গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজা সমিতিৰ উদ্যোগত ১৩ আৰু ১৪অক্টোবৰ দুদিনীয়া কাৰ্য্যসূচীৰে খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপিত হয়।১৩ অক্টোবৰত পুৱা বন্তি প্ৰজ্বলনৰে পূজাৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক গোবিন্দ কলিতাই।ধৰ্মধব্জা উত্তোলন কৰে পূজা কমিটি সভাপতি বলেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াই আৰু শ্বহীদ তৰ্পন কৰে কাৰ্য্যকৰী সভাপতি কেশৱ কলিতাই।আনহাতে পূজাৰ লগত সংগতি ৰাখি দুপৰীয়া মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয় ।প্ৰতিযোগিতাত খানামুখ জ্ঞান মালিনী বিকশিত নামতি দলে শ্ৰেষ্ঠ সন্মান লাভ কৰে।ধাৰাপুৰৰ নিজৰা বৰুৱা কলিতা দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সম্মান লাভ কৰে।ইফালে আজাৰা মহিলা নামতি দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সম্মান লাভ কৰে।

পেণ্ডেলৰ ব্যৱসায়ে স্বাৱলম্বী হোৱা এজন যুৱকৰ কথাৰে
বন্ধন বেংকৰ ঋণ লৈ ডিজিটেল পেণ্ডেলৰ ব্যৱসায় কৰি স্বাৱলম্বী হ’ল বিহালীৰ নিবনুৱা যুৱক নিৰ্মল গোৱালা।বিশ্বনাথ জিলাৰ বালিপুখুৰী এজন শিক্ষিত যুৱকে চৰকাৰী চাকৰি মোহ ত্যাগ কৰি ডিজিটেল পেণ্ডেলৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হৈ পৰিছে।
প্ৰথম পৰ্যায়ত তেখেতে খেতি পথাৰ কৰি সৰুকৈ এখন গেলামালৰ দোকান আৰম্ভ কৰিছিল।বৰ্তমান সময়ত ডিজিটেল প্ৰাধান্য সকলোতে আছে।সেয়েহে তেওঁ সময়ৰ লগত খোজ মিলাই নতুনকৈ আৰম্ভ কৰিছে ডিজিটেল পেণ্ডেল।
এই ডিজিটেল পেণ্ডেল বিশ্বনাথত আৰম্ভ কৰা প্ৰথমজন ব্যক্তি হৈছে গোৱালা।মাত্ৰ দুহেজাৰ টকাৰে আৰম্ভ কৰি আজি তাৰিখত প্ৰায় পাঁচ লাখ টকা ব্যৱসায় কৰিবলৈ সক্ষম হোৱা লগতে বিশ জন লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে ব্যক্তি গৰাকীয়ে।
ভিউৱাছৰ মতামত