নতুন দিল্লীস্থ এচ’ছিয়েচন অব ইণ্ডিয়ান ইউনিভাৰ্ছিটিজ(এ আই ইউ)ৰ উদ্যোগত উত্তৰ প্ৰদেশৰ নয়ডাৰ অমিতি বিশ্ববিদ্যালয়ত অহা ৩ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ৩৫ সংখ্যক ৰাষ্ট্ৰীয় মহোৎসৱখনৰ পৰ্যবেক্ষক হিচাপে এ আই ইউ এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিক নিযুক্তি দিছে।ইয়াৰ পূৰ্বে বিগত বৰ্ষত তামিলনাডুৰ আলাগাপ্পা বিশ্ববিদ্যালয়ত অনুষ্ঠিত দক্ষিণ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ এ আই ইউৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব নিয়াৰিকৈ পালন কৰিছিল।উল্লেখ্য ড০ ৰঞ্জন কুমাৰ কাকতি এ আই ইউ আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় মহোৎসৱৰ পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰা প্রথম গৰাকী অসমীয়া।

পথৰুঘাটৰ ৰণক সুঁৱৰি শ্বহীদ দিৱস পালন
আজি ২৮ জানুৱাৰী । ১৮৯৮ চনৰ আজি দিনটোতে ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইংৰাজৰ গুলিত মৃত্যুবৰণ কৰিছিল ১১৪ গৰাকী শ্বহীদে।এই কৃষক শ্বহীদ সকলক সুঁৱৰি পথৰুঘাটত দুদিনীয়াকৈ আয়োজন কৰা হৈছে শ্বহীদ দিৱস। ২৭ তাৰিখৰ পৰা আয়োজন হোৱা এই শ্বহীদ দিৱসত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী লগতে কৃষিমন্ত্ৰী অতুল বৰা,সাংসদ দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই।
বুধবাৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই পতাকা উত্তোলনেৰে এই দুদিনীয়া অনুষ্ঠানৰ শুভাৰম্ভ কৰে।বিয়লি ৪ বজাৰ পৰা আৰম্ভ কৰা হয় কৃষি আৰু জীৱিকা সখী সকলে অনুষ্ঠিত কৰা প্ৰদৰ্শনী অনুষ্ঠানৰ। আনহাতে, বৃহস্পতি বাৰৰ দিনা পুৱা ৭ বজাত প্ৰভাত ফেৰীৰ পিছতে শ্বহীদ তৰ্পন ,সৰ্বধৰ্ম প্ৰাৰ্থনা আদি অনুষ্ঠিত কৰা হ’ব।ইয়াৰ পিছত পুৱা১১ বজাৰ পৰা আৰম্ভ হ’ব মুকলি সভা।উক্ত মুকলি সভাত কেইবাটাও আটক ধুনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা ব্যৱস্থা কৰা হৈছে।ইয়াৰ উপৰিও সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে।শ্বহীদ দিৱসত সমূহ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা দৰঙৰ জিলা প্ৰশাসনে কামনা কৰিছে।
ভিউৱাছৰ মতামত