ৰাজ্যৰ বিভিন্ন ছবিগৃহত শুক্ৰবাৰে মুক্তি লাভ বুলবুল কেন ছিং শীৰ্ষক ছবিখনে ।আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই কথা সদৰী কৰি পৰিচালিকা ৰীমা দাসে কয় যে বুলবুল কেন ছিং ছবিখন অস্কাৰৰ বাবে পথোৱা হৈছে।অতি কম সময়ৰ ভিতৰত প্ৰচাৰৰ অবিহনে মুক্তি দিব লগা হৈছে । উল্লেখযোগ্য যে ইতিমধ্যে ছবিখনে ১৩টা বিশেষ পুৰস্কাৰ লাভ কৰিছে ।আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়তো ৪০ বাৰ প্ৰদৰ্শিত হৈছে ।মুম্বাই, বাৰ্লিন ফিল্ম ফেষ্টিভেলত জুৰিৰ বিশেষ বঁটা লাভ কৰিছিল ।আজি অনুষ্ঠিত কৰা সংবাদ মেলত পৰিচালিকাৰ লগতে বিভিন্ন জন কলা কুশলী উপস্থিত থাকে ।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত