মাৰোৱাৰী হস্পিতাল আৰু নতুন দিল্লীৰ ছাৰ গংগাৰাম হস্পিতালৰ মাজত এক নতুন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত মাৰোৱাৰী হস্পিতালৰ সভাপতি শৰৎ কুমাৰ জৈন আৰু গংগাৰামৰ অধ্যক্ষ পদ্মশ্ৰী ডা: সৌমিত্ৰ ৰাৱাটে চুক্তি সম্পাদিত কৰে । গংগাৰাম কৰ্তৃপক্ষ সহযোগত এতিয়াৰে পৰা গুৱাহাটীৰ মাৰোৱাৰী হস্পিতালত Gastro Liver Surgical Clinic ৰ সেৱা লাভ কৰিব। শুকুৰবাৰৰ সন্ধিয়াৰ বিশেষ অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপৰি মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু সাংসদ কুইন ওজা উপস্থিত থাকে।

নামৰূপৰ সাৰ কাৰখানালৈ আহিছে ভাল খবৰ
নামৰূপ কাৰখানাৰ বাবে আছে ভাল খবৰ। নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোটৰ স্থাপন হোৱাৰ সপোন এতিয়া সাৰ্থক হোৱাৰ দিশে আগবাঢ়িছে।আজি কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগৰ মন্ত্ৰী সদানন্দ গৌড়াৰে হোৱা এক আলোচনাত উপস্থিত থকাৰ পিছতে কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত সম্ভাৱনা ব্যক্ত কৰিছে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ড০ শৰ্মাই জনাই যে চতুৰ্থটো গোটক লৈ থকা জটিলতা আঁতৰাবলৈ অসম চৰকাৰে বিনিয়োগৰ পৰিমাণ পূৰ্বৰ ১১ শতাংশৰ পৰিৱৰ্তে ২৬ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।
লগতে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত সেউজ সংকেত দিব।উল্লেখযোগ্য যে ১৯৬৯ চনৰ পৰা আৰম্ভ হোৱা কাৰখানাটোৰ ২য় আৰু ৩য় গোটৰ কাম অতি দুৰ্বলভাৱে চলি থকাৰ পিছত ৪ৰ্থটো গোট মুকলি কৰাৰ বাবে চেষ্টা চলাই থকা হৈছিল যদিও ই কাৰ্যতঃ হৈ উঠা নাছিল। কিন্তু আজি বৈঠকত বিত্তমন্ত্ৰী গৰাকীয়ে চতুৰ্থটো গোট স্থাপনৰ স্থাপনৰ সম্ভাৱনাৰ থকা কথা সদৰি কৰে।
ভিউৱাছৰ মতামত