লোকসভা নিৰ্বাচনৰ শাসনাধিষ্ঠ দলে অগ্ৰগতি লাভ কৰাৰ সময়তে ৰাজ্যিক বিজেপিৰ গুৱাহাটী হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেলত ৰঞ্জিত দাসে কয় যে দলীয় কৰ্ম কৰ্তা তথা সংবাদ মাধ্যমৰ সহায় অবিহনে এনেদৰে অগ্ৰগতি লাভ কৰিব নোৱাৰিলোহেতেন! এই ক্ষেত্ৰত বিশেষকৈ চ’চিয়েল মেডিয়াই বিশেষভাৱে সহায় কৰিছিল। চ’চিয়েল মেডিয়াত প্ৰকাশ পোৱা ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদীৰ তুলনামূলক বিশ্লেষণৰ ফটোগ্ৰাফে জনমত গঠন কৰাত সহায় কৰিলে। অসমত ১০ টা সমষ্টিত জয়লাভৰ দিশে অগ্ৰসৰ হৈ আছো । মই ভাবো আমি অধিক দক্ষতা আৰু দায়িত্ববোধেৰে জনসাধাৰণৰ সেৱা কৰাৰ মানসিকতা সুদৃঢ়ভাৱে আগন্তুক দিনত কাম কৰি যাব লাগিব ।আজিৰ সংবাদ মেলত দলীয় বহু কৰ্মকৰ্তা উপস্থিত থাকে।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত