ওদালগুৰি জিলাৰ পানেৰীৰ ফুলকুছি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত কালি অনুষ্ঠিত হয় বিশাল স্বাস্থ্য মেলা। স্বাস্থ্য মেলাখন উদ্বোধন কৰে ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডাক্তৰ টইবুৰ ৰহমানে। মেলাখনত চকু কাণ নাকৰ ৰোগ বিশেষজ্ঞ, স্ত্ৰী ৰোগ বিশেষজ্ঞ, শিশু ৰোগ বিশেষজ্ঞ, মেডিচিনৰ বিশেষজ্ঞ আদিৰ লগতে কেইবাজনো ডাক্তৰে ৰোগী পৰীক্ষা কৰে। মেলাখনত মেলেৰিয়া বিভাগ, যক্ষ্মা বিভাগৰ বিশেষজ্ঞসকলেও অংশগ্ৰহণ কৰে। মেলাখনত ৫০১ গৰাকী ৰোগীক পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ওষধ বিতৰণ তথা ৰক্ত পৰীক্ষা কৰা হয়। মেলাখনত যক্ষ্মা বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰি ৰাইজক বিভিন্ন ৰোগ সন্দৰ্ভত সজাগ কৰাৰ চেষ্টা কৰে। ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ সহযোগত আৰু ওদালগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত এই মেলাত ওদালগুৰি জিলা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ SD&MO ডাক্তৰ ডাঃ গণেশ চন্দ্ৰ ব্ৰহ্ম, সহকাৰী মেলেৰিয়া বিষয়া যতীন ৰাভা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প সঞ্চালক নমাল সিং বৰগয়াৰী, জিলা কমিউনিটী মবিলাইজাৰ সঞ্জীৱ কুজুৰ, জিলা একাউণ্ট সঞ্চালক শ্বাহনৱাজ হুছেইন, জিলা মিডিয়া বিশেষজ্ঞ মধুস্মিতা বৈশ্য, ওদালগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক ৰাজ মুছাহাৰী আদি উপস্থিত থাকে।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত