ব্যক্তিগতখণ্ডৰ অন্যতম বিত্তীয় প্ৰতিষ্ঠান এইচ ডি এফ চি বেংকে আজি অসমত ১৫বছৰ সম্পূৰ্ণ কৰিলে।২০০৪ চনত গুৱাহাটীৰ জি এছ ৰো়ডৰ পৰা সেৱা আৰম্ভ কৰা এইচ ডি এফ চি বেংকটোৱে সম্প্ৰতি অসমৰ ১৫লাখ লোকক সামৰি লৈছে।এই সম্পৰ্কে মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত কৰা এক সংবাদমেলত উত্তৰ পূব শাখাৰ মুৰব্বী সন্দীপ এছ কুমাৰে কয় যে এইচ ডি এফ চি বেংকৰ সামাজিক কল্যাণ আচনিৰ জৰিয়তে ১৫লাখ লোক উপকৃত হৈছে।বেংকৰ পৰিবৰ্তনমূলক আঁচনিৰ জৰিয়তে বহু লোক উপকৃত হৈছে।ভৱিষ্যতে অসমত ১০০টা শাখা খোলাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে।সংবাদমেলত এইচ ডি এফ চি বেংকৰ বহুকেইজন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

আজি আনুষ্ঠানিক ভাৱে মুকলি হ’ল উদ্যান শস্য মেলা
বৃহস্পতিবাৰৰ পৰা বোকাখাতত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ল আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল পদ্ধতিৰে ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবে উপস্থিত থাকিব নোৱাৰি ভাৰ্চুৱেল পদ্ধতিৰে অংশ গ্ৰহণ কৰে ৷ তাৰোপৰি মেলাখনত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰেও ভৰ্চুৱেল পদ্ধতিৰে অংশ গ্ৰহণ কৰে ৷ প্ৰায় দুঘন্টা পলমকৈ আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানৰ কৃষিমন্ত্ৰী অতুল বৰাই আদৰণি ভাষণ প্ৰদান কৰাৰ সময়তে ভৰ্তি হৈ থকা মণ্ডপ খালী হৈ পৰা দেখা গ’ল ৷ অনুষ্ঠানত ১২ দেশৰ ৰাষ্টদূত আৰু উচ্চায়ুক্তই অংশ গ্ৰহণ কৰে ৷ এই বৃহৎ মেলাত ৰাজ্যখনৰ ৩৩ খন জিলাৰ ১৮৩ খন বিপনীয়ে অংশ গ্ৰহণ কৰিছে ৷ অৱশ্যে চিপচিপিয়া বৰষুণৰ বাবে উৎসাহ সীমিত হোৱা পৰিলক্ষিত হয় ৷ ৰাজ্যৰ ৫ শ কৃষকে প্ৰতিদিনে প্ৰশিক্ষণ লোৱাৰ লগতে গোলাঘাট জিলাৰ ৬ শ কৃষকে প্ৰতিদিনে প্ৰশিক্ষণ ল’ব ৷ প্ৰতি সন্ধ্যা ৰাজ্যৰ প্ৰতিস্থিত শিল্পীয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰিব ৷ আজি প্ৰথম নিশা বিপিন চাওদাং, কল্পনা পাটোৱাৰী, সোমনাথ বৰা আৰু বিমান বৰুৱাৰ লগতে স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই..
ভিউৱাছৰ মতামত