শীতৰ ঠেৰেঙা জাৰে সমগ্ৰ ৰাজ্য কপাইছে । মহানগৰীতো শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ।সেয়ে অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষই জন্তুবোৰক ঠাণ্ডাৰ পৰা সুৰক্ষা দিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । জানিব পৰা মতে চিৰিয়াখানাৰ কৰ্তৃপক্ষই শীতৰ পৰা পৰিত্ৰাণ দিবলৈ জন্তুবোৰৰ বাবে ব্যৱস্থা কৰিছে।উল্লেখযোগ্য যে বাঘ,বনৰীয়া মেকুৰীৰ আশ্রয়স্থলত হীটাৰ স্থাপন কৰা হৈছে।লগতে অন্যান্য জীৱ জন্তুবোৰক উম দিবলৈ পৰ্যাপ্ত পৰিমাণৰ খেৰৰ ব্যৱস্থা কৰি দিছে।এই সন্দৰ্ভত বিভাগীয় বন বিষয়া তেজচ মৰিস্বামীয়ে কয় যে জীৱ-জন্তুবোৰক শীতৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে এই ব্যৱস্থা কৰিছে।এইক্ষেত্ৰত হীটাৰ আৰু খেৰে জীৱ-জন্তুবোৰক সুস্থ কৰি ৰখাত সহায় কৰিব।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত