দক্ষিণ কামৰূপৰ ৰামপুৰ মৌজাৰ বাটৰহাটত অৱস্থিত বন্ধন বেংকৰ কাৰ্যালয়ত আজি সমগ্র অঞ্চলৰ ঋণ লোৱা মহিলাৰ লগত বেংক কৰ্তৃপক্ষৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। অঞ্চলটোৰ সমাজকৰ্মী হেমন্ত কুমাৰ নাথ, ডিম্বেশ্বৰ নাথ, শাখা প্ৰৱন্ধক বিশ্বজ্যোতি কলিতা, ৰামপুৰ শাখাৰ দায়িত্বত থকা নিৰুপমা ডেকাৰ উপস্থিতিত সজাগতা সভাখনত বেংকৰ হৈ এৰিয়া মেনেজাৰ প্ৰণয় ৰয়ে বন্ধন বেংকৰ জনকল্যাণকামী আঁচনিৰ বিষয়ে বক্তব্য ৰাখে। বন্ধন বেংকৰ বৰ্তমান সুতৰ হাৰ ১৭.৯৫ শতাংশলৈ নামি অহাৰ বিষয়েও উপস্থিত ৰাইজক অৱগত কৰায়। সভাত ঋণ লোৱা মহিলাৰ ফালৰপৰা নহিৰাৰ দীপিকা ঠাকুৰীয়া, দখলাৰ নিৰ্মলা শৰ্মা, বৰটাৰীৰ বিজয়া বিবি, জিয়াকুৰৰ পূৰ্ণিমা তালুকদাৰ, সানপাৰাৰ পুতু কলিতাই বন্ধন বেংকৰ জৰিয়তে ঋণ লৈ কিদৰে স্বাৱলম্বী হব পাৰিছে তাৰ বিষয়ে নিজস্ব মন্তব্য দাঙি ধৰে। যিসকল মহিলাই বেংকৰ ঋণ লৈ পৰিশোধ কৰা নাই তেওঁলোকে পৰ্যায়ক্ৰমে আলোচনাৰ মাধ্যমেৰে ঋণ পৰিশোধ কৰিবলৈ আগবাঢ়ি অহাটো উচিত বুলি কৰ্তৃপক্ষৰ ফালৰপৰা আবেদন জনোৱা হয়। সভাত উপস্থিত থকা সাংবাদিক বিমল শৰ্মা, জিতুমনী দাস আৰু প্ৰদীপ দাসক বেংক কৰ্তৃপক্ষই ফুলাম গামোচাৰে আদৰণি জনায়।

পুৰণিগুদামৰ বিহু তলিত অ ৪ ব`হাগৰ দিনটোক ‘গছ বিহু’ হিচাপে পালনৰ আহ্বান অৰণ্য মানৱৰ
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। নগাঁও পুৰণিগুদামত ‘নাট্যম গোষ্ঠী’য়ে অনুষ্ঠিত কৰিছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ । অলপতে নাট্যম গোষ্ঠীয়ে অনুষ্ঠিত কৰা মুকলি বিহু চাবলৈ পাৰঘাটৰ বিহু তলিত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং।
উল্লেখযোগ্য যে তেখেতে পুৰণিগুদামৰ বিহু তলিত উপস্থিত হৈ ৪ ব’হাগৰ দিনটো পৰম্পৰাগত ভাৱে গছ বিহু হিচাপে পালন কৰিবলৈ নগাঁওবাসীক আহ্বান জনায়।গছৰ তলত বিহু পাতিলে নাচিবলৈ নজনা গছজোপায়েও হাঁহিব পাৰে বুলি তেখেতে মন্তব্য কৰে।
অৰণ্য মানৱ যাদৱ পায়েঙক এখনি গামোচা, এখন চেলেং চাদৰ আৰু এখন ফলকৰ জৰিয়তে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি প্ৰকৃতি তথা মানুহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ অৰ্থে কৰিবলগীয়া কৰ্ম সম্বন্ধেও পায়ঙে মন্তব্য কৰে।
ভিউৱাছৰ মতামত