নুমলীগড় ৰিফাইনেৰী লিমিটেড (এন আৰ এলে) ৰাজ্যখনত প্ৰৱল বানত ক্ষতিগ্ৰস্ত লোকৰ সাহাৰ্য্যাৰ্থে অসমৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ১ কোটি টকা বৰঙণি আগবঢ়াইছে। সাহাৰ্য্য চেকখন ২৭ জুলাইত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ পৰিচালন সঞ্চালক এছ.কে বৰুৱা, কোম্পানীৰ জ্যেষ্ঠ বিষয়াবৃন্দৰ উপস্থিতিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আনুষ্ঠানিকভাৱে অৰ্পন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যখনত বিধ্বস্ত বান আৰু অন্য বানজনিত ক্ষয়-ক্ষতিৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই অহাৰ বাবে নুমলীগড় ৰিফাইনেৰী লিমিটেডক প্ৰশংসা কৰে।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত