৱালপাৰা জিলাৰ অধিকাংশ অৰণ্য আজি প্ৰায় ধ্বংস হোৱাৰ পথত। এটা সময়ত পূৰ্ব-পাকিস্তানৰ পৰা অহা জনস্ৰোতেও গোৱালপাৰা জিলাৰ বহুত বনাঞ্চল বেদখল কৰি ধ্বংস কৰিছে। এটা সময়ত গোৱালপাৰাৰ অৰণ্যত বহুত বনৰীয়া গৰু পোৱা গৈছিল কিন্তু মাংসৰ বাবে এই গৰুবোৰক হত্যা কৰি গোৱালপাৰাৰ অৰণ্যৰ পৰা বনৰীয়া গৰুবোৰক নিঃশেষ কৰি দিয়া হৈছে। গোৱালপাৰাৰ অৰণ্যত আগতে প্ৰচুৰ হলৌ বান্দৰ পোৱা গৈছিল। আমি সকলোৱে জানো যে হলৌ ভাৰতত পোৱা একমাত্ৰ বন মানুহ। গোৱালপাৰাত পূৰ্বতে ইমানে হলৌ আছিল যে বৰ্তমান গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা এখন পাহাৰৰ নাম হলৌ কান্দা পাহাৰ। কিন্তু আমাৰ দুৰ্ভাগ্য যে বৰ্তমান গোৱালপাৰাৰ অৰণ্যত হলৌ বিচাৰি পোৱা নাযায়। গোৱালপাৰাৰ অৰণ্য ধ্বংসই গোৱালপাৰাৰ পৰা হলৌ বান্দৰক নিশ্চিহ্ন কৰি দিছে। বৰ্তমান গোৱালপাৰা জিলাৰ যি নামমাত্ৰ বনভূমি আৰু অমূল্য বন্যপ্ৰাণীয়ে বৰ্তমান অস্তিত্ব ৰক্ষা কৰি জীয়াই আছে তাক অতি শীঘ্ৰে স্থায়ী ৰূপত সংৰক্ষণ কৰাটো অতি প্ৰয়োজন।
*গোৱালপাৰা জিলাৰ দুখন অত্যন্ত সমৃদ্ধশালী অৰণ্যৰ নাম পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্য।* উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনে যোৱা দহ বছৰৰ অধিক কাল ধৰি এই দুই অৰণ্যৰ বন্যপ্ৰাণী অধ্যয়নৰ কামত ব্ৰতী হৈ আছে। এই দুখন অৰণ্য বনৰীয়া হাতীবোৰৰ প্ৰধান আশ্ৰয়স্থল। বনৰীয়া হাতীৰ বাহিৰেও—নাহৰফুটুকী বাঘ (Leopard), লাজুকী বান্দৰ (Slow Loris), খুটীয়া পহু (Hog Deer), সুগৰী পহু (Barking Deer), শৰ পহু (Sambar), মাটি ভালুক (Sloth Bear), বিণ্টুৰং (Binturong), কেটেলা পহু (Indian Porcupine), বনৰৌ (Indian Pangolin), কেঁকোৰা খোৱা নেউল (Crabeating Mongoose) আদি অসংখ্য স্তন্যপায়ী বন্যপ্ৰাণী এই দুই অৰণ্যত বসবাস কৰে। বনৰীয়া চৰাইৰ ক্ষেত্ৰতো এই দুই অৰণ্য অত্যন্ত সমৃদ্ধ। নেচাৰ্চ বেকনৰ অনুসন্ধানকাৰী দলে *পঞ্চৰত্নৰ অৰণ্যত ১৬৮ প্ৰজাতিৰ বনৰীয়া চৰাই আৰু অজগৰ অৰণ্যত ১৯৬ প্ৰজাতিৰ বনৰীয়া চৰাই নথিভুক্ত কৰিছে* আৰু এই কামটো বৰ্তমানেও চলি আছে। পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্যত নেচাৰ্চ বেকনৰ অনুসন্ধানকাৰী দলে মুঠ ৩৬ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণীৰ সন্ধান পাইছে। গোৱালপাৰা জিলাৰ এই দুখন অৰণ্যই বৰ্তমানেও স্ব-মহিমাত বহুত আপুৰুগীয়া বন্যপ্ৰাণীক ধাৰণ কৰি আছে। অতি সোনকালে এই দুখন অৰণ্যক অভয়াৰণ্যৰূপে সংৰক্ষিত কৰাটো অত্যন্ত প্ৰয়োজন। পঞ্চৰত্নৰ অৰণ্যক ‘পঞ্চৰত্ন অভয়াৰণ্য’’ আৰু অজগৰ অৰণ্যক ‘‘অজগৰ অভয়াৰণ্য’’ৰূপে সংৰক্ষিত কৰিব লাগিব। উল্লেখযোগ্য যে *প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৯৭৬.০৮ হেক্টৰ বনভূমিক আগুৰি আছে আৰু প্ৰস্তাৱিত অজগৰ অভয়াৰণ্য ৪২৪০.০৮ হেক্টৰ বনভূমি আছে।* প্ৰস্তাৱিত অজগৰ অভয়াৰণ্যৰ দক্ষিণ সীমা গাৰো পাহাৰৰ লগত সংলগ্ন সেয়েহে অসম আৰু মেঘালয়ৰ হাতীবোৰে এই বনভূমিৰ মাজেৰেই অহাযোৱা কৰে। প্ৰস্তাৱিত অজগৰ অভয়াৰণ্যত স্থায়ী ৰূপে বহুত বনৰীয়া হাতীয়ে বসবাস কৰে।
প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য হাতী সম্বন্ধীয় এটা বিশেষ কাৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। নেচাৰ্চ বেকনৰ প্ৰকৃতিবিদ কৃপালোচন দাসে আজি দহ বছৰতকৈও অধিক সময় ধৰি গোৱালপাৰা অঞ্চলৰ বনৰীয়া হাতীৰ স্বভাৱ পৰ্যৱেক্ষণ তথা হাতীৰ চলাচল অনুসন্ধান কৰি আছে। এই অধ্যয়নৰ ফলত এই কথা পোহৰলৈ আহিছে যে প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য বনৰীয়া হাতীৰ সন্তান প্ৰসৱ কৰাৰ স্থান। হাতীবোৰে পৰম্পৰাগতভাৱে এটা নিৰ্দিষ্ট অৰণ্যত সন্তান প্ৰসৱ কৰে। বৰ্তমান অৰণ্য ধ্বংস হোৱাৰ ফলত হাতীবোৰৰ সন্তান প্ৰসৱ কৰাৰ স্থানবোৰ ধ্বংসপ্ৰাপ্ত হৈছে ফলত বনৰীয়া হাতীবোৰে অভূতপূৰ্ব সমস্যাৰ সন্মুখীন হৈছে। পঞ্চৰত্নৰ অৰণ্য, হাতীবোৰৰ সন্তান প্ৰসৱ কৰা ঠাই। সেয়েহে হাতীবোৰে নিয়মিত ৰূপত তাত বৰ্তমানেও সন্তান প্ৰসৱ কৰে। হাতী সংৰক্ষণৰ দৃষ্টিভংগীত হাতীৰ প্ৰসূতি ঘৰ পঞ্চৰত্নৰ অৰণ্যক স্থায়ী ৰূপত অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰিব লাগিব। সেই বাবেই হয়তো প্ৰাচীন কামৰূপ তথা ভাৰতৰ জ্ঞানী লোকসকলে এই অৰণ্যক ‘‘পঞ্চৰত্নৰ পবিত্ৰ অৰণ্য’’ৰূপে পৰম্পৰাগতভাৱে সংৰক্ষিত কৰিছিল। গোৱালপাৰা জিলাৰ পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্যক পৃথকে পৃথকে দুখন অভয়াৰণ্য গঠন কৰাৰ বাবে নেচাৰ্চ বেকনে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।
এই সংক্ৰান্তত নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই সংগঠনৰ হৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিক প্ৰস্তাৱ প্ৰদান কৰিছে। প্ৰস্তাৱত পঞ্চৰত্ন আৰু অজগৰ অৰণ্যক পৃথকে পৃথকে দুখন অভয়াৰণ্য গঠন কৰাৰ বাবে অনুৰোধ কৰা হৈছে। ৩০ জুনত অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ হাততো প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য আৰু প্ৰস্তাৱিত অজগৰ অভয়াৰণ্যৰ আনুষ্ঠানিক প্ৰস্তাৱ পত্ৰ প্ৰদান কৰা হয়। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগত নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই ৩০ জুন ২০২১ তাৰিখে দীৰ্ঘ আলোচনাত মিলিত হয়। হাতী সংৰক্ষণৰ বিষয়ৰ লগতে অসমৰ অৰণ্য আৰু বন্যপ্ৰাণীৰ বিষয়ে বিভিন্ন কথা আলোচনা হয়। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অত্যন্ত ধনাত্মক আচৰণ প্ৰদৰ্শন কৰে। বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ অৰণ্য সংৰক্ষণৰ কাম সুস্থভাৱে সম্পন্ন হ’ব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ সচিব জয়ন্তমল্ল বৰুৱাৰ লগতো অসমৰ অৰণ্য আৰু বন্যপ্ৰাণী সম্পৰ্কে সৌম্যদ্বীপ দত্তই বিস্তাৰিত আলোচনা কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি নেচাৰ্চ বেকনৰ পূৰ্ণ আস্থা আছে আৰু অৰণ্য তথা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহুত ভাল কাম হ’ব বুলি নেচাৰ্চ বেকনে আস্থাৱান বুলি জানিবলৈ দিছে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে সৰ্বানন্দ সোণোৱালৰ নাম ঘোষণা বিজেপিৰ

ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে সৰ্বানন্দ সোণোৱালক নাম প্ৰক্ষেপ বিজেপিৰ।অসমকে ধৰি আন পাঁচখন ৰাজ্যত অহা ৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ উপ-নিৰ্বাচন।উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে অসম আৰু মধ্যপ্ৰদেশৰ বাবে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে অসমৰ একমাত্ৰ আসনখনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

উল্লেখ্য যে বিশ্বজিত দৈমাৰীয়ে পদত্যাগ কৰাৰ পিছৰে পৰা ৰাজ্যসভাৰ আসনখন খালী হৈ আছিল।৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২২ ছেপ্তেম্বৰ।ইফালে বিজেপিয়ে মধ্য প্ৰদেশৰ আসনখনৰ বাবে ডাঃ এল মুৰুগানক প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে।

এন আৰ এলৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ২৮ তম বাৰ্ষিক সাধাৰণ সভাখন ১৮ ছেপ্টেম্বৰ শনিবাৰে কোম্পানীটোৰ গুৱাহাটীস্থিত কৰ্পোৰেট কাৰ্যালয়ত অনুষ্ঠিত হয়।এন আৰ এলৰ অধ্যক্ষ আৰু অইল ইণ্ডিয়া লিমিটেডৰ চি এম ডি এছ চি মিশ্ৰই সভাপতিত্ব কৰা সাধাৰণ সভাখনত এন আৰ এলৰ এম ডি এছ কে বৰুৱা আৰু এন আৰ এল বোৰ্ডৰ অন্য সদস্য সকল তথা কোম্পানীটোৰ শ্বেয়াৰহল্ডাৰ সকলে অংশগ্ৰহণ কৰে।কোম্পানীটোৰ বিত্তীয় বৰ্ষ ২০২০-২১ ৰ সময়ছোৱাত ৩৫৭ শতাংশৰ সৰ্বাধিক লাভাংশ(প্ৰতি ১০ টকাৰ ৩৭.৫ প্ৰতি পূৰ্ণ ইকুইট শ্বেয়াৰ) ঘোষণা কৰে।বৰ্তমানলৈ কোম্পানীটোৰ সৰ্বাধিক ৰূপে পৰিগণিত এই লাভাংশ ২০২০-২১ বিত্তীয় বৰ্ষটোত মধ্যৱৰ্তী লাভাংশ ৰূপে ইতিমধ্যে প্ৰদান কৰা হৈছে।২০২০-২১ বিত্তীয় বৰ্ষটো বিভিন্ন প্ৰতিকূল নেওচি আভ্যন্তৰীণ শক্তি ,অভিযোজন ক্ষমতা আৰু শক্তিশালী ইনকিল্ট চিমেণ্ট আৰু প্ৰক্ৰিয়াৰ বলত যোগাত্মক ফলাফলেৰে সমাপ্ত হয়।

২০২০-২১ বিত্তীয় বৰ্ষৰ মুখ্য তাৎপৰ্যপূৰ্ণ দিশ আছিল ২৫ মাৰ্চত স্বাক্ষৰিত শ্বেয়াৰ ক্ৰয় চুক্তিৰ মাধ্যমেৰে মেজৰিটি ইকুইটি শ্বেয়াৰহল্ডিঙৰ জৰিয়তে অইলে হল্ডিঙ কোম্পানীৰ ৰূপে এন আৰ এলৰ মালিকিস্বত্ব গ্ৰহণ কৰা।এই ঐতিহাসিক উন্নয়ন বিষয়ে এন আৰ এল আৰু অইলৰ মাজত হোৱা অংশীদাৰিত্বই সুন্দৰ সময়ৰে আগবাঢ়িব আৰু ৰাষ্ট্ৰৰ শক্তি সুৰক্ষা নিশ্চিত কৰা তথা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অৱদান আগবঢ়াব।এক হিতাধিকাৰী ৰূপে ই আই এলৰ উপস্থিতি কোম্পানীটোৰ কাৰিকৰী বিশেষজ্ঞতাক অধিক আগুৱাই লৈ যোৱাত অৰিহণা যোগাব।

২০২০-২১ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ৰিফাইনেৰীটোৱে ২,৭০৭ টি এম টি খাৰুৱা তেলৰ শোষণ কৰে, যি বিগত বিত্তীয় বৰ্ষৰ তুলনাত ১৪ শতাংশ অধিক।কোম্পানীটোৱে ৪২ টি এম টি খাৰুৱা তেলৰ আমদানি কৰে যি ৰিফাইনেৰী টোত শোধন কৰা হয়।বিগত বৰ্ষ তুলনাত এইচ এছ ডিৰ ক্ষেত্ৰত ১২ শতাংশ অধিক তৈয়াৰ কৰি ১.৮০৯ টি এম টি আৰু ৩৬ শতাংশ বৃদ্ধিৰে এম এছত ৬৩৬ টি এম টি উৎপাদন কৰা হয়।ৰিফাইনেৰীটোৱে বৰ্তমান লৈকে সৰ্বাধিক ৪৭ টি এম টি ম’ম উৎপাদন কৰে।যি বিগত বৰ্ষৰ তুলনাত ১৭ শতাংশ অধিক।একেদৰে ৩৩ শতাংশ বৃদ্ধিৰে ৫৭ টি এম টি এল পি জি বটলিং কৰে যি বৰ্তমান লৈকে সৰ্বাধিক ৰূপে পৰিগণিত হৈছে।

২০২০-২১ বিত্তীয় বৰ্ষৰ সময়ছোৱাত বিক্ৰীৰ পৰিমাণ ২,৯২৪ টি এম টি হয়।এই পৰিমাণ বিগত বিত্তীয় বৰ্ষত ২,৩৬১ টি এম টি আছিল বিক্ৰীৰ পৰিমাণ বিগত বিত্তীয় তুলনাত ২৩.৯ শতাংশ বৃদ্ধি হয়।এইচ এছ ডিৰ বিক্ৰী বিগত বৰ্ষৰ ১,৫৪১ টি এম টিৰ পৰা বৃদ্ধি হৈ ১,৮৩৫ টি এম টি হয়।একেদৰে বিগত বিত্তীয় বৰ্ষত ৪৫৮ টি এম টি এম এছৰ বিক্ৰী হৈছিল,যি বিত্তীয় বৰ্ষ ২০২০-২১ত বুদ্ধি হৈ সৰ্বাধিক ৬৪৭ টি এম টি হয়।আনহাতে ম’মৰ বিক্ৰী ক্ষেত্ৰত সৰ্বাধিক ৪৭ টি এম টি বিক্ৰীৰ অভিলেখ সৃষ্টি হয়।

২০২৯-২১ বিত্তীয় বৰ্ষত কোম্পানীৰ পৰিচালনা পৰা ১৮,৫৪৪ কোটি টকা ৰাজহ অর্জন কৰা হয় যি বিগত বিত্তীয় বৰ্ষৰ ১৪,০৭৩ কোটি টকাৰ তুলনাত ৩১.৭৭শতাংশ অধিক হয়।অধিক খাৰুৱা তেল শোধন আৰু অভাৱ অল মাৰ্জিন বৃদ্ধিৰ ফলত এন আৰ এলৰ লাভ ৩,০৩৬ কোটি টকা হয় যি যোৱা বিত্তীয় বৰ্ষৰ তুলনাত ১২০ শতাংশ বৃদ্ধি পায় তথা বৰ্তমালৈ সৰ্বোচ্চ বুলি পৰিগণিত হয়।কোম্পানীৰ নেটমূল্য বিগত বিত্তীয় বৰ্ষৰ ৫,৩০৪ কোটি টকাৰ পৰা বৃদ্ধি হৈ ৩১ মাৰ্চ ত ৫,৫৯৬ কোটি টকা হয়।উৎকৃষ্ট বিত্তীয় প্ৰদৰ্শন বাবে ৰাজকোষত ৬,৪৬৮ কোটি টকাৰ অনুদান প্ৰদান কৰা হয় যি বৰ্তমানলৈকে সৰ্বাধিক।
পুঁজিগত বিনিয়োগ আৰু প্ৰকল্প:-
কোম্পানীটোৱে নুমলীগড় ৰিফাইনেৰী বিস্তাৰ প্ৰকল্প ২ জি ইথেন’ল প্ৰকল্প আৰু ভাৰত বাংলাদেশ মৈত্ৰী পাইপলাইন নামৰ মুখ্য প্ৰকল্প সমূহৰ ৰূপায়ন কাম অব্যাহত ৰাখিছে আৰু যুদ্ধকালীন ক্ষীপ্ৰতাৰে কাম সমূহ অগ্ৰগতিৰ লাভ কৰিছে।প্ৰায় ২৮,০০০ কোটি টকা আনুমানিক ব্যয় সাপেক্ষে নুমলীগড় ৰিফাইনেৰী সম্প্ৰসাৰণ প্ৰকল্প জৰিয়তে ৰিফাইনেৰীটোৰ ক্ষমতা ৩,০ এম এম টি পি এৰ পৰা বৃদ্ধি কৰি ৯.০ এম এম টি পি এ কৰা ওড়িশাৰ পাৰাদ্বীপ বন্দৰত খাৰুৱা তেলৰ আমদানি টাৰ্মিনেলৰ নিৰ্মাণ আৰু পাৰাদ্বীপ বন্দৰৰ পৰা ১,৬৩৫ কিলোমিটাৰ দীঘল ক্ৰ’ছ কাণ্টি ক্ৰুড অইল পাইপলাইন বহোৱাৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে এই প্ৰকল্প সমূহৰ লগতে গ্ৰহণ কৰা অন্য প্ৰকল্প সমূহ জৰিয়তে এন আৰ এলে এতিয়ালৈকে সৰ্বাধিক ৯২৪ কোটি টকাৰ পুঁজি বিনিয়োগ কৰিছে।

তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত শেহতীয়া আৰু সৰ্বোত্তম প্ৰথা প্ৰণালী সমূহ অৱলম্বন কৰা এন আৰ এল যথেষ্ট আগৰণুৱা।২০২৯-২১ বিত্তীয় বৰ্ষত কেইবাটাও ডিজিটেল পদক্ষেপ গ্ৰহণ কৰে।ইয়াৰ ভিতৰত উল্লেখযোগ্য ২০২০ চনৰ আগষ্ট মাহত শুভাৰম্ভ কৰা পেপাৰলেছ অ’ফিছ ছলুশ্বন আৰোহণ,যাৰ ফলশ্ৰুতিত ক্ৰয় চক্ৰত সমগ্ৰ ডিজিটেল পৰিবৰ্তন এছ এ পিৰ জৰিয়তে সাধন কৰা হয়।ভৱিষ্যতে এইছ আৰ ,লাভ প্ৰবন্ধৰ আৰু অন্যান্য আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়া সম্বন্ধিতে সকলো ব্যৱসায়িক প্ৰক্ৰিয়া ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হ’ব S/4 HANA(High performance Analytcal Appliance) নামৰ মাইগ্ৰেছন প্ৰকল্প ২০২০ চনৰ ডিচেম্বৰ মাহত আৰম্ভ কৰি আন এটা গুৰুত্বপূৰ্ণ বিকাশ সাধন কৰা হয়।এই প্ৰণালীৰ জৰিয়তে এম্বেডেড বিশ্লেষণাত্মক ক্ষমতা লগত ডাটা ক্ষীপ্ৰতাৰ প্ৰ’ছেচ কৰাৰ ক্ষমতাৰ কাৰণে কাৰ্য্য নিষ্পাদনৰ ক্ষেত্ৰত সহায়ক হ’ব।অন্য পদক্ষেপ সমূহৰ ভিতৰত ক্লাউড হোষ্টেল ডিজিটেল কেপিটেল প্ৰ’জেক্ট মেনেজমেণ্ট টুলছ ইমচিভ ভি আৰ ট্রেনিং ফ’ৰ চেফটি এণ্ড মাৰ্কেটিং অ’পৰেছন ইত্যাদি সন্নিবিষ্ট।

