আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ঈষণীয় সফলতা অৰ্জন কৰিছে নগঞা পৰীক্ষাৰ্থীয়ে ৷ মুঠ এঘাৰ গৰাকী নগঞা মেধাৱী পৰীক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷ ইয়াৰ ভিতৰত বিজ্ঞান শাখাত ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ বিতোপন আৰান্ধৰাই অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি জিলাবাসীক গৌৰাম্বিত কৰিছে। এই মেধাবী ছাত্ৰজনকে ধৰি বিজ্ঞান শাখাত ৰামানুজন জুনিয়ৰ কলিজৰ পৰা হৃদি প্ৰিয়ম শৰ্মাই তৃতীয়, অয়ন কৌশিক মহন্ত আৰু বিশাল বৰুৱাই পঞ্চম, শুভাশীষ দেয়ে অষ্টম, অভিজ্ঞান ডি বাঢ়ৈয়ে নৱম আৰু কৌস্তুভ কিশোৰ কলিতাই দশম স্থান লাভ কৰাৰ লগতে মেট্ৰিক্স জুনিয়ৰ কলেজৰ হীৰক জ্যোতি হাজৰিকাই চতুৰ্থ আৰু কনচেপ্ট জুনিয়ৰ কলেজৰ পুস্পা গুপ্তাই দশম স্থান অৰ্জন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, কলা শাখাত কনচেপ্ট জুনিয়ৰ কলেজৰ গীতাঞ্জলী বৰঠাকুৰে অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে বাণিজ্য শাখাত গীতাঞ্জলী জুনিয়ৰ কলেজৰ তানিশা আলামপুৰীয়াই ষষ্ঠ স্থান দখলেৰে জিলাখনক গৌৰাম্বিত কৰিবলৈ সক্ষম হৈছে ৷ খবৰ যুগুতালে নগাঁৱৰপৰা ৰাহুল দেৱ বৰদলৈয়ে ..

পেণ্ডেলৰ ব্যৱসায়ে স্বাৱলম্বী হোৱা এজন যুৱকৰ কথাৰে
বন্ধন বেংকৰ ঋণ লৈ ডিজিটেল পেণ্ডেলৰ ব্যৱসায় কৰি স্বাৱলম্বী হ’ল বিহালীৰ নিবনুৱা যুৱক নিৰ্মল গোৱালা।বিশ্বনাথ জিলাৰ বালিপুখুৰী এজন শিক্ষিত যুৱকে চৰকাৰী চাকৰি মোহ ত্যাগ কৰি ডিজিটেল পেণ্ডেলৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হৈ পৰিছে।
প্ৰথম পৰ্যায়ত তেখেতে খেতি পথাৰ কৰি সৰুকৈ এখন গেলামালৰ দোকান আৰম্ভ কৰিছিল।বৰ্তমান সময়ত ডিজিটেল প্ৰাধান্য সকলোতে আছে।সেয়েহে তেওঁ সময়ৰ লগত খোজ মিলাই নতুনকৈ আৰম্ভ কৰিছে ডিজিটেল পেণ্ডেল।
এই ডিজিটেল পেণ্ডেল বিশ্বনাথত আৰম্ভ কৰা প্ৰথমজন ব্যক্তি হৈছে গোৱালা।মাত্ৰ দুহেজাৰ টকাৰে আৰম্ভ কৰি আজি তাৰিখত প্ৰায় পাঁচ লাখ টকা ব্যৱসায় কৰিবলৈ সক্ষম হোৱা লগতে বিশ জন লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে ব্যক্তি গৰাকীয়ে।
ভিউৱাছৰ মতামত