হিন্দু মুছলমানৰ সম্প্ৰীতিৰ স্বাক্ষৰ বহন কৰি অহা নগাঁৱৰ পুৰণিগুডামৰ বৰমজিদৰ দুমহলীয়া মিনাৰটো সুকলমে স্থানান্তৰিত হৈছে।১৯০৯ চনতে নিৰ্মাণ হোৱা মিনাৰটো মাটি দাইল, হাঁহ কণী, চূণেৰে নিৰ্মাণ কৰা হৈছিল ।মিনাৰটোৰ সমীপৱৰ্তী ঠাইখিনি চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানে স্থানান্তৰ কৰা হৈছে ।জানিব পৰা ১৫ দিনৰ ভিতৰত স্থানান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব।ইতিমধ্যে মিনাৰটো স্থানান্তৰ কৰাৰ সময়ত দুটা কেৰাহী সদৃশ বাচন উদ্ধাৰ হৈছে ।উদ্ধাৰ হোৱা সামগ্ৰী সমূহ চাবলৈ বহু লোকৰ সমাগম হৈছে ।উল্লেখযোগ্য যে চলিত বৰ্ষৰ প্ৰচণ্ড শীতৰ দিনত নৈশভাগত ১০০জন হিন্দু তীৰ্থযাত্ৰীয়ে এই মিনাৰটোক আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিছিল ।হিন্দু মুছলমানৰ সম্প্ৰীতিৰ স্বাক্ষৰ হৈ জিলিকি উঠা মিনাৰটো অক্ষত অৱস্থাত স্থানান্তৰ কৰা কাৰ্য্যই স্থানীয় ৰাইজক উৎসাহিত কৰি তুলিছে ।সহযোগ কৰিলে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

অসমৰ ক্ৰীড়া প্ৰেমীলৈ সুনাম কঢ়িয়াই আনিলে ৰিংকু, বিকাশ, হিৰকজ্যোতিয়ে..
উত্তৰ প্ৰদেশৰ গাজিয়াবাদত যোৱা ১৬আৰু ১৭ জানুৱাৰীত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় ৰাষ্টীয় টাইকোৱাণ্ড কাপ ২০২১ ত মহানগৰীৰ ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীৰ হৈ সাত জন টাইকোৱাণ্ড খেলুৱৈয়ে অংশগ্ৰহণ কৰি বিজয়ী হৈ ধাৰাপুৰৰ লগতে অসমৰ নাম জিলিকাবলৈ সক্ষম হয় । উল্লেখ্য যে ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীৰ হৈ ৰিংকু কৰোৱাই সোণৰ মেডেল,বিকাশ কলিতা, হিৰকজ্যোতি দাসে ৰূপৰ মেডেল, পৰশমণি কলিতাই ৰূপৰ মেডেল, গৌতম দাসে ৰূপৰ মেডেল, প্ৰিয়ম কলিতাই ব্ৰঞ্জৰ মেডেল আৰু গোকুল দাসে ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয় । এই সকল খেলুৱৈ সুনাম অৰ্জন কৰি উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা উভতি অহাৰ পিছত ধাৰাপুৰত স্কুল খেল পথাৰত আজি ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীৰ প্ৰশিক্ষক সঞ্জয় দাস, মুকুট বৈশ্য আৰু ধাৰাপুৰ মৌজাই বিপুল আদৰণী জনায়।
ভিউৱাছৰ মতামত