যি সময়ত ক’ভিড মহামাৰী বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে, এন আৰ এলে পৰিস্থিতি লগত মুকাবিলা কৰিবৰ বাবে সুবিধা আৰু ব্যৱস্থাৱলী বৃদ্ধি কৰি সকলো ফালৰ পৰা সমৰ্থন দিয়াৰ বাবে আগবাঢ়ি আহিছে।এন আৰ এলে চি এচ আৰৰ জৰিয়তে ক’ভিডৰ লগত যুজঁ দিবলৈ ৩৬ কোটি টকা নিৰ্ধাৰণ কৰে।এই ধনৰাশি আই চি ইউ সুবিধা যুক্ত ১২০ খন বিচনা ক’ভিড কেয়াৰ চেণ্টাৰ এটা ,কেইবাটাও অক্সিজেন প্লাণ্ট স্থাপন,কেইবাটাও ক’ভিড চেণ্টাৰ তথা কেইবাটাও বিনামূলীয়া ভেকচিন প্ৰদান কেন্দ্ৰ আদি স্থাপন কৰি সেৱা আগবঢ়ায়।

লাভলীনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিয়া উপহাৰ নিলাম

★লাভলীনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিয়া উপহাৰ নিলাম।
★১.৯ কোটি টকালৈকে উঠিছে লাভলীনাৰ হেণ্ড গ্লু’ভছৰ মূল্য।
★নিলামত দ্বিতীয় সৰ্বাধিক মূল্য নিৰ্ধাৰণ হয় নীৰজ চোপ্ৰাৰ জেভলীন।

★প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে ৭১ বছৰীয়া জন্মদিন পালন কৰিলে।

★প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ৭১ সংখ্যক জন্ম দিনাৰ দিনা উপহাৰসমূহৰ নিলাম আৰম্ভ কৰিছিল।

★দেশৰ সংস্কৃতি মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকাসমূহৰ ই-নিলামৰ আয়োজন কৰিছে।

★ই-নিলামত টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈসকলৰ হাতমোজা, ৰেকেট আৰু অন্যান্য সামগ্ৰীও সামৰি লোৱা হৈছে।

★নিলামৰ এই প্ৰথম দিনাই আকাশলংঘী মূল্য লাভ কৰে দুই অলিম্পিক বিজয়ীৰ ক্ৰীড়া সঁজুলীয়ে।

★নিলামৰ প্ৰথম দিনাই ১.৯ কোটি টকা ধাৰ্য হয় লাভলীনাৰ হেণ্ড গ্লু’ভছৰ।

★প্ৰথম দিনটোতে ১.৯ কোটি টকালৈকে উঠিছে খেলুৱৈগৰাকীৰ হেণ্ড গ্লু’ভছৰ মূল্য।

★গ্লুভছযোৰৰ BASE PRICE আছিল ৮০ লাখ।

★অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত লাভলীনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ হিচাপে দিছিল হেণ্ড গ্লু’ভছযোৰ।

★নিলামত দ্বিতীয় সৰ্বাধিক মূল্য নিৰ্ধাৰণ হয় নীৰজ চোপ্ৰাৰ সোণৰ পদক আজোৰা জেভলীন।ইয়াৰ মূল্য নিৰ্ধাৰণ হয় ১.৫৫ কোটি টকা।

★নিলামত উঠা খেলুৱৈসকলৰ সঁজুলি ক্ৰয় কৰিবলৈ বহু লোক আগ্ৰহী হৈছে।

★নিলামত প্ৰাপ্ত ধনসমূহ নমামি গংগা প্ৰকল্পত ব্যৱহাৰ কৰা হ’ব।১৭ ছেপ্টেম্বৰত আৰম্ভ হোৱা এই ই-নিলাম ৭ অক্টোবৰলৈকে অব্যাহত থাকিব।

