ৰহাত ২১ সংখ্যক মৎস্য পালক দিৱস উদযাপন

শনিবাৰে নগাঁও জিলাৰ ৰহাত অৱস্থিত জঙল বলহু মীন পামত ২১ সংখ্যক ৰাষ্ট্ৰীয় মৎস্য পালক দিৱস জাকজমকতাৰে উদযাপিত হয়।অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মৎস্যপালন ব্যৱসায়ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নিৰ্বাচিত প্ৰগতিশীল মীনপালকসকলক সম্বৰ্ধনা জনোৱা হয়।মুখ্য অতিথি হিচাপে বক্তব্য ৰাখি মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে, পূৰ্ব-প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰৰ কাৰ্যকালতহে মীনখণ্ডই সৰ্বোচ্চ অগ্ৰাধিকাৰ লাভ কৰিছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাছক এক সম্পদ হিচাপে গণ্য কৰাটো সমগ্ৰ দেশৰ মাছ পালকসকলৰ বাবে অত্যন্ত গৌৰৱ তথা সন্তুষ্টিৰ বিষয়। “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বাধিক অগ্ৰাধিকাৰ লাভ কৰা মীনক্ষেত্ৰ পূৰ্বৰ নিচিনাকৈ অৱহেলাৰ পাত্ৰ নহয়।“ তেওঁ লগতে মন্তব্য কৰে যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যখনৰ বিশাল জল-ভাণ্ডাৰৰ ব্যৱহাৰৰ দ্বাৰা মৎস্য উৎপাদন অধিকতম কৰিবলৈ সন্মিলিত প্ৰচেষ্টা কৰি আহিছে।শুক্লবৈদ্যই মীনপালকসকলক ৰাজ্য তথা সমগ্ৰ দেশৰ খাদ্য আৰু পুষ্টি নিশ্চিত কৰা দিশত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে প্ৰশংসা কৰে। “মই ৰাজ্যৰ মৎস্যপালক সকলক আন্তৰিক শুভেচ্ছা দিছোঁ।

আমাৰ যুৱসমাজকো আগুৱাই আহি মীনপালনক এক লাভজনক উদ্যোগ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।“ মন্ত্ৰীয়ে কৃষকসকলক দেশৰ খাদ্য-সম্ভাৰত সৰ্বোচ্চ গুণসম্পন্ন প্ৰটিন সংযোজন কৰাৰ বাবে ধন্যবাদ জনায়।মৎস্যপালকসকলৰ অতুলনীয় কষ্ট আৰু অধ্যৱসায়ক স্বীকাৰ কৰি শুক্লবৈদ্যই বায়’ফ্লক আৰু কেজ কালচাৰৰ দৰে শেহতীয়া প্ৰযুক্তিসমূহ আঁকোৱালি লোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে।শুক্লবৈদ্যই প্ৰকাশ কৰে যে ২০১৬ চনৰ পৰাই মীনখণ্ডত নিৰৱচ্ছিন্ন অগ্ৰগতি লাভ কৰি মাছৰ উৎপাদন ৩.৯৩ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। তেওঁ আশা ব্যক্ত কৰে যে জিন বেংক স্থাপনৰ দ্বাৰা যাৰ বাবদ চৰকাৰে ১০ কোটি টকা ব্যয় কৰিব, অসমত মাছৰ উৎপাদন ৫ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাব।তেখেতে কয় যে কোভিড লকডাউনৰ বাবে ৰাজ্যলৈ উভতি অহা বহুতো যুৱকে চৰকাৰী সাহায্যত ব্যক্তিগত আৰু ৰাজহুৱা পুখুৰীত মীন পালন কৰিছে। “ ১২০০০ ব্যক্তিগত আৰু ৰাজহুৱা পুখুৰীৰ ভিতৰত ১০০০০ পুখুৰী নিৰ্মাণ কৰা হৈছে।“ মন্ত্ৰীয়ে ভাৰতত নীল বিপ্লৱ আৰম্ভ কৰাৰ ক্ষেত্ৰত ড° হীৰালাল চৌধুৰীৰ অৱদান ইনদিউচদ্‌ প্ৰজনন পদ্ধতিৰ ভূমিকাৰ বিষয়ে ব্যক্ত কৰে। ১৯৫৭ চনৰ ১০ জুলাইত চৌধুৰীয়ে সফলভাৱে ভাৰতীয় মেজৰ কাৰ্প প্ৰজাতিৰ মাছসমূহৰ ক্ষেত্ৰত হাইপফাইছেচন প্ৰক্ৰিয়া প্ৰদৰ্শন কৰিছিল।উদ্ভাৱনী প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা মৎস্যখণ্ডৰ বহনক্ষম বিকাশৰ বাবে মীনপালনত জড়িত ব্যক্তিসকলক নিয়মিয়াকৈ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে শুক্লবৈদ্যই।এই উপলক্ষ্যে মীনপালক সকলক শুভেচ্ছা জনাই নগাওঁ জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভনে কয় যে জিলাখনৰ মীনখণ্ডই উন্নয়নৰ দিশে দীঘলীয়া জাঁপ মাৰিছে আৰু মৎস্য উৎপাদনৰ ক্ষেত্ৰত ইতিমধ্যেই আত্ম-নিৰ্ভৰ হৈছে। “ ২৫ শতাংশ মাছেই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৱৰ অন্য ৰাজ্যলৈ ৰপ্তানি কৰা হয়।“- তেখেতে লগতে সংযোজন কৰে যে নগাওঁ জিলাই বিগত বৰ্ষৰ বিশ্ব মীন দিৱসত সমগ্ৰ ৰাষ্ট্ৰত ভিতৰতে শ্ৰেষ্ঠ জিলাৰ সন্মান লাভ কৰিছিল।তেখেতে কয় যে উৎপাদন আৰু আয় বঢ়াবৰ কাৰণে পালকসকল বায়’ফ্লকৰ নিচিনা শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। পদ্মনাভনে কয় যে জিলাখনত মাছৰ দানাৰ মিল স্থাপনে পৰিবহন ব্যয় হ্ৰাস কৰি মীনখণ্ডক সবল কৰিব।পদ্মনাভনে মন্ত্ৰীক জঙল বলহু মীন পামত নৌকাভ্ৰমণ, শিশুৰ বাবে মাছ সংগ্ৰহালয় আদিৰ ব্যৱস্থা কৰি এক জৈৱ-পৰ্যটন স্থান হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।বিধায়ক তথা অসম মীন উন্নয়ন পৰিষদৰ অধ্যক্ষ, ৰমাকান্ত দেউৰীয়ে যুৱকসকলক মীনপালনক আঁকোৱালি লৈ অসমৰ প্ৰতিশ্ৰুতিৰে উপচি থকা জল সম্পদসমূহ সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।নগাওঁ জিলা মীন উন্নয়ন বিষয়া ড° ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন, বিজেপি অসম প্ৰদেশৰ মৎস্যজীৱি কোষৰ কন্ভেনৰ, গণেশ দাস আৰু মীন বিভাগৰ ডাইৰেক্টৰ, এন কে দেৱনাথেও এই অনুষ্ঠানত বক্তব্য ৰাখে। মীন মহাবিদ্যালয়, ৰহাৰ ডিন ড বিনোদ কলিতা, অসম ৰাজ্যিক বিজেপিৰ অৰ্গেনাইজিং সম্পাদক, ফনিন্দ্ৰ নাথ শৰ্মা, ফিছফেডৰ কাৰ্যবাহী পৰিচালক ড° ধ্ৰুৱজ্যোতি শৰ্মা, প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস আৰু মন্ত্ৰীৰ সংলগ্ন মীন উন্নয়ন বিষয়া প্ৰতুল ডেকা উপস্থিত থাকে।ইয়াৰ পূৰ্বে মন্ত্ৰী শুক্লবৈদ্যই উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ সৈতে প্ৰগতিশীল মীনপালক সকলৰ মাজত চিতল আৰু জয়ন্তী ৰৌ মাছৰ পোনা বিতৰণ কৰে।লগতে তেখেতে ‘মৎস্যজীৱি’ আলোচনী আৰু পিএমএমএছৱাই পুস্তিকা উন্মোচন কৰে। মন্ত্ৰীয়ে গছপুলি ৰোপণ কাৰ্যসূচীতো অংশ লয়।চেয়াৰপাৰ্চন, এএফডিচি, দেউৰীয়ে এপাৰ্ট প্ৰকল্পৰ অধীনত নিৰ্মিত এক ফিচ ফিড মাল্টিপ্লিকেচন কেন্দ্ৰ এটাও উদ্বোধন কৰে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

বোকাখাতত তুংগত উঠিছে গঁড়ৰ খৰ্গ দহনৰ প্ৰস্তুতি পৰ্ব

অসম আৰক্ষীয়ে কিছুদিন পূৰ্বে জব্দ কৰা শ শ কিলো ড্ৰাগছ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ দৃশ্য হয়তো আপোনাৰ মনত আছে। এই কাৰ্যৰ প্ৰতি দল সংগঠন নিৰ্বিশেষে আগবঢ়াইছিল সমৰ্থন। কিন্তু এইবাৰ দীৰ্ঘদিনৰে পৰা চোৰাং চিকাৰীৰ পৰা জব্দ কৰা তথা উদ্ধাৰ কৰি জমা কৰি থোৱা গঁড়ৰ খৰ্গ সমূহ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । আজি ২,৪৭৯ টা গঁড়ৰ খৰ্গ দাহ কৰিব বোকাখাটৰ ৰাজহুৱা খেলপথাৰত । গঁড়ৰ খৰ্গ দহন প্ৰস্তুতি পৰ্ব তুংগত উঠিছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দহন কৰিব গঁড়ৰ খৰ্গ ৷ পোনপ্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে আয়োজন কৰা গঁড়ৰ খৰ্গ দহনৰ প্ৰস্তুতিৰ অংশ হিচাপে বিগত সময়চোৱাত চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰা গঁড়ৰ খৰ্গসমূহ সোমবাৰে ৰাজ্যৰ বিভিন্ন কোষাগাৰৰ পৰা ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে কঁহৰালৈ লৈ যোৱা হয় ৷ সেইমৰ্মে মৰিগাঁও জিলা কোষাগাৰত জমা হৈ থকা ৫৩ টা গঁড়ৰ খৰ্গ সোমবাৰে ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে কঁহৰালৈ নিয়াৰ ব্যৱস্থা কৰা হয়।আৰক্ষী, চি আৰ পি, শীৰ্ষ বনবিষয়া আৰু প্ৰশাসনিক বিষয়াৰ উপস্থিতিত মৰিগাঁও জিলা কোষাগাৰৰ পৰা কাজিৰঙাৰ কঁহৰালৈ কটকটীয়া স্থানান্তৰ কৰা হয় গঁড়ৰ খৰ্গকেইটা।

মণিপুৰী আইৰন মেনে ছ’চিয়েল মিডিয়াত সৃষ্টি কৰিছে খলকনিৰ

পেলনীয়া সামগ্ৰীৰে হলিউডৰ ছুপাৰ হিৰ’ আইৰন মেন তৈয়াৰ কৰি মণিপুৰৰ এগৰাকী যুৱকে সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।মণিপুৰৰ থৌবাল জিলাৰ ২১ বছৰীয়া নিংগোমবাম প্ৰেম নামৰ যুৱকজনে কাৰ্ডব’ৰ্ড আৰু পেলনীয়া ইলেক্ট্ৰনিক সামগ্ৰীৰে ঘৰতে এটা আইৰন মেনৰ ৰবট সাঁজি সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে।ইউটিউবৰ জৰিয়তে তেওঁ শ্বেয়াৰ কৰা ভিডিঅ’ই ব্যাপক সমাদৰ লাভ কৰিছে।তেওঁৰ ভিডিঅ’টো Brut নামৰ সংবাদ গোষ্ঠীটোৱে শ্বেয়াৰ কৰাৰ লগতে উদ্যোগপতি আনন্দ মহিন্দ্ৰাই টুইটাৰত শ্বেয়াৰ কৰে। ইয়াৰ পিছতে ভিডিঅ’টোৱে ব্যাপক জনপ্ৰিয়তা লাভ কৰে।আনন্দ মহিন্দ্ৰাই টুইটাৰ যোগে যুৱকজনক শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।আজৰি সময়ত নিজৰ মাক দেউতাকক পথৰ কাষত দিয়া খাদ্যৰ দোকানত সহায় কৰি দিয়া এই তৰুণ যুৱকজনে বৰ্তমান ইম্ফল আৰ্ট কলেজত চাৰুকলাৰ অধ্যয়ন কৰি আছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰ্চুৱেলী আইজলত অনুষ্ঠিত বাণিজ্য উৎসৱত অংশগ্ৰহণ কৰে

কেন্দ্ৰীয় বন্দৰ ,জাহাজ পৰিবহন আৰু জলপথ আৰু কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মিজোৰামৰ আইজলত অনুষ্ঠিত বাণিজ্য উৎসৱ,ভাৰতক উদীয়মান অৰ্থনৈতিক শক্তি হিচাপে প্ৰদৰ্শন অনুষ্ঠানত অংশগ্ৰহণ কৰে।ভাৰতৰ স্বাধীনতা ৭৫ বছৰ উদযাপনৰ সৈতে সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে এই বাণিজ্য উৎসৱ অনুষ্ঠিত কৰা হৈছে।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰি সীমান্ত ৰাজ্য খনৰ অপৰিসীম অৰ্থনৈতিক সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামৰ বিশাল প্ৰাকৃতিক সম্পদ, মনোৰম সৌন্দৰ্য আৰু কৌশলগত অৱস্থানে বিকাশৰ গতিক ত্বৰাম্বিত কৰাৰ থল আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বলিষ্ঠ নেতৃত্বত ৰাজ্য খনে নিশ্চিতভাৱে প্ৰগতি আৰু পৰিবৰ্তনৰ নতুন শিখৰত উপনীত হ’ব।বাণিজ্য উৎসৱ এই উদ্বোধনী অনুষ্ঠানত মিজোৰামৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী ড° আৰ লালথানগ্লিয়ানা,ভাৰত চৰকাৰৰ বাণিজ্য বিভাগৰ প্ৰতিনিধি আৰু মিজোৰামৰ জ্যেষ্ঠ চৰকাৰী বিষয়া সকল উপস্থিত আছিল।

টীয়কত সামাজিক সংস্থা একাঁজলি সহায়ৰ মানৱ দৰদী কাৰ্যসূচী

এজন অসমীয়া যুৱক।নাম তেওঁৰ দিগন্ত বৰা।টীয়কৰ কাকজান কমাৰ খাতোৱাল গাঁৱৰ এই যুৱকজন ছেগ্ৰিকালচাৰ ফাৰ্মত চিকিউৰিটি গাৰ্ডৰ চাকৰিত নিয়োজিত আছিল।কিন্তু বিধিৰ লিখন খণ্ডাব কোনে ? বাক্যশাৰী যেন সঁচা প্ৰমাণিত হ’ল দিগন্ত বৰাৰ ক্ষেত্ৰত।১০ বছৰমানৰ আগতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ ফলত তেওঁৰ এটা ভৰি প্ৰায় বিকল হোৱাৰ দৰে হ’ল। যুৱকজনৰ জীৱিকাৰ প্ৰধান সম্বল হিচাপে থকা চাকৰিটোও হেৰুৱাব লগা হয়। অনাকাংক্ষিত ঘটনাটোৰ বাবে দিগন্ত বৰাৰ আশাবোৰ যেন ধূলিস্যাৎ হৈ গ’ল। কিন্তু দিগন্ত বৰা ভাগৰি নপৰি জীৱন-জীৱিকাৰ তাড়নাত সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰিলে।তেতিয়াৰে পৰা যুৱকজনে যোৱা দহ বছৰ ধৰি নাপিতৰ কাম কৰি স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

তেওঁ নিজৰ লগতে নিজৰ ঘৰখনৰো ভৰণ-পোষণৰ দায়িত্ব হাতত লৈছে। সোমবাৰে সামাজিক সংস্থা ‘একাঁজলি সহায়ে’ দিগন্ত বৰাক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দশ্যে এটা অত্যাধুনিক চুলি কটাৰ মেচিন প্ৰদান কৰে।দিগন্ত বৰাই নাপিতৰ কাম কৰি আত্মনিৰ্ভৰশীল হোৱাৰ যি স্বপ্ন দেখিছে তেওঁৰ এই যাত্ৰা সঁচাকৈ প্ৰশংসনীয়।দিগন্ত বৰাৰ দৰে অসমৰ যুৱসমাজ আগবাঢ়ি আহিলেহে অসমত কৰ্ম-আন্দোলন গঢ় লৈ উঠিব।নতুন অসমৰ স্বপ্নটোৱেও তেতিয়াহে সাকাৰ ৰূপ পাব।কৰ্মৰ জড়িয়তে তেওঁ নিজৰ সপোন পূৰণ কৰিবলৈ যত্ন কৰিছে।এতিয়া কেৱল তেওঁক প্ৰয়োজন আপোনাৰ-মোৰ অলপমান আশীৰ্বাদ আৰু আৰ্থিক সহায়ৰ।দিগন্ত বৰালৈ থাকিল আমাৰ অলেখ অযুত শুভকামনা ।

আজি মনোনয়ন পত্ৰ দাখিল কৰিলে সর্বানন্দ সোণোৱালে

প্রাক্তন মুখ্যমন্ত্রী তথা বর্তমানৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ৰাজ্যসভা নির্বাচনৰ বাবে মনোনয়ন–পত্র দাখিল কৰে৷ অসম বিধানসভাৰ সচিব ৰাজ্যসভা নির্বাচনৰ ৰিটানিং বিষয়াৰ ওচৰত মনোনয়ন দাখিলৰ সময়ত সোণোৱালৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা, ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ লগতে বিজেপি মিত্রজোঁটৰ নেতৃবৃন্দ উপস্থিত থাকে৷উল্লেখ্য যে অহা ৪ অক্টোবৰত অসমৰ এখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভাৰ নির্বাচনত বিজেপিয়ে সোণোৱালক প্রার্থিত্ব দিছে৷ বিৰোধী দল কংগ্রেছে এখন আসনৰ বাবে হ’বলগীয়া এই নির্বাচনত তেওঁলোক জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই আৰু প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ ফলত সোণোৱাল বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাটো নিশ্চিত হৈছে৷

বিশিষ্ট চাহ উদ্যোগপতি কমল জালান নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছনৰ অধ্যক্ষ নিৰ্বাচিত

বিশিষ্ট চাহ উদ্যোগপতি তথা সমাজকৰ্মী কমল জালান নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ ২০২১ – ২৩ বৰ্ষৰ কাৰ্যকালৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। আজি নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছনৰ গোলাঘাটস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সভাৰ অন্তত কমল জালানক অধ্যক্ষ আৰু অজয় ধান্দাৰিয়াক উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। উল্লেখ্য যে যোৰহাটস্থিত চাহ উদ্যোগপতি কমল জালান শ্যাম টি প্ৰডাক্টছ,শ্যাম উদ্যোগ আৰু গড়াজান চাহ বাগিচাৰ অন্যতম সহযোগী। চাহ উদ্যোগৰ সৈতে জড়িত হোৱাৰ উপৰিও কমল জালান বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আৰু তেখেতে বহু সংখ্যক বিনামূলীয়া চেনিটেৰী পেড বিতৰণ কৰাৰ বাবে তেখেতক অসমৰ পেডমেন বুলিও কোৱা হয়।তেখেতে মঘাই ওজা আৰু হীৰেণ ভট্টাচাৰ্যৰ প্ৰতিমূৰ্ত্তি দান কৰি নিজৰ সাংস্কৃতিক মনৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু ভৱিষ্যতে তেখেতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু মণিৰাম দেৱানৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰাৰ চিন্তা কৰিছে। আনহাতে আজিৰ সভাত নেটাৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা অজয় ধান্দাৰিয়া গোলাঘাটৰ বাসিন্দা আৰু কাৰ্বি আংলং স্থিত পৰমেশ্বৰী চাহ কোম্পানীৰ স্বত্বাধিকাৰী। অধ্যক্ষ কমল জালানৰ দৰে উপাধ্যক্ষ অজয় ধান্দাৰিয়াও বিভিন্ন সামাজিক কামকাজৰ সৈতে জড়িত। স্মৰ্তব্য যে ১৯৮১ চনতে চাহ উৎপাদনকাৰী সকলৰ এক সংস্থা হিচাপে জন্ম লাভ কৰা নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ সম্প্ৰতি পৰিসৰ বৃদ্ধি পাই অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ মুঠ ১৬৩ চাহ বাগিচা আৰু বটলীফ ফেক্টৰী সদস্য হিচাপে আছে আৰু সকলোৰে মিলি বাৰ্ষিক ১০২ মিলিয়ন কিল’গ্ৰাম চাহ উৎপাদন হয়।