শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশনলৈ মাজত মাথো কেইটামান দিন।অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ দেৰগাঁৱৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰৰ মহুৰা পথাৰত অনুষ্ঠিত হ’বলগীয়া অধিবেশনস্থলীত এতিয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে।হিন্দু মুছলমানৰ সম্প্ৰীতিৰে শংকৰ আজানৰ মিলনভূমিলৈ পৰিণত হৈছে অধিবেশনস্থলী ।হৰিনাম,জিকিৰৰ ধ্বনিৰে মুখৰিত হৈছে মহুৰা পথাৰ।এই অধিবেশনত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰায় ৩০ লক্ষাধিক ভক্তৰ সমাগম হোৱাৰ আশা কৰা হৈছে।ইতিমধ্যে শিবিৰ,ভোজনালয় আৰু ৰান্ধনীঘৰৰ কাম সম্পূৰ্ণ হৈ উঠিছে।জানিব পৰা মতে ৩০০ টা চৌকাত প্ৰায় ১৫০ গৰাকী ৰান্ধনীয়ে খাদ্য প্ৰস্তুত কৰিব।ভকত বৈষ্ণৱসকলক আপ্যায়িত কৰিবলৈ সাজু হৈছে সেৱা বাহিনী।তাৰ লগতে ১০,০০০ স্বেচ্ছাসেৱক থাকিব পৰাকৈ স্বেচ্ছাসেৱক শিবিৰ,তিনি শতাধিক প্ৰতিনিধিৰ শিবিৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰ গতিত চলি আছে।উল্লেখযোগ্য যে প্ৰতি বছৰৰ দৰে এইবাৰ শংকৰী সংঘৰ অধিবেশনৰ প্ৰতীক হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।এই অধিৱেশনৰ বাজেট প্ৰায় দুই কোটি আশী লাখ টকা নিৰ্দ্ধাৰিত কৰা হৈছে।অধিৱেশনৰ কাৰ্যসূচী অনুসৰি নামপ্ৰসঙ্গকে ধৰি সমূহীয়া প্ৰাৰ্থনা,ভাগৱত ভ্ৰমণ,অঙ্কীয়া নাট প্ৰদৰ্শন,পৰিৱেশ নিকাকৰণৰ লগতে বিভিন্ন পৰিষদৰ সভা অনুষ্ঠিত হ’ব।উল্লেখ্য যে অধিবেশনত ৰাজ্যপাল জগদীশ মুখী উপস্থিত থাকিব।সহযোগ কৰিলে বোকাখাতৰ পৰা দিব্য জ্যোতি হাজৰিকাই..

পশ্চিম গুৱাহাটীৰ কটাহবাৰীত কংগ্ৰেছ নেতা-কর্মীসহ ৫ শতাধিক সংখ্যালঘু লোক অগপত যোগদান
পশ্চিম গুৱাহাটীৰ নগৰাঞ্চলৰ ৬ নং ৱাৰ্ডৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল আৰু কংগ্ৰেছ দলৰ ঘাটি হিচাপে পৰিচিত ২ নং কটাহবাৰীত ২৭ জানুৱাৰীৰ সন্ধিয়া আব্দুল আজিজ, মইনুল হক, আব্দুৰ ৰচিদ, মান্নান মিশ্রি, নীলিমা খাতুন, মাৰ্জিনা খাতুনৰ নেতৃত্বত পাঁচ শতাধিক কংগ্ৰেছ কর্মী-সমৰ্থকে অগপ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে। আনহাতে এই উপলক্ষে মৌলানা কৰিব আব্দুছ চালাম কাচিমিৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত অগপ দলত যোগদান কৰা সকলক আদৰণি জনাই পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ভাষণ প্ৰসংগত বিধায়ক কলিতাই অগপ দলেহে ৰাজনীতিৰ উৰ্ধত ৰাজ্যৰ সংখ্যালঘু লোক সকলৰ কল্যাণৰ বাবে জন্মলগ্নৰে পৰা কাম কৰি অহা বুলি ব্যক্ত কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে কেৱল সংখ্যালঘু লোকক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি আক্ষেপ প্ৰকাশ কৰে। অনুষ্ঠানত আচগৰ আলী, ফজল আলী, বৰষা নাথ কলিতা, অজয়া ৰাভা, নকুল কলিতা, বলেন দাসকে ধৰি কেবাজনো অগপ নেতা উপস্থিত থাকে। আনহাতে দলত যোগদান কৰা কেইবাজনেও আগন্তক দিনত অগপৰ সাংগঠনিক দিশ শক্তিশালী কৰি দলৰ প্ৰাৰ্থী হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতা যাতে মিত্ৰজোঁটৰ হৈ পুনৰ বিজয়ী হব পাৰে তাৰ বাবে হাতে কামে নামি পৰিব বুলি সদৰি কৰে।
ভিউৱাছৰ মতামত