গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ অষ্টম বাৰ্ষিক ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহখনি অহা ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব।আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে শিশু নাট্য বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মাণিক ৰয়,সভাপতি দিলীপ কুমাৰ বৰা,নাট সমাৰোহখনৰ মুখ্য উপদেষ্টা ড০ হিতেশ ডেকা আৰু সভাপতি ডাঃ হিতেশ বৰুৱাই।উল্লেখ্য যে অসম সাংস্কৃতিক সঞ্চালকালয়,অইল ইণ্ডিয়া লিমিটেড আৰু সংগীত নাটক একাডেমীৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই নাট্য সমাৰোহখনি উদ্বোধন কৰিব সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলেই।এই সমাৰোহখনিত আৰম্ভণিৰ নাট হিচাপে পৰিবেশিত হ’ব মুম্বাইৰ ষ্টৰি চাৰ্কাছ গোষ্ঠীৰ উল্কা ময়ূৰ ৰচিত পৰিচালিত হিন্দী আৰু ইংৰাজী ভাষাৰ নাটক টিক টক টেলচ।উল্লেখযোগ্য যে এই শিশু নাট সমাৰোহত মুম্বাই,দিল্লী,কেৰেলা,ভূপালৰ লগতে অসমৰ দৰং,গোৱালপাৰাৰ মুঠ ৯ টা নাট্য দলৰ শিশু নাটক পৰিবেশিত হ’ব।লগতে শিশু নাট সমাৰোহখনিৰ অংকুৰ শীর্ষক এখনি মুখপত্র উন্মোচিত হ’ব।সংবাদমেলখনত নাট সমাৰোহৰ উপদেষ্টা বন্দিতা ফুকন আৰু জিতেন শৰ্মা উপস্থিত থাকে।

গ্ৰাম্যাঞ্চলত সেৱা আগবঢ়াব বেটাৰ লাইফ মেডিকেল চেণ্টাৰে
পূব আৰু উত্তৰ-পূব ভাৰতৰ কেইখনমান শীৰ্ষ চিকিৎসা প্ৰতিষ্ঠানৰ সৈতে কাম কৰি থকা এগৰাকী চিকিৎসকে চাকৰি এৰি অসমৰ ওদালগুৰি জিলাৰ দুৰৱৰ্তী স্থানত চিকিৎসা সুবিধা আৰম্ভ কৰিছে।সমাজৰ সুবিধা পৰা বঞ্চিত লোক সকলক অন্তিম মাইল স্বাস্থ্য সেৱা প্ৰদান লক্ষ্যৰে গাইনোকোলজিষ্ট ডাঃ সায়ন্তনী ভট্টাচাৰ্যই অসমৰ ওদালগুৰি জিলাৰ পানেৰীত বেটাৰ লাইফ মেডিকেল চেণ্টাৰ স্থাপন কৰিছে। আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত সংবাদ মাধ্যমৰ লোক সকলক সম্বোধন কৰি ডাঃ ভট্টাচাৰ্যই কয় যে পানেৰীৰ কেন্দ্ৰটো তেওঁৰ ষ্টাৰ্টআপ বেটাৰ হেলথকেয়াৰ এটা দ্যা লাষ্ট মাইলৰ ফ্লেপশ্বিপ ইউনিট।
চলিত বৰ্ষত ১৪ ফেব্ৰুৱাৰীত নামনি অসমৰ অন্যতম বৃহৎ চাহ বাগিচাৰ কৰিডৰ,আৰু চাহ জনজাতি আৰু অন্যান্য সম্প্ৰদায়ৰ এক বৃহৎ জনসংখ্যাই বাস কৰা পানেৰীত বেটাৰ লাইফ মেডিকেল চেণ্টাৰ উদ্বোধন কৰিছোঁ।বেটাৰ লাইফ মেডিকেল চেণ্টাৰত এটা মাল্টি স্পেচিয়েলিটি ফেমিলি ক্লিনিক ডায়গনষ্টিক চেণ্টাৰ আৰু এখন ফাৰ্মাচী আছে।
উল্লেখযোগ্য যে কেন্দ্ৰটোত আলট্ৰাচাউণ্ড,ইচিজি, স্বাস্থ্য পৰীক্ষা,ফাৰ্মাচী,নেবুলাইজেচন বেজী সেৱা অক্সিজেন, চিকিৎসা কোঠা সকলো উপলব্ধ।ইয়াৰ উপৰিও ৰেডিঅ’লজিষ্ট,চকু বিশেজ্ঞ,ফিজিঅ থেৰাপিষ্ঠ,ডায়েটিশিয়ান,শিশু বিশেষজ্ঞৰ সেৱা উপলব্ধ।
ভিউৱাছৰ মতামত