এখন শুদ্ধ,সঠিক এন আৰ চি আমি বিচাৰিছো।এন আৰ চিত ১৯লাখ লোকৰ নাম বাদ পৰিছে যদিও ইয়াৰ একাংশ প্ৰকৃত ভাৰতীয়।এই মন্তব্য সাংসদ আব্দুল খালেকৰ।আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত সাংসদ গৰাকীয়ে কয় যে এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া প্ৰতীক হাজেলাই যথেষ্ট পৰিমাণে আগবঢ়াই নিছিল।তেনে এজন বিষয়াৰ দ্বাৰাহে শুদ্ধ এন আৰ চি পাব পাৰি।উল্লেখযোগ্য যে ইতিমধ্যে সাংসদ গৰাকীয়ে মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা বুলি সংবাদমেলত মন্তব্য কৰে।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত