তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি তেজপুৰত ১৯ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ এখনি পাচদিনীয়া ‘শিক্ষক বিকাশ কৰ্মশালা’ অনুষ্ঠিত হৈ যায়। ‘নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ আৰু সম্ভাৱনীয়তা’ শীৰ্ষক মনোগ্ৰাহী কৰ্মশালা অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত তথা কাৰিকৰী শিক্ষাৰ মানদণ্ড উন্নয়ন আঁচনিৰ অধীনত অনুষ্ঠিত হয়। কৰ্মশালাৰ আৰম্ভণিতে সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁত ধৰা অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলনেৰে শুভাম্ভণি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে। উক্ত দিনা কৰ্মশালাখনিৰ প্ৰথমগৰাকী সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ অধ্যাপক ড° ধনপতি ডেকায়ে। দ্বিতীয় দিনটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ দেৱৰ্ষি বৰুৱা। সেইদৰে কৰ্মশালাৰ তৃতীয়, চতুৰ্থ, পঞ্চম দিনটোত তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° বিৰাজ কুমাৰ কাকতি, ড° সাধন মহাপাত্ৰ আৰু ড° নৱীন শৰ্মায়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। জি আই এম টি, তেজপুৰৰ লগতে ৰাজ্যখনৰ বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনত সমল ব্যক্তিসকলে নৱীকৰণযোগ্য শক্তিৰ ন ন প্ৰযুক্তিগত ব্যৱহাৰ, সংৰক্ষণ সম্পৰ্কত সাৰগৰ্ভ ভাষণ আগবঢ়ায়।শেষৰ দিনটোত কৰ্মশালাখনত আহ্বায়ক তথা জি আই এম টি, তেজপুৰৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক সৌৰভ নাথে সকলোকে ধন্যবাদ জনাই অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত