শৰাইঘাটৰ পুৰণি দলংখন ২০জুনত মুকলি হ’ব ।এই কথা জানিবলৈ দিছে উত্তৰ পূব সীমান্ত ৰেলৱে।উল্লেখযোগ্য যে গধুৰ যান বাহনৰ বোজা বহন কৰাৰ বাবে দলং খন যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছিল।যাৰ বাবে যাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হৈছিল।সেয়েহে মেৰামতিৰ বাবে দলংখন বন্ধ কৰি দিছিল।জানিব পৰা মতে মেৰামতি প্ৰায় সম্পূৰ্ণ হৈছে।২০জুনত দলংখন পুনৰ মুকলি হ’ব ।

ৰাণী আন্ধেৰীজুলীত দুখীয়া লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ
সামাজিক, অৰ্থনৈতিক, শৈক্ষিক , সাংস্কৃতিক আদি দিশ সামৰি স্বায়ত্ত শাসিত পৰিষদে সমমৰ্য্যদাৰে সঠিক ৰূপত আগবঢ়াই নিবলৈ অহৰহ চেষ্টা চলাই অহা কাৰ্যই অঞ্চলটোত দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে। তাৰেই অংশস্বৰূপে আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৩৬ নং পৰিষদীয় সমষ্টিৰ উদ্যোগত ২০১৯-২০ বিত্তীয় বৰ্ষৰ আৰ্থিক অনুদানৰে বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। মহানগৰী সমীপৰ ৰাণীৰ আন্ধেৰীজুলীত স্থায়ী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত এই বিতৰণ কাৰ্যসূচীত ৩৬ নং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা, ৰাণী ৰাভা ছাত্র সন্থাৰ সম্পাদক জিতেন ৰাভা, ৰাভা মহিলা পৰিষদৰ সভানেত্রী মঞ্জু ৰাভা, সুনীতা বড়ো, ৰাভা মহিলা মনিটৰিং কমিটিৰ সদস্য মইনা বড়ো, পাপৰি বড়ো, সুনিতা মেধীকে ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানত অঞ্চলটোৰ কৃষক, শিপিনী, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, দৰ্জী, দুখীয়া-দৰিদ্ৰ পৰিয়ালক সামৰি প্ৰায় পাচ শতাধিক হিতাধিকাৰিক স্প্ৰে মেচিন, টিনপাট, পাম্প চেট, প্লাষ্টিক শ্বেয়াৰ, কম্বল , আঠুৱা, ফুটবল বেডশ্বিট আদি বিতৰণ কৰা হয়।পৰৱৰ্তী সময়তো দুখীয়া লোকসকলক এনেদৰে সামগ্ৰী বিতৰণ কৰা হ’ব বুলি সমষ্টিটোৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভাই জানিবলৈ দিয়ে।
ভিউৱাছৰ মতামত