২০সংখ্যাক জুনিয়ৰ ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতালৈ বিশ্বনাথ জিলাৰ পৰা ৯গৰাকী খেলুৱৈ নিৰ্বাচিত

সমৰ কলাৰ এক অন্যতম ভাগ হৈছে উশ্বু । বিশ্বনাথ জিলাখনত চতিয়াৰ যুৱক পদ্ম জাইৰোয়ে উশ্বু একাডেমীৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা সমূহত বহু কেইটা পদক বুটলিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ নেতৃত্বতে ২০অক্টোবৰৰ পৰা ২৫অক্টোবৰলৈ পঞ্জাৱত অনুষ্ঠিত হ`বগা 20th National Wushu championshipত অংশগ্ৰহণ কৰিবলৈ অসম ৰাজ্যিক উশ্বু সমিতিয়ে বিশ্বনাথ জিলাৰ ৯গৰাকী খেলুৱৈক নিৰ্বাচিত কৰিছে।খেলুৱৈ কেইগৰাকী ক্ৰমে হ`ল প্ৰতিক্ষা বৰা,স্নেহা বৰা,দিক্ষা তিৱাৰী,প্ৰতিভা টাই,ৰিকি খৰ্কা,নিহাৰ বৰুৱা, ৰাহুল ঘৰচানি,অনুভৱ বৰা,মনোজ বিশ্বকৰ্মা ।উল্লেখযোগ্য যে এই তালিকাত থকা বহু কেইগৰাকীয়ে ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পদক বুটলিবলৈ সক্ষম হৈছিল।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱা এই দলটোক বিশ্বনাথৰ ক্ৰীড়াপ্ৰেমী ৰাইজে অভিনন্দন জনাইছে।
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই..

নগাঁৱৰ জাজৰি অঞ্চলৰ নতুন প্ৰজন্মৰ প্ৰয়াস – পবিত্র ভাদ মাহত মাহযোৰা গুৰুজনাৰ কৃষ্টি সংস্কৃতি অনুশীলন

অসমৰ জাতীয় জীৱনত ভাদ মাহক পবিত্র বুলি গণ্য কৰা হয়। এই পবিত্র ভাদ মাহতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথি উদযাপিত হৈ আহিছে। যুগ যুগ ধৰি পবিত্র ভাদ মাহটো অসমৰ অসমীয়া সমাজে পৰম্পৰাগত ভাৱে আৰু ভক্তিভাৱে সমগ্ৰ অসমৰ সত্র, নামঘৰসমূহত ভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে পালন হৈ আহিছে। বিশেষকৈ পুৱাৰে পৰা সন্ধ্যালৈকে অসমৰ অসমীয়া গাঁওসমূহত ভকত বৈষ্ণৱ সকলে গুৰুজনাৰ ভক্তি ধৰ্মৰ চৰ্চা নামপ্ৰসংগ, ভাগৱত পাঠ, বিয়লি আইসকলৰ নাম আৰু সন্ধ্যা গাঁৱৰ প্ৰত্যকঘৰ গৃহস্থীৰে একোজন হলেও সমূহীয়া নামঘৰলৈ গৈ সন্ধ্যা প্ৰসংগত যোগদান কৰি গাঁৱৰ, পৰিয়ালৰ লগতে দেশৰ মংগল কামনা কৰাটো পৰম্পৰাগত নিয়ম হৈ আহিছে। সেয়ে এক কথাত অসমীয়া গাঁও সমূহ পবিত্র ভাদ মাহটো ভকতিৰ অমীয়া ৰসত যেন বুৰ গৈ থাকে। তাৰ সমান্তৰালকৈ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ দক্ষিন জাজৰি অঞ্চলত নতুন প্ৰজন্মৰ প্ৰতিভাবান যুৱক সকলকো এই ক্ষেত্রত দেখা গল অনন্য ৰূপত। প্ৰায় ৫০ বছৰ অতিক্ৰম কৰা দক্ষিন জাজৰি সাৰ্বজনীন শ্ৰীমন্ত শংকৰ মন্দিৰ প্ৰাংগনত অঞ্চলটোৰ নতুন প্ৰজন্মৰ যুৱক সকলে পবিত্র ভাদ মাহৰ আৰম্ভণি সংক্ৰান্তৰ পৰা শুক্ৰবাৰে শেষৰটো সংক্ৰান্তিলৈকে সম্পূৰ্ন মাহটো মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব অবদান নাম কীৰ্তন, ঘোষা, বৰগীত, ভাগৱত পাঠ, তাল, খোল, নেগেৰা আদি চৰ্চ্চা কৰি এক প্ৰশংসনীয় প্ৰদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। এই ক্ষেত্রত অঞ্চলবাসী সচেতন ৰাইজে নতুন যুৱ প্ৰজন্মৰ এনে আধ্যাত্মিক চিন্তা চৰ্চাক আদৰণি জনাইছে। এই মাহযোৰা কাৰ্যসূচীত আৰম্ভণি আৰু সামৰণি সংক্ৰান্তী, মহাপুৰুষ গুৰুদুজনাৰ তিৰোভাৱ তিথি, শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন আৰু প্ৰতিদিনে সন্ধ্যা প্ৰসংগ অনুশীলন কৰে। এই ক্ষেত্রত উদ্যোগ গ্ৰহণ কৰে দক্ষিন জাজৰি শ্ৰীমন্ত শংকৰ মন্দিৰ পৰিচালনা সমিতিয়ে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত ভদিয়া নামৰ সামৰণি

