অৰ্কিডৰ প্ৰেমত পৰা এজন যুৱক।যুৱকজনে ঘৰতে বহু দেশী বিদেশী অৰ্কিড সংৰক্ষণ কৰি ৰাখিছে।বহু পৰ্যটক, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অৰ্কিডৰ গৱেষণাৰ বাবে এই বিশেষ যুৱকজনৰ ঘৰলৈ আহে।
এই যুৱক জন হ’ল অংকুৰ ৰাজ গগৈ।ঘৰ শিৱসাগৰৰ টেঙাপুখুৰীত।পেছাত এখন ব্যতিগত শিক্ষানুষ্ঠানত শিক্ষকতা কৰে।তেখেতে ২০১০ চনৰ পৰা অৰ্কিড সংৰক্ষণ কৰিছিল।
জাতীয় ফুলৰ প্ৰতি থকা আকুলতাৰ পৰা বাবে অংকুৰ ৰাজে অৰ্কিড সংৰক্ষণ কৰিল।অংকুৰ ৰাজে প্ৰায় ১৪০০ প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰি ৰাখিছে।
উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ প্ৰায় সকলো অৰ্কিড সংৰক্ষণ কৰি ৰাখিছে।লগতে আমেৰিকা, নেপাল, ভূটান, থাইলেণ্ড, ফিলিপাইনকে আদি ২৭ খন দেশৰ অৰ্কিড সংৰক্ষণ কৰি ৰাখিছো।ফ’ৰ লাইনৰ কাম চলোতে ধ্বংস হ’ব ধৰা বহু অৰ্কিড সংৰক্ষণ কৰিলো।
মই বিচাৰো চৰকাৰে যি দৰে অপুৰুগীয়া সম্পদ হিচাপে গঁড় গুৰুত্ব দিছে, ঠিক সেই দৰে অৰ্কিডকো গুৰুত্ব দিয়ক।কাৰণ কপৌফুল হ’ল অসমৰ জাতীয় ফুল।ই আমাৰ জাতীয় কৃষ্টি, স্বভিমানৰ লগত জৰিত।এই মন্তব্য অংকুৰ ৰাজ গগৈৰ।
নৱপ্ৰজন্মৰ এনে কৰ্ম আৰু মানসিকতাই সুস্থ সমাজ গঢ়াত সহায় কৰে।অংকুৰ ৰাজ গগৈ লৈ থাকিল অলেখ শুভকামনা।
ভিউৱাছৰ মতামত