অসম অৰুণাচল সীমান্তৱৰ্তী গাৰোগাঁও অঞ্চলৰ ৰাইজৰ বিদ্যুতৰ সুবিধাৰ বাবে আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত আনুষ্ঠানিকভাৱে বিদ্যুতৰ খুঁটা পোতা কামৰ শুভাৰম্ভ হয় । বালিপৰা বিদ্যুৎ উপ সংমণ্ডলৰ সংমণ্ডল বিষয়া সাৰংগপাণি শইকীয়া এজিএম সুমিত কুমাৰ সিংহাৰ লগতে ৰাইজ, জনপ্ৰতিনিধিৰ উপস্থিতিত বিধায়কগৰাকীয়ে খুঁটা পোতা কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি পদ্ম হাজৰিকাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষকতাত বিভিন্ন আঁচনিৰ জৰিয়তে আজি দেশৰ চুকে কোণে ৰাইজৰ মাজত বিজুলী যোগান কাম আৰম্ভ হোৱাত এক উন্নয়ন বিপ্লৱৰ সূচনা হৈছে । বছৰ বছৰ ধৰি বিদ্যুতৰ পোহৰ নেদেখা গাৰোগাঁও অঞ্চলৰ ৪০০ ঘৰ লোকে অহা ২৫ ডিচেম্বৰৰ ভিতৰত বিজুলী বাতিৰ পোহৰত জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হ’ব, । অনুষ্ঠানটোত চাৰিদুৱাৰ জিলা পৰিষদৰ সদস্য কৃষ্ণ কোচ, সমাজকৰ্মী অৰুণ ভূঞা, ভালেমান জনপ্ৰতিনিধি, অঞ্চলবাসী ৰাইজ উপস্থিত থাকে ।

সমীক্ষাত প্ৰকাশ পাইছে-ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দৰ প্ৰাৰ্থী
বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে ভোটাৰৰ প্ৰথম পছন্দ। আইএএনএছ-চি-ভোটাৰৰ সমীক্ষাত এইকথা প্ৰকাশ পাইছে।
সমীক্ষা অনুসৰি ৰাজ্যখনৰ শাসনভাৰ পুনৰ চলাবলৈ ভোটাৰসকলে নিৰ্বাচিত কৰিবলগীয়া নেতাসকলৰ ভিতৰত সোণোৱালেই হৈছে উপযুক্ত ৰাজনীতিবিদ।অহা ৩১মে’ত সমাপ্ত হ’বলগীয়া বিধানসভাৰ ১২৬টা সমষ্টিৰ সঁহাৰি জনোৱা লোকৰ মাজত ৩০ শতাংশৰেই সোণোৱালক পছন্দ কৰে।
সকলো বিধানসভা সমষ্টিক সামৰি ৫,০০০তকৈয়ো অধিক লোকৰ মাজত চলোৱা সমীক্ষাটোৱে দেখুৱাইছে যে ২১.৬শতাংশ নাগৰিকে বিজেপি নেতা বৰ্তমানৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে পছন্দ কৰিছে।আনহাতে, কংগ্ৰেছ নেতা গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে ১৮.৮শতাংশ লোকে বিচাৰিছে আৰু ইয়াৰ পাছতে আছে এআইয়ুডিএফ নেতা বদৰুদ্দিন আজমল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়া।প্ৰায় ২০ শতাংশ অসমৰ লোকে আন ৰাজনৈতিক নেতাক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে।
ভিউৱাছৰ মতামত