১.৭১কোটি কৃষকলৈ ৰাষ্ট্ৰীয় কৃষি বজাৰ (ই-নাম) নিয়াৰ বাবে ভাৰত চৰকাৰৰ সৈতে একত্ৰীকৰণৰ ঘোষণা এইচডিএফচি বেংকৰ

ৰাষ্ট্ৰীয় কৃষি বজাৰ(ইনাম) ডিজিটেল মাধ্যমৰে সংগ্ৰহ আৰু পুঁজি নিষ্পত্তিৰ বাবে আজি ভাৰত চৰকাৰৰ সৈতে একত্ৰীকৰণ হোৱাৰ ঘোষণা কৰিছে এইচডিএফচি বেংকে। ইয়াৰ ফলত বিভিন্ন ই-নাম হিতাধিকাৰীসকল লাভাম্বিত হ’ব। কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ অধীনষ্ঠ ই-নাম ২০১৬ত আৰম্ভ কৰা হৈছিল। যিটো হৈছে এক অনলাইন বাণিজ্য মঞ্চ, যিয়ে কৃষক, ব্যৱসায়ী, এফপিঅ’ আৰু অন্যান্য অংশীদাৰসকলক কৃষিৰ অনলাইন লেনদেনত সহায় কৰে।

এইচডিএফচি বেংকে ই-নাম প্লেটফৰ্মত ব্যৱসায় কৰাৰ প্ৰক্ৰিয়া অধিক উন্নত কৰাৰ বাবে স্মল ফাৰ্মাৰ এগ্ৰি-বিজনেজ কনচৰটিউম (Consortium) চমুকৈ এছএফএচিৰ সৈতে অংশীদাৰীত্ব কৰিছে। ইয়াৰ অধীনত ইনামৰ সৈতে একত্ৰীকৰণৰ জৰিয়তে এই বেংকে নিম্নলিখিত সংগ্ৰহ মোডবোৰ আগবঢ়াইছে-মাল্টি-নেটবেঙ্কিং, ডেবিট কাৰ্ড, এনইএফটি/আৰটিজিএছ, ইউপিআই/আইএমপিএছ।

পৰম্পৰাগতভাৱে, কৃষকসকলে কৃষিজাত সামগ্ৰী বিক্ৰীৰ বাবে তেওঁলোকৰ গাঁওৰ নিকটতম বজাৰলৈ মাইল ভ্ৰমণ কৰি যাব লাগে। কিন্তু এই প্ৰযুক্তিগত হস্তক্ষেপে দেশত কৃষি বাণিজ্যত বিপ্লৱ আনিছে।বৰ্তমান ই-নাম সমগ্ৰ দেশৰ ১০০০খন বজাৰৰ সৈতে একত্ৰীকৰণ কৰা হৈছে। কৃষকসকলে ই-নাম প্লেটফৰ্মটো ব্যৱহাৰ অথবা নাম পঞ্জীয়ন কৰিবলৈ কেৱল কেৱাইচি বিৱৰণ আপলোড কৰিব লাগে। তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিৱৰণ (লট আইডি) আৰু মানদণ্ডৰ প্ৰমাণপত্ৰ বজাৰত ই-বিডিং প্ৰক্ৰিয়াৰ আগতে আপলোড কৰিব লাগে। এবাৰ বিক্ৰী বিল চূড়ান্ত হলে, তেওঁলোকে এইচডিএফচিৰ দ্বাৰা প্ৰদান কৰা উৎকৃষ্ট প্ৰণালী ব্যৱহাৰ কৰি সহজে পেমেণ্ট লাভ কৰিব পাৰে।এই একত্ৰীকৰণে কেৱল কৃষকসকলকে নহয়, কৃষক উৎপাদক সংগঠনসমূহ (এফপিঅ’),কমিছন এজেণ্ট, প্ৰতিষ্ঠানিক ক্ৰেতা আৰু অন্যান্য বজাৰ পৰ্যায়ৰ সেৱা প্ৰদানকাৰী ইত্যাদিক সহায় কৰে। যিটো কৃষি মূল্য শৃংখলাৰ এটি অংশ। এই প্লেটফৰ্মে সংগ্ৰহৰ উপৰিও হিতাধিকাৰীৰ একাউণ্টত কোনো মেনুৱেল হস্তক্ষেপ অবিহনে নিষ্পত্তি কৰে।

