তেজপুৰ ডেকাৰগাঁওস্থিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰত ৪ নৱেম্বৰ তাৰিখে এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁত ধৰা ‘ভৱিষ্যতৰ অভিযন্তা নিৰ্মাণ’ শীৰ্ষক কৰ্মশালাখনি বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে অসমৰ বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে । কৰ্মশালাখনি জি আই এম টি, তেজপুৰৰ প্ৰশিক্ষণ আৰু সংস্থাপন কেন্দ্ৰৰ ফালৰ পৰা তথা অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল। মুঠ চাৰিটা ভাগত বিভক্ত কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ মুৰব্বী ড° দেৱেন্দ্ৰ চন্দ্ৰ বৰুৱা, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ প্ৰশিক্ষণ আৰু সংস্থাপন বিষয়া ড° ইন্দ্ৰাণী গগৈ, প্ৰশিক্ষণ ব’ৰ্ডৰ বিশেষ বিষয়া ঋতুৰাজ শইকীয়া আৰু চাচকনেক্ট প্ৰাইভেট লিমিটেড ব্যক্তিগত কোম্পানীৰ প্ৰতিষ্ঠাতা দ্বীপজ্যোতি বৰ্মন। আৰম্ভণিতে সমল ব্যক্তিসকলক একোখন ফুলাম গামোচা আৰু এটা স্মাৰকে আদৰণি জনায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে । প্ৰকৃত অভিযন্তাৰ বাবে প্ৰয়োজনীয় গুণ, তেওঁলোকৰ সামাজিক দায়বদ্ধতা, সাম্প্ৰতিক সময়ত কৰ্মসংস্থাপন লাভৰ বাবে ল’বলগীয়া কাৰ্যপদ্ধতি আদি সকলো দিশ সামৰি সমলব্যক্তি সকলে আগবঢ়োৱা ভাষণৰ যোগেদি শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হোৱা বুলি ছাত্রী বিকশিতা শ্যামে মন্তব্য কৰে আৰু সহকাৰী অধ্যাপিকা কবিতা ডেকাই সকলোকে ধন্যবাদ জ্ঞাপন কৰি কৰ্মশালাৰ সামৰণি ঘোষণা কৰে।

পেণ্ডেলৰ ব্যৱসায়ে স্বাৱলম্বী হোৱা এজন যুৱকৰ কথাৰে
বন্ধন বেংকৰ ঋণ লৈ ডিজিটেল পেণ্ডেলৰ ব্যৱসায় কৰি স্বাৱলম্বী হ’ল বিহালীৰ নিবনুৱা যুৱক নিৰ্মল গোৱালা।বিশ্বনাথ জিলাৰ বালিপুখুৰী এজন শিক্ষিত যুৱকে চৰকাৰী চাকৰি মোহ ত্যাগ কৰি ডিজিটেল পেণ্ডেলৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হৈ পৰিছে।
প্ৰথম পৰ্যায়ত তেখেতে খেতি পথাৰ কৰি সৰুকৈ এখন গেলামালৰ দোকান আৰম্ভ কৰিছিল।বৰ্তমান সময়ত ডিজিটেল প্ৰাধান্য সকলোতে আছে।সেয়েহে তেওঁ সময়ৰ লগত খোজ মিলাই নতুনকৈ আৰম্ভ কৰিছে ডিজিটেল পেণ্ডেল।
এই ডিজিটেল পেণ্ডেল বিশ্বনাথত আৰম্ভ কৰা প্ৰথমজন ব্যক্তি হৈছে গোৱালা।মাত্ৰ দুহেজাৰ টকাৰে আৰম্ভ কৰি আজি তাৰিখত প্ৰায় পাঁচ লাখ টকা ব্যৱসায় কৰিবলৈ সক্ষম হোৱা লগতে বিশ জন লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে ব্যক্তি গৰাকীয়ে।
ভিউৱাছৰ মতামত