Ministry of Electronics and information technology অধীনত MyGov. in য়ে ল’গ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে । আত্ম নিৰ্ভৰ ভাৰত অভিযানৰ অংশস্বৰূপে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে । জানিব পৰা মতে ১০ আগষ্টত প্ৰতিযোগী সকলে অংশগ্ৰহণ কৰিব পাৰিব। বিজয়ী প্ৰতিযোগীক নগদ ২৫০০০ টকা ধন ৰাশি প্ৰদান কৰিব ।ক্ৰিয়েটিভ আৰু উদ্ভাৱন মূলক ল’গক অগ্ৰাধিকাৰ দিয়া হ’ব। ইতিপূৰ্বেও স্বচ্ছ ভাৰত, লোকপাল আদি সম্পর্কত ল’গ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে।

পুৰণিগুদামৰ বিহু তলিত অ ৪ ব`হাগৰ দিনটোক ‘গছ বিহু’ হিচাপে পালনৰ আহ্বান অৰণ্য মানৱৰ
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। নগাঁও পুৰণিগুদামত ‘নাট্যম গোষ্ঠী’য়ে অনুষ্ঠিত কৰিছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ । অলপতে নাট্যম গোষ্ঠীয়ে অনুষ্ঠিত কৰা মুকলি বিহু চাবলৈ পাৰঘাটৰ বিহু তলিত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং।
উল্লেখযোগ্য যে তেখেতে পুৰণিগুদামৰ বিহু তলিত উপস্থিত হৈ ৪ ব’হাগৰ দিনটো পৰম্পৰাগত ভাৱে গছ বিহু হিচাপে পালন কৰিবলৈ নগাঁওবাসীক আহ্বান জনায়।গছৰ তলত বিহু পাতিলে নাচিবলৈ নজনা গছজোপায়েও হাঁহিব পাৰে বুলি তেখেতে মন্তব্য কৰে।
অৰণ্য মানৱ যাদৱ পায়েঙক এখনি গামোচা, এখন চেলেং চাদৰ আৰু এখন ফলকৰ জৰিয়তে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি প্ৰকৃতি তথা মানুহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ অৰ্থে কৰিবলগীয়া কৰ্ম সম্বন্ধেও পায়ঙে মন্তব্য কৰে।
ভিউৱাছৰ মতামত