এই সন্দৰ্ভত এইচডিএফচি বেংকৰ গভৰমেণ্ট আৰু প্ৰতিষ্ঠানগত ব্যৱসায় আৰু গিগ বেংকিঙৰ কাৰ্যবাহী উপ-অধ্যক্ষা সুনালী ৰোহৰাই কয়-” আমি এছএফএচিৰ সৈতে অংশীদাৰী ত্বৰান্বিত হোৱাৰ সুযোগ পাই আনন্দিত হৈছো। ইনাম প্লেটফৰ্মত আমাৰ বেংকিং সেৱাসমূহ আগবঢ়োৱাৰ এক সুযোগ লাভ কৰিছোঁ। ই কৃষকসকলক তেওঁলোকৰ পেমেন্ট লাভ কৰিবলৈ সক্ষম কৰি তোলে আৰু তেওঁলোকক ব্যৱসায় কৰাৰ সহজতা প্ৰদান কৰে।”

একেদৰে এছএফএচিৰ পৰিচালনা সঞ্চালক নীলকমল দৰবাৰী (আইএএছ)য়ে কয়-“প্ৰযুক্তি অধিক ব্যৱহাৰৰে কৃষকসকলক সৰ্বাধিক লাভালাভ দিয়াৰ কল্পনা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মই আশা কৰোঁ যে এইচডিএফচি বেংকৰ সৈতে হোৱা এই চুক্তিয়ে সমগ্ৰ দেশৰ কৃষকসকলক লাভান্বিত কৰিব।
তেওঁলোকে তেওঁলোকৰ সুবিধাজনক ঠাইৰ পৰা ব্যৱসায়িক লেনদেন কৰিবলৈ সক্ষম হ’ব।

২০২১ চনলৈ ১.৭ কোটিত অধিক কৃষক আৰু ১.৮লাখতকৈ অধিক ব্যৱসায়ী আছে ,যিয়ে ইনামত নাম পঞ্জীয়ন কৰিছে আৰু তেওঁলোক ডিজিটেল বজাৰৰ পৰা লাভাম্বিত হৈছে।ইনামত ব্যৱসায় কৰা কৃষি-উৎপাদিত সামগ্ৰীৰ মুঠ মূল্য হৈছে ২০২০-২১ বিত্তীয় বৰ্ষলৈকে প্ৰায় ১.৩ লাখ কোটি টকা।ইয়াত ১০০০খনতকৈ অধিক বজাৰ ইতিমধ্যে একত্ৰীকৰণ কৰা হৈছে আৰু চৰকাৰে ইতিমধ্যে বাজেট ভাষণত ঘোষণা কৰিছে যে অহা ২-৩ বছৰত আৰু ১০০০খন বজাৰ একত্ৰীকৰণ কৰা হ’ব।এইচডিএফচি বেংক হৈছে কৰ সংগ্ৰহৰ বাবে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্ববৃহৎ বেংক সংস্থা।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

বঙৰাত ঐতিহাসিক কৃষক বিদ্ৰোহৰ এবছৰ পূৰ্তি উপলক্ষে কৃষক সভা অনুষ্ঠিত

সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ঐতিহাসিক কৃষক বিদ্ৰোহৰ এবছৰ পূৰ্তি উপলক্ষে আজি বঙৰাৰ পাছনীয়াপাৰাত এক বিশাল কৃষক সভা অনুষ্ঠিত হয় । সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সম্পাদক দীনেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত কৃষকসকলে হাতে হাতে প্লে’কাৰ্ড লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰক, ভূমিহীনক ভূমিৰ অধিকাৰ প্ৰদান কৰক, ১২ ঘণ্টীয়া শ্ৰমিক আইন বাতিল কৰক, কৃষিভূমি কোম্পানীক গতোৱা নীতি বন্ধ কৰক আদি শ্লো’গানেৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলণ, কৃষক শ্বহীদ স্মৰণ, সাংগঠনিক সভাৰ অন্তত স্থানীয় শিশু শিল্পী সকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীতেৰে মুকলি সভাৰ উদ্ধোধন কৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগ্ৰামী কৃষক সংঘৰ নেতা জেহেৰুল ইছলামে । সভাত সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক দীনেশ দাসে ভাষণ প্ৰসঙ্গত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন তিনিখন বাতিলৰ কথা ঘোষণা কৰে যদিও আজিলৈ কাৰ্যকৰী কৰা নাই । গতিকে আইন তিনিখন বাতিল কাৰ্যকৰী নকৰালৈকে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০০ৰো অধিক কৃষক সংগঠনে ঐক্যবদ্ধহৈ দিল্লীত আন্দোলন অব্যাহত ৰাখিছে । আজি এই ঐতিহাসিক বৰ্ষ পূৰ্তি উপলক্ষে অনুষ্ঠিত কৃষক সভাতে কামৰূপ জিলা সমিতিৰ সংগ্ৰামী কৃষক-শ্ৰমিক সংঘই কৃষি আইন বাতিল কাৰ্যকৰী নকৰালৈকে কৃষক সংগ্ৰাম অব্যাহত থাকিব বুলি সংকল্পবদ্ধ হয় । আজিৰ সভাত সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱজিৎ চৌধুৰী আৰু সাধাৰণ সম্পাদক দীনেশ দাসৰ লগতে নিখিল ভাৰত কৃষক পৰিষদৰ সাধাৰণ সম্পাদক জয়ন্ত গগৈ,সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ যুৱ নেত্ৰী বিদিশা বৰ্মন, বিশিষ্ঠ সাহিত্যিক ময়না গোস্বামী,কৃষক শ্ৰমিক সংঘৰ নেতা প্ৰণৱ দলৈ, স্থানীয় কৃষক আজাদ আলী, স্থানীয় নেত্ৰী মৰ্জিনা বেগম আৰু কামৰূপ জিলাৰ কৃষক শ্ৰমিক সংঘৰ সক্ৰিয় সদস্য নিজামুদ্দিন আহমেদ উপস্থিত থাকি অঞ্চলটোৰ খাটিখোৱা শ্ৰমিকৰ উপৰিও গৰাখহনীৰ সমস্যাৰ ওপৰত ভাষণ প্ৰদান কৰে।

ঢকুৱাখনা জিলা প্ৰাথমিক সন্মিলনীৰ দশম দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী কেৱল শিক্ষকৰ প্ৰাপ্য আদায়ৰ বাবে সংগ্ৰাম কৰি অহা এটা শিক্ষক সংগঠন নহয়।  শিক্ষক সন্মিলনীয়ে  প্ৰাপ্যৰ বাবে যথেষ্ট  যুঁজ কৰি অহাৰ সমান্তৰাল ভাৱে শিক্ষক সমাজৰ দায়িত্ব আৰু মৰ্যাদাৰ লগতে সামাজিক দায়বদ্ধতাৰ হকেও  কাম কৰে । ৰাজ্যখনত আজিও মধ্যাহ্ন ভোজনৰ এটা চাউল , এটা পইচা ,এটা ইউনিফৰ্ম নোপোৱাকৈ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত ক শ্ৰেণী সংযুক্ত কৰি লক্ষ্য লক্ষ্য শিক্ষাৰ্থীক শিক্ষাদান কৰি আহিছে।  প্ৰাথমিক স্তৰত এই ক শ্ৰেণী সংযুক্ত কৰা কাম সন্মিলনীয়ে সম্পন্ন কৰিছে। এয়া সন্মিলনীৰ সামাজিক দায়বদ্ধতাৰ নিদৰ্শন।

কিন্তু ইমানৰ পাছতো কিয় চৰকাৰী পৃষ্ঠপোষকতাৰ বিদ্যালয়লৈ নাহে শিক্ষাৰ্থী । বিদ্যালয় একত্রিতকৰণনেৰে  বহু বহু পুৰণি শিক্ষানুষ্ঠান চিৰ দিনলৈ বন্ধ হৈ পৰিছে। এটা গৱেষণাত উন্মোচিত হৈছে ভাৰতবৰ্ষৰ লগতে ৰাজ্যখনৰ এগৰাকী শিক্ষকে  দিনটোৰ কৰ্মসময়ৰ পাঠদানৰ বাবে মাত্ৰ ১৯’১শতাংশ সময় পায়।বাকী ৪২’৬ শতাংশ সময় ব্যয় কৰিব লাগে নিয়োজিত  অন্যান্য চৰকাৰী কামত। ৩৮’৮ শতাংশ সময় ব্যয় কৰিব লাগে বিদ্যালয়ৰ অন্যান্য কামত  আৰু ৬’৫ শতাংশ সময় ব্যয় কৰিব লাগে বিভাগীয় কামত। শিক্ষকতা কৰাৰ নামত  দিনটোৰ বেছি ভাগ সময় অশিক্ষণীয় চৰকাৰী কামত শিক্ষক সমাজক ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিছে চৰকাৰে বা শিক্ষা বিভাগৰ উচ্চ পদস্থ আমোলা বিষয়া সকলে। তাৰমানে ৰাজ্যখনৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাতো ক্ৰমাগত ভাবে অধঃপতিত কৰাৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাতে বহু দিনৰ পৰাই এক চক্ৰান্ত চলি আহিছে।  শুক্ৰবাৰে ঢকুৱাখনা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ  দশম দ্বি বাৰ্ষিক অধিবেশনৰ  মুকলি সভাত নিৰ্দ্দিষ্ট বক্তা  হিচাপে উপস্থিত হৈ এই মন্তব্য কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে। জিলা সন্মিলনৰ সভাপতি পৰমা কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ শুভ উদ্ধোধন কৰে ঢকুৱাখনা মহকুমাৰ বিদ্যালয় সমূহৰ উপ পৰিদর্শক চুমী  শইকীয়াই । গাম্ভীৰ্যপূৰ্ণ অধিবেশনৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰি  ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ বৰাই
এখন নিকা পৰিশুদ্ধ শৈক্ষিক সমাজ গঠনত শিক্ষাগুৰু সকলৰ  বৰেণ্য ভূমিকা থাকে বুলি কৈ  এগৰাকী শিক্ষকৰ উপৰিও এগৰাকী অভিভাৱক হিচাপে প্ৰাথমিক বিদ্যালয়ৰ  শিক্ষাগুৰু সকলে  উৎকৃষ্ট মানৱ সম্পদ গঢ়াত যি  নিৰন্তৰ অৱদান আগবঢ়াই যায় সেয়া  অতুলনীয় বুলি কয়। ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত ঢকুৱাখনা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া গুনীন দত্তই বক্তব্য ৰাখি অসমৰ সৰ্ববৃহৎ শিক্ষক সংস্থা শিক্ষক সন্মিলনীৰ দৰে শিক্ষক সংগঠনৰ প্ৰয়োজনীয়তা আছে বুলি কৈ  শিক্ষকৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিবলৈ সন্মিলনীৰ কৰণীয় অধিক বুলি কয়। দত্তই  শিক্ষক সকলে চাকৰি বুলি নকৰি শিক্ষকতা কৰাৰ আহ্বান জনায় শিক্ষকতাৰ নামৰ পবিত্ৰ বৃত্তিৰ বহু সময়ত  স্খলন ঘটা বুলি অভিযোগ তুলি শিক্ষকৰ কৰ্তব্য দায়িত্ব সঠিক ভাবে পালনেৰে গঞা শিক্ষাৰ্থী সকলক উৎকৃষ্ট মানৱ সম্পদ গঢ়াত মনোযোগ দিয়াৰ আহ্বান জনাই। সন্মিলনীৰ উত্তৰ মণ্ডলৰ সমন্বয়ক দীপাংকৰ কোঁৱৰ , সন্মিলনীৰ প্ৰাক্তন  সভাপতি হেম বৰুৱা ,ৰাজ্যিক উপ সভানেত্রী  ৰুণুমী গোঁহাই আৰু সন্মিলনীৰ অন্তৰ্গত ৫ শতাধিক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থকা মুকলি  সভাত  বিশিষ্ট অতিথি হিচাবে বিশিষ্ট গৱেষক শিক্ষাবিদ ডঃ কেশৱ হাজৰিকাই  মননশীল আৰু তত্বগধূৰ বক্তব্যৰে শিক্ষক সমাজক উপকৃত  কৰে।  অধিৱেশনৰ অন্তিম দিনা সন্ধিয়া অনুষ্ঠিত প্ৰতিনিধি সভাই পৰমা কোঁৱৰক সভাপতি , প্ৰণৱ কুমাৰ শইকীয়া , ইন্দ্ৰ নাথ গগৈক  উপ সভাপতি, লক্ষীমাই  হাজৰিকাক সম্পাদক ,মোহিনী চাংমাইক কোষাধক্ষ্য , ফণী বৰা , গৌৰাংগ  মহন্ত , মনোজ দলেক সহকাৰী সম্পাদক ,ৰেবত গগৈক কাৰ্য্যালয় সম্পাদক  হিচাবে লৈ নতুন পূৰ্ণাংগ জিলা সমিতিখন গঠন কৰা হয় কেন্দ্ৰীয় পৰ্যবেক্ষকৰ  উপস্থিতিত।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

শিৱসাগৰত জিলা উন্নয়ন আয়ুক্তৰ অধ্যক্ষতাত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ কাৰ্যসূচীৰ জিলা উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত

শিৱসাগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত এছ গোৱালাৰ অধ্যক্ষতাত কালি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ কাৰ্যসূচীৰ জিলা উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত হয়।বৈঠকত নেহৰু যুৱ কেন্দ্ৰ, শিৱসাগৰৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তুত কৰা বাৰ্ষিক কাৰ্য্য পৰিকল্পনাৰ খচৰা খনৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰা হয়। এই বাৰ্ষিক কাৰ্য্য পৰিকল্পনাৰ ভিতৰত বিভিন্ন কাৰ্যসূচী যেনে- “আত্মনিৰ্ভৰশীল ভাৰত” বিষয়ক প্ৰচাৰ পত্ৰিকা  ছপাকৰণ ,যুৱ সচেতনতা, বৃত্তিমূলক তথা কৌশলগত প্ৰশিক্ষণ আৰু ক্রীড়া বিষয়ক কাৰ্যসূচী, ক’ভিড-১৯ ৰোগ সম্পৰ্কীয় সচেতনতা কাৰ্যসূচী, দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক সচেতনতা কাৰ্যসূচী, কলা-সংস্কৃতি বিষয়ক কাৰ্যসূচী আৰু স্বচ্ছতা বিষয়ক প্ৰশিক্ষণ ইত্যাদি সামৰি লোৱা হৈছে।

জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে নেহৰু যুৱ কেন্দ্ৰৰ বিষয়-ববীয়া সকলক এই কাৰ্যসূচীসমূহ ৰূপায়ণৰ সময়ত জিলাখনৰ চৰকাৰী বিভাগ সমূহৰ লগত সমন্বয় বজাই ৰখাৰ পৰামৰ্শ প্ৰদান কৰে। তেওঁ নেহৰু যুৱ কেন্দ্ৰৰ কাৰ্যসূচী সমূহক জিলাখনৰ যুৱ প্ৰজন্মৰ মাজত ব্যাপক পৰিসৰত জনপ্ৰিয় কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়। তেওঁ সংশ্লিষ্ট বিভাগৰ বিষয়া সকলক সামাজিক দায়বদ্ধতা অনুধাৱন কৰি নেহৰু যুৱ কেন্দ্ৰৰ কাৰ্যসূচী সমূহত মনোনিবেশ কৰিবলৈ অহ্বান জনায়।বিস্তৃত আলোচনাৰ অন্তত বৈঠকখনত নেহৰু যুৱ কেন্দ্ৰৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাৰ্ষিক কাৰ্য্য পৰিকল্পনাক অনুমোদন জনোৱা হয়।