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মাৰ্গ দৰ্শনেৰে পৰিপুষ্ট আৰু গুৰুজনাৰ  অমূল্য সৃষ্টিৰাজীৰ শ্ৰৱণ কীৰ্তনেৰে বিগত এটা মাহ বিধৌত হৈ থকা ঢকুৱাখনা মহকুমাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ  এমহীয়া নাম প্ৰসংগৰ শুক্ৰবাৰে বৰ্ণিল পৰিসমাপ্তি ঘটিল। পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰাই  ভক্তপ্ৰাণ  বাপ আৰু আই সমস্তই  নিৰবিছিন্ন ভাবে সত্ৰৰ  পৰম্পৰা মানি বৰ নামঘৰত অনুষ্ঠিত কৰি আহিছিল ভদিয়া নামৰ । ৰাজ্যখনৰ  বিভিন্ন প্ৰান্তৰৰ ভক্ত বৈষ্ণবে অংশ গ্ৰহণ কৰি  প্ৰাণোচ্ছল কৰি তোলা এই বছেৰেকীয়া  ভদিয়া নামৰ শুক্ৰবাৰে সফল সামৰণি মৰা হয়।  পৰম্পৰাগত ভাবে সত্ৰ প্ৰাংগণত অনুষ্ঠিত হৈ অহা এই ভদিয়া নামৰ অন্তিম দিনা পুৱা ৪ বজাৰ পৰা পুৱা নাম ,  ৯ বজাৰ পৰা আই মাতৃ সকলৰ নাম , দুপৰীয়া ১১ বজাৰ পৰা ভকত বৈষ্ণৱৰ নামৰ পাছত বিয়লি ৪ বজাৰ পৰা  অনুষ্ঠিত হয়  সমূহীয়া নাম প্ৰসংগ । নিশা ১১-৩০ পৰ্যন্ত চলিব লগা এই নাম প্ৰসংগৰ  সামৰণিৰ লগে লগেই বিগত এমাহ জোৰা  পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগৰ বৰ্ণিল পৰিসমাপ্তি ঘটিব বুলি সত্ৰ পৰিয়ালে জানিবলৈ দিয়ে।  গুৰুবাদ্য শংখ ,ডবা , কাঁহ , খোল , ভোৰতাল আৰু ভকত বৈষ্ণবৰ মুখৰ হৰিনামৰ  অপূৰ্ব ধ্বনিয়ে  সমগ্ৰ সত্ৰ প্ৰাংগণ  বিগত এটা মাহ ধৰি বিধৌত কৰি অহাৰ পাছত শুক্ৰবাৰে  সত্ৰ পৰিয়ালৰ সকলো সদস্যৰ লগতে অন্তিম দিনা সমীপৱৰ্তী ভক্তপ্ৰাণ ৰাইজৰ অভূতপূৰ্ব উপস্থিতিয়ে  নতুন মাত্ৰা প্ৰদান কৰে ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ বৰ নামঘৰ প্ৰাঙ্গন।
বাতৰি যুগুতালে ঢকুৱাখনাৰ অমৃত পৱন বৰাই।