ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰনালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাথী বাহিনীৰ (এন. চি.চি) শ্বিলংস্থিত উত্তৰ পূব মণ্ডল সঞ্চালকালয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰেআৱৰি থকা উত্তৰ পূৱৰ ৰাজ্য কেইখনত বাহিনীটোত কেডেট ভৰ্ত্তি অভিযান চলাই আহিছে। মূলত বিগত ২০২০ বৰ্ষত নতুন দিল্লীত কভিডজনিত পৰিস্থিতিৰ বাবে অতি সীমিত পৰিবেশত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ আৰু উপকুলীয় অঞ্চলৰ ৰাজ্যত থকা শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক এন. চি.চিত কেডেট হিচাপে ভৰ্ত্তি কৰি তেওঁলোকৰ মাজত দেশপ্ৰেমমূলক ভাৱনা আৰু পৰৱৰ্তী সময়ত তেওঁলোক যাতে দেশৰ সহস্ৰ বাহিনী , অৰ্দ্ধ সামৰিক বাহিনীত যোগদান কৰি দেশমাতৃৰ সেৱা আগবঢ়াব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। প্ৰধানমন্ত্ৰীৰ ঘোষণা আৰু গুৰুত্বৰ পাছতেই এন চি চি ৰ নতুন দিল্লীস্থিত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে দেশৰ বিভিন্ন প্ৰান্তৰ ১৭ টা মণ্ডল সঞ্চালকায়ৰ ভিতৰত যিকেইটাত আন্তঃৰাষ্ট্ৰীয় আৰু উপকূলীয় অঞ্চলে আৱৰি আছে তেওঁলোকক কেডেট ভৰ্ত্তি অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰে। সেই নিৰ্দেশনাৰ ভিত্তিত শ্বিলঙৰ উত্তৰ পূব মণ্ডল সঞ্চালকালয়ে যোৱা অক্টোবৰ মাহৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তই আৱৰি থকা অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনত এন.চি.চিৰ কেডেট ভৰ্ত্তি অভিযান আৰম্ভ কৰে। বাহিনীটোৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ. ডি.জি) মেজৰ জেনেৰেল আৰু অসম সন্তান অনন্ত ভূঞাই শ্বিলঙৰ কাৰ্যালয়ত ১২ মাৰ্চত গুৱাহাটীৰ পৰা যোৱা এটা সাংবাদিকৰ দলক অৱগত কৰা মতে বিগত ফেব্ৰুৱাৰী মাহ পৰ্যন্ত অসম , অৰুণাচলকে ধৰি আটাইকেইখন ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ২০ কিঃমিঃ ভিতৰত মুঠ ২২০ খন নির্বাচিত শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত ১৮,৩৭৩ জন ছাত্ৰ-ছাত্ৰীক এন.চি.চিত কেডেট হিচাপে ভৰ্ত্তি কৰা হৈছে। ইয়াৰ ভিতৰত ৭৬ খন মহাবিদ্যালয় আৰু ১৪৪ খন হাইস্কুল বা উচ্চ মাধ্যমিক বিদ্যালয় আছে। এই ভৰ্ত্তি অভিযান অনাগত দিনতো চলি থাকিব বুলি এ.ডি.জি ভূঞাই জানিবলৈ দিছে। এ.ডি.জি ভূঞাই সদৰি কৰা অনুসৰি কভিড কেন্দ্ৰীক পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা কেডেটৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। বাহিনীটোৰ মূল লক্ষ্যই হৈছে কেডেট সকলে একো একোজন সু-নাগৰিক হৈ পৰবৰ্তী সময়ত সহস্ৰ বাহিনী, অৰ্দ্ধ সামৰিক বাহিনী বা ৰাজ্যিক আৰক্ষী বাহিনীত নিজৰ যোগ্যতা অনুসৰি ভৰ্ত্তি হৈ দেশমাতৃৰ সেৱা আগবঢ়াব পাৰে। বিগত এটা বর্ষত ২৩৭ জন কেডেট বিভিন্ন বাহিনীত জোৱান হিচাপে নিযুক্তি লাভ কৰিছে। তেনেদৰে এজনী গাৰ্লছসহ ৫ জন কেডেট ক্ৰমে মৌচুমী নাথ, হিমশিখৰ কাশ্যপ, অভিজিৎ গিৰী, ৰিছভ ৰাজ, মানস পি কাকতিয়ে সেনা বাহিনীত কমিছনড বিষয়া হিচাপে নিৰ্বাচিত হৈছে। ভূঞাই জানিবলৈ দিয়া মতে এন.চি. চি কেডেটৰ যিসকলে “চি” চাৰ্টিফিকেট পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন বাহিনীত নিযুক্তিৰ বাবে সুবিধা প্ৰদান কৰিছে। আনহাতে ৰাজ্য চৰকাৰেও যাতে ৰাজ্যিক আৰক্ষী বাহিনীত চি চাৰ্টিফিকেট ডিগ্ৰীধাৰী সকলক বিশেষ সুবিধা প্ৰদান কৰে তাৰ বাবে কেবাজনো মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অনুৰোধ জনোৱা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় সেনাত এজন সুদক্ষ বিষয়া হিচাপে পৰিচিত আৰু কাশ্মীৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যত উগ্ৰপন্থী বিৰোধী অভিযানৰ নেতৃত্ব বহন কৰা ভূঞা ১৯৭৮ চনত গোৱালপাৰা সৈনিক স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হৈছিল। ১৯৮২ চনত তেওঁ পুনেৰ এন.ডি.এ ৰ পৰা উত্তীৰ্ণ হৈ ১৯৮৩ চনত ভাৰতীয় সেনাৰ কুমায়ুন ৰেজিমেণ্টত কমিছনড বিষয়া হিচাপে কৰ্ম জীৱনৰ পাতনি আৰম্ভ কৰে। সেই বছৰত পৃথিৱীৰ অতি উচ্চৰ যুদ্ধক্ষেত্ৰ হিচাপে পৰিচিত চিয়াছেনত চেকেণ্ড লেফটেনেণ্ট হৈ থকা সময়ত তাত ভাৰতৰ ত্ৰিৰংগা পতাকা উৰুৱাই ভাৰতৰ অধীনলৈ চিয়াছেনক ৰখাৰ বাবে চলোৱা অভিযানত ভূঞাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

ক’ৰণা কেন্দ্ৰিক পৰিস্থিতিক লৈ মুখ্যমন্ত্রীৰ সর্বদলীয় বৈঠক অনুষ্ঠিত
সাম্প্রতিক ক’ভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে৷ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো দ্রুতহাৰত বৃদ্ধি পাব ধৰিছে মাৰাত্মক ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা৷ ইয়াৰ মাজতে জটিল ক’ভিড পৰিস্থিতিক লৈ কালি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মহানগৰীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন গুৰুত্বপূর্ণ সর্বদলীয় বৈঠক অনুষ্ঠিত হয়৷
এই সর্বদলীয় বৈঠকত বিজেপি, ভাৰতীয় জাতীয় কংগ্রেছ, অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ, ইউ পি পি এল, আৰ জে ডি, চি পি আই (এম), চি পি আই (এম এল), ৰাইজৰ দল, নেচনেল ৰিপাব্লিকান কংগ্রেছ আৰু নেচনেল পিপল্ছ পার্টীৰ প্রতিনিধিয়ে অংশগ্রহণ কৰে৷ স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাজনো শীর্ষ বিষয়াও বৈঠকত উপস্থিত আছিল৷