সভাত জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ৰ উদ্যোগত তথা নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত বৰষুণৰ পানীৰ সংৰক্ষণৰ ওপৰত সজাগতা বৃদ্ধিৰ বাবে ৰূপায়িত “কেচ্ দি ৰেইন” কাৰ্যসূচীৰ দ্বিতীয় পৰ্য্যায়ৰ শুভাৰম্ভ কৰা হয়।

উল্লেখযোগ্য যে, শিৱসাগৰ জিলাত ১৯৯২ চনত নেহৰু যুৱ কেন্দ্ৰৰ শাখা প্ৰতিষ্ঠিত কৰা হয় আৰু বৰ্তমানলৈকে জিলাখনৰ ৬০০ -তকৈ অধিক যুৱসংঘ আৰু মহিলা মণ্ডল এই কেন্দ্ৰৰ সৈতে জড়িত হৈ আছে।সভাত জিলা পৰিষদৰ উপ- মুখ্য কাৰ্যবাহী বিষয়া টি জে ৰবাৰ্ট, নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া পাপাই দাসৰ লগতে বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
বাতৰি যুগুতালে দিলিস্তান খানে

ৰঙিয়াত সামাজিক -সাংস্কৃতিক সংগঠন সংগীতৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্নঃহেমন্তৰ সন্ধিয়া সংগীতৰ গীত আৰু কবিতাৰে জীপাল হ`ল উদযাপন স্থলী

ৰঙিয়াৰ অন্যতম সামাজিক তথা সাংস্কৃতিক সংগঠন সংগীতৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান বৃহস্পতিবাৰে সন্ধিয়া স্থানীয় ৰাইজমেল কৃষক ছহিদ ভবন প্ৰেক্ষাগৃহত সফলতাৰে অনুষ্ঠিত হৈ যায় ।তদুপলক্ষে আয়োজন কৰা হয় “হেমন্তৰ সন্ধিয়া সংগীতৰ গীত আৰু কবিতা”শীৰ্ষক অনুষ্ঠান ।সংগঠনটোৰ উপ সভাপতি জয়ন্ত কুমাৰ শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠান টোৰ প্ৰাৰম্ভিকতে প্ৰয়াত কবি সনন্ত তাতিৰ স্মৃতিত মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয়।
সম্পাদক পংকজ পল্লৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত কবি নুৰুল আমিন,উজ্বল ডেকা,প্ৰাঞ্জল শৰ্মা, সনত মহন্ত,বৰ্ণালী ডেকা,লভিতা মেধী,মুনীন শৰ্মা, তীৰ্থমনি ডেকা,আৰিফুৰ ৰহমান ,হেমন্ত কুমাৰ কলিতা, প্ৰদীপ কলিতা ,ভাস্কৰ কলিতা আৰু বীনা বৰুৱা প্ৰমূখ্যে কবি সকলে স্বৰচিত কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল কৰি তোলে ।আনহাতে কবিতা পাঠৰ মাজে মাজে শিল্পী মহেশ্বৰ কলিতা,সাধন শৰ্মা, বিপুল তালুকদাৰ,বিমলা শৰ্মাৰ লগতে শিশু শিল্পী প্ৰান্তিক নাথৰ কণ্ঠত পৰিৱেশন কৰা সংগীতানুষ্ঠানে অন্য এক মাত্ৰা প্ৰদান কৰে ।কৌতুক অভিনেতা দ্বয় হৰিশ তালুকদাৰ ,যাদৱ কুমাৰ কলিতাৰ কৌতুক ৰ অনুষ্ঠানে ৰসাল কৰি তোলে ।পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মণে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটিৰ সামৰণিত সংগীত গ্ৰুপ অফ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মাণ কৰা ৱেব চিৰিজ মেঘে ঢকা আকাশৰ তৃতীয় খণ্ডটিৰ শুভমুক্তি দিয়া হয় ।খণ্ডটিৰ আনুষ্ঠানিক ভাবে উন্মোচন কৰে অৱসৰ প্ৰাপ্ত অধ্যাপক পবিন কলিতা আৰু বিশিষ্ট সমাজকৰ্মী পবিত্ৰ কুমাৰ কলিতাই ।ইয়াৰ পূৰ্বে পুৱাৰ ভাগত গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশিষ্ট ফটোগ্ৰাফাৰ পংকজ প্ৰকাশে।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

মহিলাক ন্যায় প্ৰদান কৰিবলৈ মহিলা আয়োগ সদায় দায়বদ্ধ

অসম ৰাজ্যিক মহিলা আয়োগে মহিলা ন্যায় আৰু অধিকাৰৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে।অলপতে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা হেমপ্ৰভা বৰঠাকুৰে এই সম্পৰ্কত কয় যে নিৰ্যাতিত মহিলাক ন্যায় প্ৰদান কৰা আৰু মহিলা আয়োগক নতুন গতি দিয়াৰ বাবে আমি সদায় দায়বদ্ধ। ইতিমধ্যে কাৰ্যকাল লাভ কৰা পিছৰে পৰা হেমপ্ৰভা বৰঠাকুৰে মহিলা থানা পৰিদৰ্শন কৰি গোচৰ নিষ্পত্তি পাব লগা বিষয় সম্পৰ্কত আলোচনাত মিলিত হয়।

আনহাতে প্ৰতিখন জিলাৰ জিলা উপায়ুক্ত আৰু থানাৰ OC লগত সম্পর্ক গঢ়ি তুলি মহিলা আয়োগক ন দিশেৰে গতি দিয়া কথা জানিবলৈ দিয়ে। বৰঠাকুৰে কয় যে লিংগ বৈষমতাৰ বাবে মহিলা নিৰ্যাতনৰ বিষয়টো বিশেষকৈ গা কৰি উঠা দেখা যায়।কোন অভিভাৱকে এগৰাকী ছোৱালীক যিদৰে নীতি শিক্ষা প্ৰদান কৰে ঠিক সেইদৰে এজন ল’ৰা ক্ষেত্ৰতটো একে নীতি শিক্ষা প্ৰদান কৰাটো উচিত ।আনহাতে জনাই যে কোনো নিৰ্যাতিত মহিলাই উপযুক্ত অৰ্থৰ অভাৱত গোচৰৰ বাবে যুঁজ দিবলৈ অপাৰগত হ’লেও বিনামূলীয়া ভাৱে মহিলা অধিবক্তা যোগান ধৰি তেওঁলোকৰ গোচৰ নিষ্পত্তি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।জানিব পৰা মতে প্ৰথম পৰ্যায়ত চাহ বাগান অঞ্চলৰ মহিলা তথা উঠি অহা প্ৰজন্মক জনসজাগতামূলক কাৰ্যসূচী জৰিয়তে সামৰি লোৱা পৰিকল্পনা আছে বুলি তেখেতে মন্তব্য কৰে।

কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত সংবিধান দিৱস উদযাপন

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত আজি সংবিধান দিৱস উদযাপন কৰা হয়। সংবিধান দিৱসটিৰ আঁত ধৰে উদ্যান শস্য বিশেষজ্ঞা ড০ দৰদী প্ৰিয়ম দুৱৰাই ।এই দিৱসত আই. চি. এ. আৰ. আটাৰীৰ সঞ্চালক ড° অনিল এিপাঠী,অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠক,চি.বি.বি. অ. ৰ মূখ্য বিষয়া ড° প্রমোদ ডেকা, উদ্যান শস্য গৱেষণা কেন্দ্রৰ প্রধান বিজ্ঞানী ড° জয়ন্ত শৰ্মা,কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ড° ধীৰেন কলিতা,বিশেষজ্ঞা ড° মধুসমিতা কটকী, পৰাগ শইকীয়া, কৰ্মচাৰীৰ উপস্থিতিত কৃষি বিজ্ঞান কেন্দ্রৰ প্রাণজল ঠাকুৰীয়াই ভাৰতীয় সংবিধানৰ প্রস্তাবনা পাঠ কৰায় আৰু লগতে অসমৰ বিভিন্ন জিলাৰ পৰা অহা কৃষক উৎপাদক কোম্পানীৰ সদস্যসকলেও সহপাঠ কৰে।
বাতৰি যুগুতালে জিতুমণি দাসে