বৈঠকত অধ্যক্ষতা কৰি দিয়া ভাষণত মুখ্যমন্ত্রী সোণোৱালে ক’ৰোনা ভাইৰাছসৃষ্ট সাম্প্রতিক জটিল পৰিস্থিতিত সকলো ৰাজনৈতিক দলৰ প্রতিনিধিসকলক ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আহ্বান জনায়৷ তৃণমূল পর্যায়ত ক’ভিড–১৯ আৰু চৰকাৰে জাৰি কৰা নির্দেশাৱলীসমূহ আখৰে আখৰে পালন কৰা সন্দর্ভত জনসচেতনতা সৃষ্টি কৰাৰ ক্ষেত্রত প্রতিটো ৰাজনৈতিক দলৰ কর্মকর্তাসকলক নিয়োজিত কৰাৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্য চৰকাৰে ক’ভিড–১৯ৰ বিৰুদ্ধে টেষ্টিং, ট্রেচিং, চিকিৎসা, ক’ভিড বিধিৰ যথোচিত পালন আৰু টিকাকৰণৰ দৰে পঞ্চসূত্র নীতিৰে আগবঢ়াৰ পদক্ষেপ গ্রহণ কৰিছে৷
এই মুহূর্তত জনসাধাৰণৰ জীৱন ৰক্ষা কৰাটোৱে ৰাজ্য চৰকাৰৰ প্রধান উদ্দেশ্য৷ সেই লক্ষ্যৰে যথোচিত নির্দেশনা ইতিমধ্যে প্রস্তুত কৰা হৈছে৷ জনসাধাৰণে ক’ভিড বিধি মানি চলাৰ ওপৰতে মহামাৰীৰ বিৰুদ্ধে সফলতাৰে যুদ্ধ কৰাটো বহু পৰিমাণে নির্ভৰ কৰিছে৷ এইক্ষেত্রত জনসাধাৰণক উপযুক্তভাৱে সজাগ আৰু সচেতন কৰি তোলাৰ পদক্ষেপ লোৱাৰ বাবে তেওঁ ৰাজনৈতিক দলৰ প্রতিনিধিসকলক আহ্বান জনায়৷মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয় যে ৰাজ্য চৰকাৰে জনসাধাৰণক উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ ক্ষেত্রত বদ্ধপৰিকৰ৷ নিজৰ লগতে পৰিয়াল তথা আত্মীয়–স্বজনক সুৰক্ষিত কৰি ৰখাৰ দিশত জনসাধাৰণ অধিক সচেষ্ট হ’ব লাগিব৷ এইক্ষেত্রত ৰাইজৰ মাজত নীতি–নিয়ম মানি চলাৰ প্রৱণতা বৃদ্ধি হ’ব লাগিব৷ ক’ভিডৰ প্রথম জোৱাৰৰ সময়ত ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথনি কিছু পৰিমাণে দুর্বল আছিল যদিও বিগত সময়ছোৱাত চৰকাৰে এইক্ষেত্রত এক শক্তিশালী ব্যৱস্থা গঢ়ি তুলিছে৷
বিগত বর্ষৰ অভিজ্ঞতাই এইক্ষেত্রত যথেষ্ট পৰিমাণে সহায় কৰিছে বুলি উল্লেখ কৰি সেই সময়ত জনসাধাৰণৰ লগতে ৰাজনৈতিক দলসমূহে আগবঢ়োৱা স্বতঃস্ফূর্ত সেৱাৰো তেওঁ শলাগ লয়৷ আজিৰ সর্বদলীয় বৈঠকৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ এক ইতিবাচক বার্তা যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে জটিল সময়ত সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰিছে৷ পূর্বৰ দৰে এইবাৰো সকলোৱে ঐক্যবদ্ধভাৱে পদক্ষেপ লৈ এই জটিল পৰিস্থিতি অতিক্রম কৰিব পাৰিব বুলিও তেওঁ আশা প্রকাশ কৰে৷বৈঠকৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বার্তালাপতো মুখ্যমন্ত্রী সোণোৱালে স্বাস্থ্য বিভাগৰ দ্বাৰা জাৰি কৰা নীতি–নির্দেশনাসমূহ নিখুঁতভাৱে পালন কৰিবলৈ ৰাজ্যৰ প্রতিজন নাগৰিকক আহ্বান জনাই কয় যে আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তৎপৰতাৰে জনসাধাৰণক উন্নতমানৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ যাৰ বাবে আজি আমি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছোঁ৷ কিন্তু সকলোৰে ক্ষেত্রত সীমাবদ্ধতা আছে৷
এই কথা জনসাধাৰণে উপলব্ধি কৰিব লাগিব৷ স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ লগতে স্বাস্থ্য বিভাগৰ সৈতে জড়িত প্রতিজন বিষয়া–কর্মচাৰী আৰু ডাক্তৰ–নার্ছে যি ধৰণে কাম কৰিছে, তাৰ বাবেও পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছোঁ৷ কিন্তু আজি দেশজুৰি যি পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰ প্রতি লক্ষ্য ৰাখি আমি সজাগতা অৱলম্বন কৰিব লাগিব৷ এছ অ’ পি যদি সকলোৱে মানি চলে, তেতিয়া নিশ্চিতভাৱে আমি পৰিত্রাণ পাম৷ চৰকাৰে গ্রহণ কৰা প্রতিটো পদক্ষেপৰ লক্ষ্য হৈছে নাগৰিকক সংক্রমণৰ পৰা ৰক্ষা কৰা৷
ৰাজ্য চৰকাৰে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধকল্পে অসমত লকডাউন দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী সোণোৱালে কয়- এতিয়ালৈকে তেনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই৷ কিন্তু মই অসমৰ ৰাইজক আহ্বান জনাওঁ– লকডাউন ঘোষণা কৰা পৰিস্থিতিলৈ যাতে যাবলগীয়া নহয়৷ সর্বদলীয় বৈঠকত বক্তব্য ৰাখি স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ক’ভিডৰ নীতি–নিয়ম যথোচিতভাৱে পালনৰ লগতে এই দিশত সজাগতা আৰু ঐক্যবদ্ধ প্রয়াস চলোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷
ক’ৰোনাৰ দ্বিতীয় জোৱাৰ যথেষ্ট জটিল বুলি উল্লেখ কৰি তেওঁ কয় যে বর্তমান ক’ভিড–১৯ৰ চিকিৎসাৰ প্রয়োজনীয় আন্তঃগাঁথনি–ব্যৱস্থ্ পর্যাপ্ত পৰিমাণে আছে৷ কিন্তু সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি হ’লে ই এক কঠিন প্রত্যাহ্বান হিচাপে থিয় দিব৷ ইয়াৰ বাবে স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধি, আই চি ইউ বিছনা তথা অক্সিজেনৰ যোগান বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে৷ ৪৫ বছৰ বয়সৰ ঊর্ধ্বৰ ব্যক্তিসকলৰ টিকাকৰণ প্রক্রিয়া বর্তমানে চলাই থকা হৈছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে মে’ মাহৰ প্রথম সপ্তাহৰ পৰা ১৮–৪৫ বছৰ বয়সৰ ব্যক্তিসকলৰ টিকাকৰণ প্রক্রিয়া আৰম্ভ কৰা হ’ব৷সর্বদলীয় বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ উপৰি চি পি আই (এম এল), চি পি আই (এম), ৰাইজৰ দল, এন পি পি, নেচনেল ৰিপাব্লিকান কংগ্রেছ আৰু আৰ জে ডিৰ প্রতিনিধিবর্গই নিজ নিজ মত ব্যক্ত কৰে৷
মুখ্যমন্ত্রী সোণোৱালে সর্বদলীয় বৈঠক আহ্বান কৰাৰ বাবে শলাগ লয় সকলো ৰাজনৈতিক দলৰ নেতৃবৃন্দই৷ লগতে ক’ভিড–১৯ৰ বিৰুদ্ধে চলাই থকা যুদ্ধখনত ৰাজনৈতিক স্বার্থৰ ঊর্ধ্বত থাকি চৰকাৰলৈ সকলো ক্ষেত্রতে সহায়–সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে৷ সর্বদলীয় প্রতিনিধিবর্গই এইক্ষেত্রত ল’বলগীয়া কিছু ব্যৱস্থাৱলী সম্পর্কতো চৰকাৰক পৰামর্শ আগবঢ়ায়৷
ভিউৱাছৰ মতামত